নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ৰ জানুৱাৰীত ৰঞ্জি ট্রফী ক্রিকেট

নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: সমগ্র দেশজুৰি আই পি এল চলি থকাৰ সময়তে অহা বছৰৰ ঘৰুৱা ক্রিকেটৰ সূচী প্রকাশ কৰিলে ভাৰতীয় ক্রিকেট ব’র্ডে৷ দুলীপ ট্রফীৰ জৰিয়তে আৰম্ভ হ’ব আসন্ন ছিজনৰ ঘৰুৱা ক্রিকেট৷ দেশৰ সর্বোচ্চ ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী আৰম্ভ হ’ব অহা বছৰৰ জানুৱাৰীত৷ সমগ্র দেশৰ ৬টা অঞ্চলত অনুষ্ঠিত হ’বলগীয়া দুলীপ ট্রফী ২৮ জুনৰ পৰা আৰম্ভ হ’ব৷ ইয়াৰ পিছত ২৪ জুলাইৰ পৰা ৩ আগষ্টলৈ অনুষ্ঠিত হ’ব দেওধৰ ট্রফী৷ ইয়াৰ পিছতে ১ৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ইৰাণী কাপ, চৈয়দ মুস্তাক আলী ট্রফী (১৬ অক্টোবৰৰ পৰা ৬ নৱেম্বৰ) আৰু বিজয় হাজাৰে ট্রফী (২৩ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰ)৷ ছিজনৰ একেবাৰে শেষত অর্থাৎ ৫ জানুৱাৰীৰ পৰা ৰঞ্জি ট্রফী আৰম্ভ হ’ব৷ গ্রুপ পর্বৰ মেচসমূহ শেষ হ’ব ১৯ ফেব্রুৱাৰীৰ ভিতৰত৷ নকআউট পর্যায় ২৩ ফেব্রুৱাৰীৰ ১৪ মার্চপর্যন্ত অনুষ্ঠিত হ’ব৷ সমগ্র প্রতিযোগিতাখন ৭০ দিন চলিব৷ আনহাতে, মহিলাৰ ছিজন আৰম্ভ হ’ব টি–২০ চেম্পিয়নশ্বিপৰ জৰিয়তে৷ ১৯ অক্টোবৰৰ পৰা এই প্রতিযোগিতা ৯ নৱেম্বৰলৈ খেলোৱা হ’ব৷ ইয়াৰ পিছতে আন্তঃআঞ্চলিক টি–২০ ট্রফী ২৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব৷ মহিলাৰ এদিনীয়া ট্রফী ৪–২৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব৷

You might also like