নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটকধুনীয়া দ্বীপ

  • যোগেশ কলিতা

কর্মব্যস্ততাৰ মাজত আমি সকলোৱে সুন্দৰ আৰু নৈসর্গিক পৰিৱেশৰ মাজত সময় কটাবলৈ সদায় উদগ্রীৱ৷ প্রাকৃতিক পৰিৱেশৰ সুন্দৰ শোভাই আমাক সদায় আকর্ষিত কৰে৷ যিকোনো সময়ত, যিকোনো মুহূর্তত আমি ব্যস্ততাক একাষৰীয়া কৰি সাগৰৰ নীলাভ জলৰাশি, পাহাৰৰ পৰা বৈ অহা সৰু–বৰ জান–জুৰি, প্রাকৃতিক শোভাৰে পূর্ণ বিল, বিভিন্ন বন্যপ্রাণী জন্তুৰে পৰিপূর্ণ অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদিত পৰিয়ালসহ সময় কটাবলৈ অজুহাত উলিয়াই ফুৰোঁ৷ কংক্রিটৰ মহানগৰীত বা তেনে কোনো ঠাইত সময় কটাবলৈ আমি কেতিয়াও আগ্রহী নহওঁ৷ তেনে এক মনোমোহা আৰু আনন্দকৰ ঠাই যদি আমি বিচাৰোঁ, তেন্তে বিশ্বৰ বিভিন্ন প্রান্তত থকা ‘মনোমোহা’ দ্বীপসমূহৰ কথা উল্লেখ কৰিব পাৰোঁ৷ তেনে কেইটামান দ্বীপৰ বিষয়ে আলোচনা কৰা হ’ল ৷

বিশ্বৰ ধুনীয়া আৰু আনন্দময় দ্বীপৰ নাম ল’লে প্রথমতে আহে মালদ্বীপৰ কথা৷ এই দ্বীপটো এক সাগৰীয় অঞ্চল, কিন্তু ই সঁচাকৈয়ে আমাক এক সুন্দৰ আনন্দ দিব পাৰে৷ ভাৰত মহাসাগৰৰ মাজত অৱস্থিত এই দ্বীপটো অন্যতম সুন্দৰ৷ সাগৰপৃষ্ঠৰ পৰা প্রায় তিনি মিটাৰ ওপৰত অৱস্থিত এই সাগৰটো অৱসৰ বিনোদনৰ অন্যতম ঠাই হ’ব পাৰে৷ এই দ্বীপটোত আটকধুনীয়া ৰিজ’টখনৰ লগতে আপুনি মনে বিচৰা খাদ্য সম্ভাৰৰো জুতি ল’ব পাৰিব৷ বতৰ জলবায়ুৰ লগত খাপ খোৱাকৈ এই দ্বীপটো অৱস্থিত৷ ব’ৰা ব’ৰা ফ্রেণ্ডছ পলিনেছিয়া অন্যতম এটা দ্বীপ৷ দক্ষিণ সাগৰীয় অঞ্চলত অৱস্থিত এই দ্বীপটোত মাছ, বিভিন্ন ধৰণৰ খাদ্য, বিশুদ্ধ খোৱাপানী আৰু সাঁতোৰৰ ক্ষেত্রত বিভিন্ন ধৰণৰ সুবিধা আছে৷ পানীৰ ওপৰত আটকধুনীয়া ঘৰ আৰু সাগৰীয় সৌন্দর্য উপভোগৰ ক্ষেত্রত এই দ্বীপটো অন্যতম৷ ফিলিপাইনছৰ পালাৱান দ্বীপটোও বিশ্বৰ অন্যতম৷ এই দ্বীপটোৰ পৰা সাগৰৰ মাজত মাছবোৰে কিদৰে জঁপিয়ায়, সেইবোৰ অতি ওচৰৰ পৰা চোৱাৰ সুবিধা হয়৷ এই দ্বীপটোৰ ক্ষেত্রত থকা এক বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ ওচৰতে বন্যপ্রাণী চোৱাৰ লগতে এখন মাছমৰীয়া গাঁৱো দেখাৰ সৌভাগ্য হয়৷ কৰোন নামৰ এটা বিলাসী ৰিজ’টৰ পৰা প্রাকৃতিক সৌন্দর্যক অতি ওচৰৰ পৰা চোৱাৰ সৌভাগ্য হয়৷ পালাৱানত পুৱার্ট’ প্রিন্সিয়া ছাবটেৰানিয়ান ৰিভাৰ নেচনেল পার্কো ইয়াৰ লগত সংলগ্ণ হৈ আছে৷ আনহাতে, চেইছেলেছ দ্বীপটো অন্যতম চাবলগীয়া ঠাই৷ ইউনেস্কোৰ স্বীকৃতিপ্রাপ্ত এই দ্বীপটোত বিভিন্নধৰণৰ সুবিধা থকাৰ লগতে প্রাকৃতিক সৌন্দর্য অতি মনোৰম আৰু মনোমোহা৷ মাছৰ কাৰণে বিখ্যাত এই ঠাইখিনিত যিকোনো সময়তে যোৱাৰ সুবিধা আছে৷ গ্রীচৰ ছেণ্ট’ৰিনী অন্যতম এটা দ্বীপ৷ প্রাকৃতিক সৌন্দর্যক নাটকীয়ভাৱে চোৱাৰ সুবিধা থকা এই ঠাইখিনিত কবিৰ কলমৰ কেনভাছৰ দৰে এক সৌন্দর্য প্রতিফলিত হয়৷ এই দ্বীপটোৰ লগত আক্র’টিৰী আর্কিউলজিকেল ছাইট জড়িত হৈ আছে৷ দ্য কুক আইলেণ্ড দক্ষিণ সাগৰীয় অঞ্চলৰ অন্যতম এটা দ্বীপ৷ নিউজিলেণ্ডত অৱস্থিত এই দ্বীপটোৰ লগত প্রায় ১৫টামান দ্বীপ জড়িত হৈ আছে৷ ইণ্ডোনেছিয়াৰ বালিও চাবলগীয়া দ্বীপৰ ভিতৰত অন্যতম৷ ভাৰতীয় সভ্যতাৰ লগত ইণ্ডোনেছিয়াৰ পুৰণি সভ্যতাৰ মিল থকা সত্ত্বেও হিন্দু ধর্মৰ বহুতো মঠ–মন্দিৰৰ আর্হি দেখা পোৱা যায়৷ লগতে ধান খেতিৰ, বিভিন্ন ধৰণৰ খাদ্যৰ জুতি, সাঁতোৰ, বজাৰ কৰাৰ লগতে ছান বাথিঙৰ সুবিধা পোৱা যায়৷ ক্র’ৱেছিয়াৰ ডালমেটিয়ান দ্বীপটোও এড্রিয়াটিক সাগৰৰ এটা বুৰঞ্জীপ্রসিদ্ধ দ্বীপ৷ পুৰণি সুন্দৰ মিনাকৰা গাঁও আৰু অতি অত্যাধুনিক ৰেষ্টুৰেণ্ট এই দ্বীপৰ লগত সংলগ্ণ হৈ আছে৷ অষ্ট্রেলিয়াৰ ফিজিও এটা লেখত ল’বলগীয়া দ্বীপ৷ বৰফৰ ক্ষেত্রত যথেষ্ট গুৰুত্বপূর্ণ এই দ্বীপটোৰ লোকসকলে বিভিন্ন পর্যটকক সদায় বন্ধুত্বসুলভভাৱে আমন্ত্রণ কৰি আহিছে৷ মাছ মৰা, বিভিন্ন ধৰণৰ ৰাফটিং কৰাৰ সুবিধা থকা এই দ্বীপটোত খেলা–ধূলাৰো সুবিধা আছে৷ আনহাতে, পৰিয়াল–পৰিজনৰ লগতে বিভিন্ন ক্ষেত্রৰ তাৰকা চেলিব্রিটী এই দ্বীপটোৰ আলহী হয়৷ আন্ধাৰৰ মাজতো অতি সুন্দৰভাৱে জিলিকি থকা এটা দ্বীপ হৈছে ছেণ্ট লুছিয়া৷ সাগৰীয় বৃত্তৰ প্রকৃতিগত সোণালী সৌন্দর্যৰে আৱৰা এই ঠাইখিনিত পর্যটক সদায় ভর্তি হৈ থাকে৷ আটকধুনীয়া প্রাকৃতিক সৌন্দর্য সাগৰপৃষ্ঠৰ পৰা প্রায় সাতশ মিটাৰ ওপৰত থকা এই দ্বীপটোৰ সৌন্দর্যই অপৰূপ৷ নাৰিকল গছ, ধুনীয়া জলপ্রপাত, মাছমৰীয়া গাঁও আদিৰ বাবে বিখ্যাত এই ছেণ্ট লুছিয়া৷ ইটালীৰ প্রায় ২০ কিলোমিটাৰজুৰি আৱৰি থকা এটা দ্বীপ হৈছে কাপ্রি৷ গ্লেমাৰ জগতৰ বিভিন্ন তাৰকাৰ সমাহাৰ ঘটে এই দ্বীপটোত৷ এই দ্বীপটোৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াত বিভিন্ন ধৰণৰ ফুল পোৱা যায়৷ বলীউড–হলীউডৰ বিভিন্ন ছবিৰ চিত্রগ্রহণৰ বাবে এই ঠাইখিনি পৰিচালকসকলে নির্বাচন কৰে৷ থাইলেণ্ডৰ ক’ ফি ফি এটা সৰু দ্বীপ যদিও এই দ্বীপটোৰ আকর্ষণ লেখত ল’বলগীয়া৷ ২০০৪ চনত হোৱা বিধ্বংসী ছুনামিয়ে এই দ্বীপটোক কোবাই গৈছিল যদিও যথেষ্ট তৎপৰতাৰে এই দ্বীপটোৰ আগৰ সৌন্দর্য বর্তমান ঘূৰাই অনা পৰিলক্ষিত হৈছে৷ সাঁতোৰ, ৰাফটিং আদিৰ লগতে বিভিন্ন খেল–ধেমালিৰ সুযোগ–সুবিধা এই দ্বীপটোত আছে৷ অষ্ট্রেলিয়াৰ হুইটছ ছানডে দ্বীপটোও পর্যটনৰ ক্ষেত্রত অন্যতম এটা দ্বীপ৷ বিভিন্ন ধৰণৰ মানুহে অৱসৰ বিনোদনৰ ক্ষেত্রত এই দ্বীপটো নির্বাচিত কৰিব পাৰে৷ সম্পূর্ণ প্রাকৃতিক পৰিৱেশৰ মাজত থকা এই দ্বীপটোৰ লগত ৬খন ৰাষ্ট্রীয় উদ্যান সংযুক্ত হৈ আছে৷ ঐত্যাধুনিক ৰিজ’টৰ সুবিধা থকা এই দ্বীপটোত এডভেঞ্চাৰ ট্যুৰৰো সুবিধা বিদ্যমান৷ ইটালীৰ ছার্ডিনিয়া দ্বীপটোও এটা চাবলগীয়া দ্বীপ৷ সংস্কৃতি আৰু পুৰাতত্ত্ব খননৰ বিভিন্ন সমলেৰে পূর্ণ এই দ্বীপটোত বিভিন্ন চাবলগীয়া ঠাই আছে৷ সম্পূর্ণ সেউজীয়া পৰিৱেশৰ মাজত থকা এই দ্বীপটো ইউৰোপৰ দ্বীপসমূহৰ ভিতৰতে বৃহৎ দ্বীপ হিচাপে পৰিগণিত হৈ আছে ৷

You might also like