নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৈলক্ষেত্রৰ অধিকাৰ প্রতিষ্ঠাৰ যুগান্তকাৰী পদক্ষেপ

  • ভূষণ মালী

ৰাজ্য চৰকাৰৰ দ্বিতীয় বর্ষপূর্তি৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্বভাৰ লৈয়ে অর্থনৈতিকভাৱে অসমক স্বাৱলম্বী কৰাৰ জল্পনা–কল্পনা আৰু দূৰদর্শিতা দেখি দুষাৰ চমুকৈ নিলিখাকৈ থাকিব নোৱাৰিলোঁ৷ বিগত চাৰিটা দশকত অসমৰ তৈলক্ষেত্রৰ ওপৰত কোনো এজন মুখ্যমন্ত্রীয়ে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্যভাৰ গ্রহণ কৰিয়েই তৈল উদ্যোগৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গ’ল৷ এক বুজন পৰিমাণৰ ৰাজহ তৈল উদ্যোগৰ পৰা যে আহৰণ হয়, সেই কথা তেওঁ বিত্তমন্ত্রীৰ দায়িত্বত থাকোঁতেই বুজি পাইছিল৷ অসমক যদি দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ শাৰীত স্থান দিব লগা হয়, তেনেহ’লে তৈলক্ষেত্র আৰু শক্তিখণ্ডৰ ওপৰত চৰকাৰে অধিক মনোনিৱেশ কৰিব লাগিব বুলি তেওঁ হাডে–হিমজুৱে বুজি পাইছে৷ সেয়ে ড০ হিমন্ত বিশ্ব শর্মাই কার্যভাৰ লৈয়ে নুমলীগড শোধনাগাৰৰ বর্তমানৰ উৎপাদন ক্ষমতা3MMTPA (মিলিয়ন মেড্রিকটন প্রতিবছৰ)ক9 MMTPAলৈ বৃদ্ধি কৰাৰ কাৰণে অইল ইণ্ডিয়াই লোৱা পদক্ষেপলৈ সঁহাৰি জনাই অসম চৰকাৰে ২৬ শতাংশ অংশীদাৰিত্ব লোৱাৰ কথা ঘোষণা কৰে৷ অইল ইণ্ডিয়া, তেল আৰু প্রাকৃতিক গেছ আয়োগ আৰু ভাৰতীয় তেল নিগমৰ ঊর্র্ধ্বতন কর্তৃপক্ষৰ লগত বৈঠকত মিলিত হৈ খাৰুৱা তেলৰ উদ্ঘাটন, উৎপাদন আৰু শোধন বৃদ্ধি কৰিবলৈ অসম চৰকাৰৰ পৰা সকলোধৰণৰ সহায়–সহযোগ আগবঢ়াব বুলি আশ্বাস দিয়ে৷
বর্তমান অসমত4.5 MMTPA (বছৰি মিলিয়ন মেড্রিকটন) খাৰুৱা তেল অইল ইণ্ডিয়া আৰু অ’ এন জি চিয়ে উৎপাদন কৰি আছে যদিও অসমৰ চাৰিটা শোধনাগাৰত প্রয়োজন হয়7 MMT৷ বর্তমান অসমত উৎপাদিত খাৰুৱা তেলৰ দ্বাৰা শোধনাগাৰকেইটাৰ চাহিদা পূৰণ কৰিব নোৱাৰাত2.35 MMTPA উৎপাদন সামর্থ্যৰ বঙাইগাঁও শোধনাগাৰত আমদানিকৃত খাৰুৱা তেল ব্যৱহাৰ কৰা হৈছে৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দেশৰ অন্য ৰাজ্যত থকা কোনো এটা শোধনাগাৰৰ উৎপাদন ক্ষমতা6 MMTPAৰ তলত নাই৷ বর্তমান অসমক বাদ দি ভাৰতৰ বিভিন্ন অঞ্চলত থকা শোধনাগাৰবোৰৰ উৎপাদন ক্ষমতা6 MMTৰ পৰা ক্রমে9MMT আৰু15MMTলৈ সম্প্রসাৰণৰ কাৰণে নির্মাণকার্য চলি আছে৷ গুজৰাটৰ জামনগৰত থকা ৰিলায়েঞ্চ শোধনাগাৰৰ27 MMTৰ পৰা33 MMTলৈ সম্প্রসাৰণৰ কাম চলি আছে৷ বৃহৎ আকাৰৰ শোধনাগাৰ থকা ৰাজ্যকেইখনে প্রত্যক্ষভাৱে বুজন পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সমর্থ হৈছে৷ গোলকীয় অর্থনৈতিক সন্ধিক্ষণত বর্তমান উৎপাদন ক্ষমতা বছৰি6 MMT কম হোৱা শোধনাগাৰ অর্থনৈতিকভাৱে বর্তি থাকিব নোৱাৰে(Economically not viable)৷ পৰিতাপৰ বিষয় যে অসমত থকা এছিয়াৰ ভিতৰত প্রথম ডিগবৈ শোধনাগাৰৰ উৎপাদন ক্ষমতা বছৰি মাত্র0.65 MMT আৰু ৰাজহুৱা খণ্ডৰ প্রথম গুৱাহাটী শোধনাগাৰৰ উৎপাদন ক্ষমতা বছৰি1 MMT৷ কেন্দ্রীয় আবকাৰী শু 50 শতাংশ ৰেহাই দিয়াতহে এই শোধনাগাৰ দুটা জীয়াই আছে৷ অৱশ্যে বঙাইগাঁও আৰু নুমলীগড শোধনাগাৰেও এই সুবিধা পাইছে৷
এতিয়া নুমলীগডৰ শোধনাগাৰটোত অইল ইণ্ডিয়াই ৬১ শতাংশ আৰু অসম চৰকাৰে26 শতাংশ অংশীদাৰিত্ব লৈ উৎপাদন ক্ষমতা3 MMTৰ পৰা9 MMTলৈ বৃদ্ধি কৰিবলৈ গ’লে অইল ইণ্ডিয়াই খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি কৰিব লাগিব অথবা আমদানিকৃত খাৰুৱা তেল ব্যৱহাৰ কৰিব লাগিব৷ খাৰুৱা তেল আমদানি কৰিলে অসম চৰকাৰৰ বিশেষ লাভ নহ’ব৷ ১০০ৰো অধিক সিঁচৰতি হৈ থকা তৈলক্ষেত্রৰ পৰা উৎপাদন বৃদ্ধিৰ প্রচুৰ সম্ভাৱনা থকা বাবে অইল ইণ্ডিয়াক অধিক ক্ষমতা হস্তান্তৰ কৰিবলৈ প্রধানমন্ত্রী মোদীলৈ ইতিমধ্যে মুখ্যমন্ত্রীয়ে পত্র প্রেৰণ কৰা বুলি জানিব পাৰিছোঁ৷ আগৰ চৰকাৰৰ তুলনাত বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কথা দিল্লীয়ে মানিব বুলি আমাৰ দৃঢ় বিশ্বাস৷ আনহাতে, অসমৰ বাবে সুখবৰ যে কেন্দ্রীয় চৰকাৰৰ পেড্র’লিয়াম দপ্তৰ মন্ত্রী ৰামেশ্বৰ তেলীক অর্পণ কৰিছে৷ এনে এটা সুযোগতে তৈলখণ্ডৰ ওপৰত অভিজ্ঞতা থকা ৰামেশ্বৰ তেলী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ তৈল উদ্যোগলৈ আমূল পৰিৱর্তন আনিব পাৰিব বুলি আমাৰ বিশ্বাস৷ এই তৈলক্ষেত্রৰ পৰা অকল ৰাজহ সংগ্রহে নহয়, প্রত্যক্ষ আৰু পৰোক্ষভাৱে এক লাখৰো অধিক লোকে জীৱিকাৰ পথ পাইছে৷
কর্মদক্ষতাৰ পৰিচয় দিয়া মুখ্যমন্ত্রী ড০ শর্মাই নিজৰ বুদ্ধিমত্তাৰে অসমৰ তৈল উদ্যোগৰ বিকাশৰ ক্ষেত্রত যি প্রচেষ্টা হাতত লৈছে, আমি সকলোৱে সহযোগ কৰা উচিত৷ তৈলখণ্ডৰ লগতে শক্তিখণ্ড স্বাৱলম্বী হ’বলৈ হ’লে তেল আৰু প্রাকৃতিক গেছ আয়োগৰ(ONGC) উৎপাদিত প্রাকৃতিক গেছেৰে বিদ্যুৎ উৎপাদন কৰাৰ প্রচুৰ সম্ভাৱনা যিহেতু আছে, মুখ্যমন্ত্রী ড০ শর্মাই নিশ্চয় চিন্তা–চর্চা কৰিছে৷
অসমক শ্রেষ্ঠ ৰাজ্যৰ শাৰীলৈ উন্নীতকৰণৰ পৰিকল্পনা কৰি ক্ষিপ্রগতিৰে সকলো বিভাগতে মন্ত্রী–আমোলাক হাতে–কামে লাগিবলৈ নীতি–নির্দেশনাৰে বাধ্য কৰা দেখিলোঁ৷ অপৰাধ জগতৰ লগত জডিত হৈ থকা ড্রাগ্ছ মাফিয়া, ভূ–মাফিয়া, সুৰা মাফিয়া, চোৰাং গৰু মাফিয়া, কয়লা মাফিয়াকে ধৰি সকলো বিভাগত দুর্নীতি–ভ্রষ্টাচাৰ নির্মূল কৰিবলৈ গৃহ বিভাগ আৰু প্রশাসন যন্ত্র তৎপৰতাৰে আগবাঢ়িছে৷ অদ্যাপি দুর্নীতিকে ধৰি বিভিন্ন অপৰাধমূলক কাম–কাজ ৰোধ কৰিব পৰা নাই যদিও বিভাগীয় অভিযানসমূহ অব্যাহত থাকিলে এশ শতাংশ নহ’লেও বহু অপৰাধ নিয়ন্ত্রণ হ’ব বুলি আশা কৰিব পাৰি৷ বিগত দুটা বছৰত প্রায়বোৰ বিভাগতে অনলাইনযোগে প্রশাসনক জনসাধাৰণৰ অধিক কাষ চপাই নিয়াৰ বহু প্রশাসনিক সংস্কাৰৰ কাম আৰম্ভ কৰিছে৷ আগৰ চৰকাৰবোৰে এই সমস্যাৰ ওপৰত গৌণ আৰু শিথিলতা অৱলম্বন কৰি আহিছিল৷
অইল ইণ্ডিয়া, তেল আৰু প্রাকৃতিক গেছ আয়োগ আৰু ভাৰতীয় তেল নিগমে সুকলমে কাম কৰিবলৈ হ’লে উগ্রপন্থী, তেল চোৰ মাফিয়া আৰু হঠাৎ পেড্রিয়ট তথাকথিত এচাম জাতীয় সংগঠনে যি হেঙাৰ সৃষ্টি কৰি আহিছে, চৰকাৰে সেইবোৰ নিয়ন্ত্রণ কৰিব লাগিব৷ খাৰুৱা তেলৰ পাইপ লাইন কাটি তেল চুৰ কৰা লবীটো নির্মূল কৰিবলৈ পদক্ষেপ লোৱা চকুত পৰা নাই৷ তেলচোৰ লবীটোত প্রভাৱশালী ব্যক্তি জডিত থকা বুলি বহুদিনৰ পৰা শুনি আহিছেছা৷ সময়ে সময়ে এই চৌর্যবৃত্তিৰ কাৰণে খাৰুৱা তেলৰ পাইপ লাইনত জুই লগাত কোটি কোটি টকাৰ খাৰুৱা তেলৰ অপচয় হোৱাৰ উপৰি প্রকৃতি আৰু পৰিৱেশৰ ক্ষেত্রত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ চৰকাৰৰ উন্নয়নমূলক কাম–কাজৰ লগতে তৈলক্ষেত্রৰ কামত বাধা দিবলৈ এটা স্বার্থান্বেষী মহলে সদায় সুযোগ বিচাৰি থাকিব৷ বাঘজানৰ দৰে তৈলক্ষেত্রত যাতে পুনৰাবৃত্তি নহয়, কর্তৃপক্ষই সাৱধানতা অৱলম্বন কৰিব লাগিব৷ অ’এনজিচি, অইল ইণ্ডিয়া আৰু ভাৰতীয় তেল নিগমে সামূহিক কল্যাণ শিতানৰ পুঁজিৰে আগবঢ়োৱা অৱদান আমি পাহৰিব নোৱাৰিম৷
বর্তমান অসমত বিদ্যুৎ বিভাগত মুখ্যমন্ত্রীগৰাকীয়ে আমূল পৰিৱর্তন আনিবলৈ কিছু সক্ষম হৈছে৷ ২০১৯–২০ চনলৈ লোকচান ভৰি অহা বিভাগটোৱে ২০২১ৰ কেবিনেটৰ সিদ্ধান্ত মর্মে ৮,৭২৭ কোটি টকা শক্তিখণ্ডত বিনিয়োগ কৰি প্রতিবছৰে লোকচানৰ মুখ দেখি অহা বিভাগটোৱে ২০২১–২২ চনত ৪৫০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে৷ এইটো সম্ভৱ হৈছে ক্ষিপ্রগতিত ৰাজহ সংগ্রহৰ বাবে৷ বিদ্যুৎ চুৰি ৰোধ, ডিজিটেল পদ্ধতিত সহজ উপায়েৰে বিল আদায়, অবৈধ বিদ্যুৎ সংযোগ বিলুপ্ত, স্মার্ট মিটাৰ স্থাপন, বিভাগীয় অপচয় ৰোধ আদি নতুন সংস্কাৰ ৰূপায়ণ কৰি বিদ্যুৎ বিভাগত এটা পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ অৱশ্যে গ্রাহকৰ ওপৰত অতিৰিক্ত মূল্য বৃদ্ধি কৰি লাভ কৰাটো মুখ্য বুলি ক’ব লাগিব৷
বিগত দুটা বছৰত শ শ সমস্যাৰে জর্জৰিত ৰাজ্যখনত যিখিনি কাম খৰতকীয়াকৈ, বিশেষকৈ বানপানী, শিক্ষা, স্বাস্থ্য, খোৱাপানী, উগ্রপন্থী, বেদখল উচ্ছেদ, যাতায়াতৰ সমস্যা, আন্তঃৰাজ্যিক সীমা সমস্যাৰ উপৰি দৈনন্দিন মুখামুখি হোৱা সমস্যাসমূহৰ মোকাবিলা কৰিবলৈ দৃঢ় পদক্ষেপ ল’লে৷ ৰাজনৈতিকভাৱে দিল্লী–দিছপুৰ শক্তিশালী নহ’লে এই সমস্যা সমাধান কৰা অসম্ভৱ বুলি নিশ্চিত হৈছিল৷ সেয়ে হয়তো কঠোৰ পৰিশ্রমেৰে পাকৈত ৰাজনীতিজ্ঞ তথা দূৰদর্শিতাৰ পৰিচয় দি ৰাজ্যখনৰ লগতে সর্বভাৰতীয় ৰাজনৈতিক প্রেক্ষাপটত এটা সুবিধাজনক স্থান লাভ কৰিবলৈ সমর্থ হৈছে৷ আর্থিক অভাৱত ৰাজ্যখনত যাতে উন্নীতকৰণ স্থবিৰ হ’ব লগা নহয়, সেই উদ্দেশ্য আগত ৰাখি কেন্দ্রীয় চৰকাৰৰ লগতে বিত্তীয় অনুষ্ঠান–প্রতিষ্ঠানৰ্ পৰা আর্থিক সাহায্য আৰু ঋণ লোৱাৰ সুবিধা হোৱাকৈ অর্থনৈতিক বিপ্লৱ গঢ়ি তুলিলে৷ বর্তমান চৰকাৰে যোৱা বিধানসভাত উত্থাপিত তথ্য মতে প্রায় ৯৫ হাজাৰ কোটি টকা ঋণৰ বোজা ল’ব লগা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই ঋণৰ টকা মুখ্যতঃ দুটা শিতানত খৰচ কৰা দেখা গৈছে৷ এটা উৎপাদন আৰু আনটো অনুৎপাদন শিতানত৷ উৎপাদনতকৈ অনুৎপাদন শিতানত দুগুণ খৰচ ধার্য কৰা দেখা গৈছে৷ অনুৎপাদন শিতানৰ খৰচ আকৌ দুটা ভাগত বিভক্ত কৰা দেখা গৈছে৷ দক্ষ–চিন্তাশীল মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ সুবিধার্থে এটা আন্তঃগাঁথনিৰ আৰু এটা মানৱ সম্পদৰ সদ্ব্যৱহাৰ কৰা কার্যত ব্যৱহাৰ কৰা দেখা গৈছে৷ ঋণ লৈ হ’লেও দায়িত্বশীল মুখ্যমন্ত্রীগৰাকীয়ে মানৱ সম্পদৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গ’ল৷ মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনিৰ জৰিয়তে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি উপকৃত কৰা, এক লাখ নিবনুৱাক কর্মসংস্থাপনৰ ব্যৱস্থা কৰা আদি বহুতো আঁচনি হাতত লৈ সামগ্রিকভাৱে ৰাজ্যখনত আশাৰ ৰেঙনি আনিবলৈ কিছু সক্ষম হৈছে৷ এইখিনিতে বিৰোধী তথা একশ্রেণী সচেতন মহলে মানৱ সম্পদৰ উন্নীতকৰণৰ নামত ঋণ লৈ খৰচ কৰাটোক সহজভাৱে ল’ব পৰা নাই৷ গতিশীল মুখ্যমন্ত্রীগৰাকীয়ে কিন্তু জিডিপিৰ ওপৰত ঋণ লোৱাৰ যুক্তি সুন্দৰভাৱে দাঙি ধৰিছে যদিও সাধাৰণ লোকে কি হ’ব, ঢুকি পোৱা নাই৷ বৌদ্ধিক মহলে এই বৃহৎ ঋণৰ বোজা জনতাৰ ওপৰত পৰিব পাৰে বুলি নিশ্চিত আৰু নিত্যব্যৱহার্য সামগ্রীৰ দামবৃদ্ধিৰ আশংকা প্রকাশ কৰিছে৷ জনসংখ্যা বৃদ্ধি অনুপাতে উৎপাদনৰ তাৰতম্য হ’লে দামবৃদ্ধি হোৱাটো স্বাভাৱিক৷ জনসাধাৰণৰ সহনশীলতাৰ প্রতি লক্ষ্য ৰাখিহে যাতে দামবৃদ্ধি কৰে, তাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে সফলতাৰ মাপকাঠী অটুট ৰাখিব পাৰিব বুলি আমাৰ বিশ্বাস আছে৷
বিভিন্ন জাতি–জনগোষ্ঠীৰে গঠিত ৰাজ্যখনৰ সমবিকাশৰ বাবে লোৱা শ শ আঁচনিৰ কাম আৰম্ভ কৰিছে৷ বিফলতাৰ কথা অহা নাই যদিও আমোলা–বিষয়াৰ গাফিলতিৰ বাবে কিছুমান আঁচনিত জবাবদিহি হ’ব লগা হৈছে৷ বিগত দুটা বছৰত মানৱ সম্পদ সৃষ্টি কৰা আৰু প্রাকৃতিক সম্পদ চিনি পোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পাৰিলে দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্যত স্থান লাভৰ সপোন পূৰণ কৰাটো অসম্ভৱ যেন নালাগে৷
গণতান্ত্রিক দেশত বিৰোধীৰ লগত প্রতিদ্বন্দ্বিতা হোৱাটো স্বাভাৱিক কথা৷ বিৰোধী শক্তিশালী হ’লে গণতন্ত্র ৰক্ষাৰ বাবে মংগল৷ বিৰোধীয়ে সদায়ে শাসকীয় দলৰ সফলতাতকৈ বিফলতা বেছি দেখে আৰু জনসাধাৰণক পতিয়ন নিয়াবলৈ চেষ্টা কৰে৷ আম আদমী পার্টীৰ মুখিয়াল তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে অসমলৈ আহি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ কেৱল বিফলতাৰ সমালোচনা কৰি গ’ল৷ ৬৯ শতাংশ কৃষিপ্রধান অসমখনৰ কথা তেওঁ নজনাকৈ, নদ–নদীৰ বানপানী, গৰাখহনীয়া নেদেখাকৈ দেশৰ ৰাজধানী দিল্লীৰ লগত তুলনা কৰাটো হাস্যকৰ মাথোন৷
আধ্যাত্মিক জ্ঞানেৰে বাক্পটু মুখ্যমন্ত্রী ড০ শর্মা বর্তমান অকল অসমৰে নহয়, উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ এজন শীর্ষস্থানত থকা ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সমর্থ হৈছে৷ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী দিল্লীত উদ্যাপন কৰি আৰু আমাৰ বাপতিসাহোন ৰঙালী বিহুৰে অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচিত কৰাই অসমক গৌৰৱান্বিত কৰিলে৷ ইতিবাচক দৃষ্টিৰে চালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দুবছৰৰ কার্য পর্যালোচনা কৰিলে এজন সফল মুখ্যমন্ত্রী বুলি ক’লেও বঢ়াই কোৱা নহয়৷

You might also like