দুবছৰত নতুন নিযুক্তি আৰু আস্থাৰ প্রত্যাৱর্তন
- অৰূপ বৰপূজাৰী
ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে কার্যকালৰ প্রথম দুটা বছৰ অতিক্রম কৰিলে৷ দুটাকৈ বছৰ বা ৭৩০ দিন বহুক্ষেত্রত এক দীঘলীয়া সময়৷ এনেকুৱা দুটা বছৰৰ ভিতৰতেহ শিশু একোটাহ ভূমিস্থ হোৱাৰ পৰা দৌৰিব পৰা হয়গৈ এহ দুটা বছৰৰ ভিতৰতে শিশুৰে জীৱনত প্রথমবাৰৰ কন্দাৰ পৰা আৰম্ভ কৰি একপ্রকাৰ ভালদৰে কথা ক’ব পৰা হয়গৈ৷
অৱশ্যে সমগ্র ৰাজ্য এখনৰ দায়িত্বত থকা চৰকাৰ একোখনৰ বাবে এনেকুৱা দুটা বছৰক খুব এটা দীঘলীয়া সময় বুলি ক’ব নোৱাৰি৷ যদিও দুটাকৈ বছৰৰ অর্থ হৈছে চৰকাৰখনৰ পাঁচবছৰীয়া মুঠ কার্য কালটোৰ পাঁচভাগৰ দুভাগ, তথাপি চৰকাৰখনৰ সামগ্রিক মূল্যাংকন কৰিব পৰাকৈ এহ সময়ছোৱা যথেষ্ট নহয়৷ অৱশ্যে অন্তর্ৱর্তীকালীন একধৰণৰ মূল্যাংকন নিশ্চয় কৰিব পাৰি৷ আৰু এহ অন্তর্ৱর্তীকালীন মূল্যাংকনৰ আধাৰতে ক’ব পাৰি যে এহপর্যন্ত চৰকাৰখনে সফলতাৰ বাটেৰেহ আগবাঢ়িছে৷ যদি এহ বাটেৰেহ আগবাঢ়ি গৈ থাকে, তেনেহ’লে ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰখনৰ প্রথমটো কার্যকাল নিঃসন্দেহে এক সফল কার্যকাল৷
পিছে এহখিনি নিশ্চয় প্রশ্ণ ডত্থাপন হয় কিহত সফল হ’ল হিমন্ত বিশ্ব শর্মা চৰকাৰ৷ আমাৰ দৃষ্টিত চৰকাৰখন প্রাথমিকভাৱে সফল হৈছে এক আস্থা, বিশ্বাস আৰু আত্মবিশ্বাসৰ পৰিৱেশ ঘূৰাহ অনাত ভাৰতীয় জনতা পার্টীৰ দ্বিতীয়টো কার্যকাল আৰু ড০ হিমন্ত বিশ্ব শর্মা দ্বি–বর্ষৱর্তী সময়ত বিশেষকৈ যুৱপ্রজন্মৰ মাজত আস্থা আৰু আত্মবিশ্বাসৰ পৰিৱেশ ঘূৰাহ আনিব পৰাটো চৰকাৰখনৰ এক সুদূৰ প্রসাৰী সফলতা হিচাপে পৰিগণিত হৈ ৰ’ব আগন্তুক বহুদিনলৈ৷ আৰু এহ কাম সম্ভৱ হৈছে এক স্বচ্ছ প্রক্রিয়াৰ মাজেৰে চৰকাৰী চাকৰিত হোৱা নিকা নিযুক্তিৰ জৰিয়তে৷ হয়াৰ পূর্বে শিক্ষামন্ত্রী হৈ থকা অৱস্থাতে হাজাৰ হাজাৰ যুৱক–যুৱতীক টেট শিক্ষক–শিক্ষয়িত্রীৰূ সম্পূর্ণ দুর্নীতিমুক্তভাৱে নিযুক্তি দি ড০ শর্মাহ নিযুক্তিৰ ক্ষেত্রখনলৈকেহ এলানি বৈপ্লৱিক পৰিৱর্তন আনিছিল৷ এটা সময়ত অসম্ভৱ যেন লগা কিছুমান কাম সম্ভৱ হৈছিল৷ এহবাৰ নিজে মুখ্যমন্ত্রী হোৱাৰ পিছত এহপর্যন্ত প্রায় ১ লাখ (২০২২–২৩ চনৰ ১৬ মার্চত বিত্তমন্ত্রীৰ বাজেট ঘোষণাত ডল্লেখ কৰা মতে প্রায় ৫০,০০০ টা, ১৫ মার্চ ২০২৩ খানাপাৰা ২৩,০০০ ঠিক তেনেদৰে যোৱা ৩ আৰু ৪ মে’ তাৰিখে প্রায় ২৪,০০০) নতুন নিকা নিযুক্তিৰে ড০ শর্মাহ প্রশাসনিক স্বচ্ছতাৰ যেন এক নতুন নজিৰ গঢ়িলে৷
এসময়ত দুর্নীতিৰ বোকাৰে পংকিল হৈ পৰা৷ চৰকাৰী নিযুক্তিৰ ক্ষেত্রখনৰ যি এহ পৰিষ্কৰণ, সেহ পৰিষ্কৰণ অভিযানে এতিয়া যুৱপ্রজন্মলৈ আশাৰ সঞ্জীৱনী কঢ়িয়াহ আনিছে৷ ডৎকোচ নিদিলে কোনো চৰকাৰী কামেহ নোহোৱা, বৃহৎ মাত্রাৰ ডপটোকন দিব নোৱাৰিলে পৰীক্ষাত প্রাপ্ত নম্বৰৰ তালিকা অর্থহীন হৈ পৰা পৰিৱেশৰ মাজত হতাশ, দিশহাৰা মেধাৱী যুৱপ্রজন্মক নতুন সঞ্জীৱনী দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এহ নিযুক্তি অভিযানে৷ জীৱনত হতাশাৰ পাহাৰ দাঙিবলৈ বাধ্য হৈ থকাসকলক এক বিশাল আশাৰ ৰেঙনি দেখুৱাহছে নিযুক্তিৰ শেহতীয়া পৰিৱেশে৷ এহখিনিতে মনত পৰে বিগত শতিকাৰ নব্বৈৰ দশকৰ শেষৰ বছৰকেহটা আৰু এহ শতিকাৰ প্রথম প্রায় ডেৰটা বছৰলৈ অসমৰ সমাজ জীৱনৰ অন্যতম দুঃসময়৷ চৌপাশে ছালফাৰাজ, গুপ্তহত্যাৰ বিভীষিকা৷ অনিশ্চয়তাৰ মানুহৰ জীৱন৷ কোনোবাহ যেন কাঢ়ি লৈ গৈছে জীয়াহ থকাৰ অধিকাৰো৷ ডশাহ ল’বলৈকো ভয়৷ তেনে এক পৰিৱেশৰ মাজতে প্রথমবাৰলৈ অসমৰ শাসনভাৰ তৰুণ গগৈয়ে নিজৰ হাতত লৈছিল৷ শাসকপক্ষৰ তথা সমগ্র অসমৰ এগৰাকী শক্তিশালী ৰাজনীতিকৰূপে আৱির্ভাৱ ঘটিছিল আজিৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷ তাৰ পাছত ডভয়ৰে প্রচেষ্টাত পৰিৱর্তন আহিছিল৷ গুপ্তহত্যা অনিশ্চয়তা, বিভীষিকাৰ অন্ত পৰিছিল৷ অন্ত পৰিছিল শ্বাসৰূদ্ধকৰ পৰিৱেশৰ জীৱনৰ নিশ্চিতি আহিছিল, মানুহে ডশাহ ল’ব পৰা হৈছিল৷ তেনে এক যুগান্তকাৰী পৰিৱর্তন এহবাৰ আনিবলৈ ড০ হিমন্ত বিশ্ব শর্মাহ সক্ষম হ’ল যুৱপ্রজন্মৰ মাজলৈ ৷ যুৱপ্রজন্মৰ মাজলৈ আকৌ এহ বিশ্বাস ঘূৰি আহিল আৰু যে মেধাৰ মূল্য আছে, নম্বৰৰ দাম আছে, পৰিশ্রমৰো সুফল আছে৷ যুৱপ্রজন্মৰ মনঃস্তত্ত্বলৈ অহা এহ পৰিৱর্তন একপ্রকাৰ যুগান্তকাৰী হোৱাৰ লগতে বৈপ্লৱিকো, কাৰণ এনে পৰিৱর্তনে সামগ্রিকভাৱে সমগ্র সমাজখনৰ গতিশীলতাৰ ওপৰতেহ প্রভাৱ পেলায়৷ এক নিষ্কর্মা, নিবনুৱা আৰু হতাশাগ্রস্ত যুৱপ্রজন্মক লৈ কোনো সমাজ আগবাঢ়িব নোৱাৰে৷ তেনে সমাজ স্থবিৰ হৈ ৰ’বলৈ বাধ্য৷ ড০ হিমন্ত বিশ্ব শর্মাহ শেহতীয়া নিযুক্তি প্রক্রিয়াসমূহৰ জৰিয়তে তেনে স্থবিৰতাৰ ওপৰতো আঘাত হানিছে৷
অৱশ্যে এহখিনিতে এটা কথাও লক্ষণীয়৷ নিযুক্তিত দুর্নীতি নোহোৱা কৰাটো হমান সহজ নহয়৷ দুর্নীতিৰ শিপা আমাৰ সমাজৰ বহুত গভীৰলৈকে সোমাহ আছে৷ প্রশাসনৰ প্রতিটো স্তৰতে খোপনি লৈ আছে দুর্নীতিৰ সদাগৰসকলে৷ এনে অৱস্থাত দুর্নীতিৰ হক’ছিষ্টেমটো সুপ্ত হৈ থাকিব পাৰে, চিৰদিনৰ কাৰণে লুপ্ত হৈ নাযায়৷ এনে অৱস্থাত ড০ হিমন্ত বিশ্ব শর্মাৰ দুর্নীতি বিৰোধী অভিযান, প্রশাসনিক পৰিষ্কৰণ আৰু সংস্কাৰ অভিযান, নিকা নিযুক্তিৰ অভিযান হৈ থাকিব লাগিব এক নিৰৱচ্ছিন্ন প্রচেষ্টা৷ এহক্ষেত্রত সামান্যতম শিথিলতা আহি পৰিলেও দুর্নীতিৰ হক’ছিষ্টেমটো পুনৰ সক্রিয় হৈ ডঠিব৷ তেনে অৱস্থাত যুৱপ্রজন্মৰ মাজলৈ আকৌ ডভতি আহিব হতাশ আৰু অনিশ্চয়তাৰ ভয়ংকৰ যুগটো ৷ অৱশ্যে আমি আশাবাদী, তেনে নিৰাশাৰ যুগ এটাৰ প্রত্যাৱর্তন হিমন্ত বিশ্ব শর্মাৰ দিনত কেতিয়াও সম্ভৱ নহ’ব৷