নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাৰোগেচীৰ অবৈধ ব্যৱসায় চলাইছিল নেকি ডাঃ সংগীতা দত্তৰ ব্যক্তিগত সহায়কে?

  • লাল গণেশৰ ভাৰাঘৰত কাৰ সহযোগত উৎপলাই চলাইছিল এই ব্যৱসায়
  • ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ গ্রাহকলৈ যোগান ধৰিছিল সন্তান

 

নিয়মীয়া বাৰ্তা, ১২ মে’: শিশু নির্যাতনৰ গোচৰত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক গ্রেপ্তাৰ কৰাৰ পিছত কেতবোৰ ভয়াৱহ তথ্য আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে৷ পাশৱিক নির্যাতনৰ চিকাৰ হোৱা চিকিৎসক দম্পতীৰ দুই কণমানি তোলনীয়া সন্তান তেওঁলোকে ক’ৰ পৰা লাভ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ আনকি ডাঃ সংগীতায়ো নাজানে কণমানি শিশু দুটি কাৰ৷ আৰক্ষীৰ জেৰাত ডাঃ দত্তই এই কথা স্পষ্টভাৱে প্রকাশ কৰিছে৷ কেৱল ছাৰোগেচীৰ বাবে যোগাযোগ কৰা এগৰাকী মহিলাই ২০১৯ চনত সন্তান দুটি তেওঁক গতাই দিছিল বুলি ডাঃ দত্তই উল্লেখ কৰিছে৷

ইয়াৰ মাজতে সন্তান যোগানৰ এক অবৈধ ব্যৱসায় ৰাজ্যত গঢ় লৈ উঠিছে নেকি তাক লৈও আন এক ৰহস্যৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত সংগীতা দত্তৰ ব্যক্তিগত সহায়ক উৎপলা বসু নামৰ মহিলাগৰাকীৰ নাম সাঙোৰ খাই পৰিছে৷ দুই চিকিৎসক গ্রেপ্তাৰ হোৱাৰ পিছতে আত্মগোপন কৰি থকা উৎপলা বসুৰ বহু কাহিনী পোহৰলৈ আহিছে৷ ২০১৮ চনৰ জুনৰ পৰা ২০২১ চনৰ জুলাইলৈকে লাল গণেশত এটা ভাৰাঘৰ লৈ ছাৰোগেচীৰ ব্যৱসায় চলাইছিল উৎপলা বসুৱে৷ এই কথা সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰিছে লাল গণেশৰ ভাৰাঘৰৰ মালিক উমা শংকৰ আচার্যই৷ তেওঁ প্রকাশ কৰা অনুসৰি ভাৰা লোৱাৰ সময়ত ছাৰোগেচীৰ বাবে ঘৰটো ব্যৱহাৰ কৰা হ’ব বুলি উৎপলাই স্পষ্টভাৱে প্রকাশ কৰিছিল৷

এই প্রসংগত তেওঁ কয়– ‘তিনি বছৰৰ বাবে উৎপলা বসুৱে ভাৰাঘৰটো লৈছিল৷ মই সেই সময়ত তেওঁ কিহৰ কাৰণে ঘৰটো ভাৰাত ল’ব বিচাৰিছে সেয়া সুধিছিলোঁ, তেতিয়া তেওঁ ছাৰোগেচীৰ কাৰণে লোৱা বুলি কৈছিল৷ ছাৰোগেচীৰ বাবে মহিলাসকলৰ ইয়াত যত্ন লোৱা হৈছিল৷ সন্তান জন্ম হোৱাৰ পিছত সেয়া গ্রাহকক দিয়া হৈছে৷ অসমৰ বিভিন্ন প্রান্তৰ উপৰি মণিপুৰ, অৰুণাচল আদিকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা উৎপলাৰ গ্রাহকসকল আহিছিল৷’ এইক্ষেত্রত মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত হাস্পতালৰ আই ভি এফ চেণ্টাৰৰ সহায়ত উৎপলাই ছাৰোগেচীৰ ব্যৱসায় কৰিছিল বুলিও আচার্যই সদৰী কৰিছে৷ ইয়াৰ লগে লগে উৎপলাই চিকিৎসক দম্পতীকো সন্তান দুটা অবৈধভাৱে যোগান ধৰিছিল নেকি বুলিও প্রশ্ণৰ উত্থাপন হৈছে৷ কিয়নো, ডাঃ সংগীতা দত্তই স্পষ্টভাৱে আৰক্ষীৰ আগত প্রকাশ কৰিছে যে ছাৰোগেচী ব্যর্থ হোৱাৰ পিছত এই সমগ্র প্রক্রিয়াৰ বাবে তেওঁলোকে যিগৰাকী মহিলাৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছিল, সেই মহিলাগৰাকীয়েই যমজ সন্তান তেওঁলোকক প্রদান কৰিছিল৷ ২০১৮ চনত উৎপলা বসুৱে ছাৰোগেচীৰ কাম–কাজ কৰিবলৈ ভাৰাঘৰ লৈছিল আৰু ২০১৯ বর্ষত ডাঃ সংগীতাই দুয়োটি সন্তান লাভ কৰিছিল৷ সেয়েহে এই দুয়োটা ঘটনাৰ সংযোগ থাকিব পাৰে বুলি আৰক্ষীয়ে আশংকা কৰিছে৷

অৱশ্যে পলাতক উৎপলাক গ্রেপ্তাৰ কৰিলেহে ছাৰোগেচীৰ নামত চলি অহা এই অবৈধ ব্যৱসায়ৰ আন বহু ভয়াৱহ তথ্য উন্মোচিত হ’ব বুলি আশা কৰিব পাৰি৷ ডাঃ দত্তৰ ব্যক্তিগত সহায়িকা উৎপলাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত কালি আৰক্ষীয়ে অভিজিৎ বসু নামৰ এজন ফটো সাংবাদিকক গ্রেপ্তাৰ কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁক যাবলৈ দিয়া হয় যদিও আজি ক্রাইম ব্রাঞ্চে পুনৰ তেওঁক দীর্ঘ সময়ৰ বাবে জেৰা কৰে৷ সম্বন্ধত উৎপলা বসু অভিজিতৰ জ্যেষ্ঠ ভগ্ণী৷ ডাঃ দত্তৰ ভয়াৱহ শিশু নির্যাতনৰ তথ্য পোহৰলৈ অহাৰ লগে লগে অভিজিতে জ্যেষ্ঠ ভগ্ণী উৎপলা বসুক আত্মগোপন কৰাত সহায় কৰিছিল বুলি জানিব পৰা গৈছে৷ কেৱল সেয়াই নহয়, উৎপলা বসুক গোচৰটোৰ সৈতে নাসাঙুৰিবলৈ আৰক্ষীক পতিয়ন নিয়াবলৈ অভিজিতে চেষ্টা কৰিছিল বুলিও জানিব পৰা গৈছে৷ অৱশ্যে পলাতক উৎপলাক গ্রেপ্তাৰ হ’লেহে এই সমগ্র ঘটনাৰ উৰহীৰ গছৰ ওৰ ওলাব বুলি ভবা হৈছে৷

You might also like