নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছচি–এছটি আইনৰ সাংবিধানিক বৈধতাক সমর্থন

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ উচ্চতম ন্যায়ালয়ে সোমবাৰে এছচি/এছটি সংশোধনী আইন, ২০১৮ৰ সাংবিধানিক বৈধতাক সমর্থন জনাই কৈছে যে আদালতে এই সন্দর্ভত সঠিকভাৱে গোচৰৰ তদন্ত নহ’লেহে আগতীয়া জামিন মঞ্জুৰ কৰিব পাৰিব৷ লক্ষণীয়ভাৱে প্রাথমিক তদন্ত অবিহনে এই আইনৰ অধীনত যিকোনো ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবও পাৰিব৷ আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অনুমোদন অবিহনেই এই আইনৰ অধীনত ৰুজু হ’ব পাৰে এজাহাৰ৷ ন্যায়াধীশ অৰুণ মিশ্র নেতৃত্বাধীন বিচাৰপীঠে আজি ২০১৮ৰ সংশোধিত এছচি/এছটি আইনক সমর্থন কৰাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিচাৰপীঠখনৰ অন্য এগৰাকী সদস্য ন্যায়াধীশ ৰবীন্দ্র ভাটে কৈছে যে গোচৰৰ প্রাথমিক অনুসন্ধান নচলালেহে তেনে এজাহাৰ আদালতে খাৰিজ কৰিব পাৰে৷ অর্থাৎ তদন্তৰ পিছত আগতীয়া জামিন মঞ্জুৰ কৰিব নোৱাৰে আদালতে৷

You might also like