নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা

বিশেষ বাৰ্তা, ২৬ মে’ :- আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ সমূহ আঞ্চলিক সমিতিৰ সহযোগত এক ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ উক্ত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে অসমত বসবাস কৰা আদিবাসী লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জাতিগত প্ৰমাণ পত্ৰটো আদিবাসী (চাওতাল, উৰাং, মুণ্ডা, খাড়িয়া, প্রজা, গড়, ভূমিজ, তাঁতী) ইত্যাদি নামেৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা,  অসমৰ বনাঞ্চলত বসবাস কৰা আদিবাসী লোক সকলক The Forest Rights Act (FRA) 2006 ৰ অধীনত পৰম্পৰাগত বনবাসী হিচাবে ভূমি পট্টা প্ৰদান কৰা, অতি শীঘ্ৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা, মিছন বসুন্ধৰা ২.০ ত আদিবাসী লোক সকলক নিম্নমান নথিপত্ৰৰ জৰিয়তে ভূমিৰ আৱণ্টন দিয়াৰ ব্যৱস্থা গ্ৰহন কৰা, ৫০ শতাংশ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় সমূহত (আদিবাসী জনগোষ্ঠীৰ) TETশিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা আৰু চৰকাৰীকৰণ কৰিব খোজা চাহ বাগিছাৰ বিদ্যালয়সমূহত পূৰ্বৰে পৰা পাঠদান কৰি অহা আদিবাসী শিক্ষক-শিক্ষয়িত্ৰী সকলক বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আদি সাতটা দাবী উত্থাপন কৰে ৷  পৰৱৰ্তী সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট উৰিয়া আৰু সম্পাদক জাৰ্নেল মিনচ্‌ৰ স্বাক্ষৰিত উপৰোক্ত সাতটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু অতিসোনকালে দাবীসমূহ সমাধান কৰিবলৈ আহ্বান জনায়, অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি প্ৰদান কৰে সংগঠনটোৱে ৷

প্ৰেৰক বিবেক বড়া

You might also like