ক্রীড়া প্রাধিকৰণত ৩৪৭ পদত চাকৰি
কেন্দ্রীয় চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনত পৰিচালিত এটি স্বতন্ত্র সংস্থা ভাৰতীয় ক্রীড়া প্রাধিকৰণত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাধিকৰণৰ সঞ্চালকে এটি বিস্তৃত বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– এনথ্র’পমেটিষ্ট (২৩), এক্সাৰচাইজ ফিজি’লজিষ্ট (৩৪), ষ্ট্রেন্থ এণ্ড কণ্ডিচনিং এক্সপার্ট (৬২), বায়’মেকানিষ্ট (৩), ফিজি’লজিষ্ট (৪), বায়’কেমিষ্ট (২) স্প’টছ মেডিচিন ডক্টৰ (১১), ফিজি’থেৰাপিষ্ট (৪৭), ম্যাচৰ (৭২), ফার্মাচিষ্ট (১২), নার্ছিং এছিছটেণ্ট (৩৬), লেব টেকনেচিয়ান–মেডিকে (১২) আৰু লেব টেকনেচিয়ান–নন–মেডিকেল (২৯) টা৷ আবেদনকাৰী সংশ্লিষ্ট খণ্ডত ডিপ্ল’মা/ডিগ্রী/প’ষ্ট গ্রেজুৱেট/ডক্টৰেট হোৱা হ’ব লাগিব৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ক্রমে ৬০,০০০–৮০,০০০ টকা, ৮০,০০০–১,০০,০০০ টকা, ১,০০,০০০–১,৫০,০০০ টকা, ১,০০,০০০–১,৫০,০০০ টকা, ৮০,০০০–১,০০,০০০ টকা, ৬০,০০০–৮০,০০০ টকা, ১,০০ ০০০–১,৫০,০০০ টকা, ৬০,০০০–৮০,০০০ টকা, ৩৫,০০০ টকা, ২৫,০০০ টকা, ২৫,০০০ টকা, ২৫,০০০ টকা আৰু ৩৫,০০০ টকা৷ প্রার্থীৰ বয়স ১৫ ফেব্রুৱাৰী ২০২০লৈ সর্বোচ্চ ৪৫ বছৰ৷ বয়সৰ ঊর্র্ধ্বসীমা অনুসৰি সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই পাব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://sportsauthorityofindia.nic.in/saijobs লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া যোৱা ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ১৫ ফেব্রুৱাৰীলৈ অব্যাহত থাকিব৷