নিয়মীয়া বাৰ্তা, ১৭ জুনঃ অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে সুদিন। ইখনৰ পিছত সিখনকৈ অসমীয়া ছবি ছুপাৰহিট হোৱাত ছবি নিৰ্মাণৰ বাবে আগুৱাই আহিছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকল। সমান্তৰালভাৱে পুনৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে মন মেলিছে বিধায়িকা সুমন হৰিপ্ৰিয়াই। চলচ্চিত্ৰ নিৰ্মাতা তথা হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই অহা নৱেম্বৰ মাহৰ পৰা এখন নতুন অসমীয়া ছবিৰ দৃশ্যগ্ৰহণৰ কামৰ শুভাৰম্ভ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখ্য যে কইনা মোৰ ধুনীয়া, ককাদেউতাৰ ঘৰ জোঁৱাই, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি “কদমতলে কৃষ্ণ নাচে” আদি সুমন হৰিপ্ৰিয়াৰ জনপ্ৰিয় ছবি। নিৰ্মাণ কৰিবলৈ মন মেলা নতুন ছবিখনকো ড০ বেজবৰুৱা ২, শ্ৰীৰঘুপতিৰ দৰে দৰ্শক ৰাইজে আদৰি ল’ব বুলি আশা কৰিছে সুমন হৰিপ্ৰিয়াই। হাজো সমষ্টিৰ বিধায়িকাগৰাকীয়ে ছবিখনত স্থানীয় শিল্পীকো অভিনয়ৰ বাবে সুযোগ দিব বুলি জানিবলৈ দিয়ে। আহিবলগীয়া নতুন ছবিখন একচনধৰ্মী হ’ব বুলি জানিবলৈ দি বিধায়িকাগৰাকীয়ে কয়- ছবিখনৰ স্ক্ৰিপ্ট ইতিমধ্যে সাজু হৈছে। নৱেম্বৰ মাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তীৰ্থনগৰী হাজোৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত ছবিখনৰ দৃশ্যগ্ৰহণ চলিব। অৱশ্যে ছবিখনৰ নাম কি হ’ব, পৰৱৰ্তী সময়তহে দৰ্শক ৰাইজে জানিব পাৰিব বুলি মন্তব্য কৰে বিধায়িকা তথা চলচ্চিত্ৰ নিৰ্মাতা সুমন হৰিপ্ৰিয়াই।
প্ৰেৰক শ্বাহজাহান ইছলাম