কুৱেইটক হৰুৱাই ছাফ চেম্পিয়ন ভাৰত
বিশেষ বাৰ্তা, ৫ জুলাইঃ শক্তিশালী প্রতিপক্ষ কুৱেইটক ছাডেন ডেথত পৰাস্ত কৰি নৱমবাৰলৈ ছাফ কাপত চেম্পিয়নৰ সন্মান অর্জন কৰে ভাৰতে৷ নির্ধাৰিত সময়ত ১–১ ব্যৱধানত অমীমাংসিতভাৱে সমাপ্ত হোৱা মেচখনত অতিৰিক্ত সময়তো কোনো এটা দলে গ’ল দিবলৈ সক্ষম নহ’ল৷ ফলত ৰেফাৰীয়ে টাইব্রেকাৰৰ সিদ্ধান্ত লয়৷ টাইব্রেকাৰত ৪–৪ গ’লত পুনৰ মেচখন অমীমাংসিত হোৱাত ছাডেন ডেথৰ সহায় লোৱা হয়৷ ছাডেন ডেথত মহেশ সিঙে ভাৰতৰ হৈ প্রথমটো শ্বটত গ’ল দিয়ে যদিও ভাৰতীয় গ’লকীপাৰ গুৰপ্রীত সিঙে দুর্দান্ত ছেভেৰে ভাৰতক সামগ্রিকভাৱে ৬–৫ গ’লত বিজয়ী কৰোৱাৰ লগতে ফাইনেলৰ নায়কত পৰিণত হয়৷ উল্লেখ্য যে তুলনামূলকভাৱে মন্থৰ আৰম্ভণি ঘটোৱা ভাৰতে ১৫ মিনিটতে গ’ল হজম কৰিবলগীয়া হয়৷ কিন্তু সুন্দৰ প্রত্যাৱর্তনেৰে ৩৮ মিনিটত লালিয়ানজুৱালা ছাংটেৰ গ’লেৰে ভাৰতে সমতা স্থাপন কৰে৷ দ্বিতীয়ার্ধৰ লগতে অতিৰিক্ত সময়তো কোনো এটা দলে গ’ল দিবলৈ সমর্থ নোহোৱাত অৱশেষত ছাডেন ডেথত ভাৰতে নৱম বাৰলৈ ছাফ কাপ ফুটবলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ছেমিফাইনেলতো গ’লকীপাৰৰ দুর্দান্ত প্রদর্শনৰ বাবে ভাৰতে লেবাননক টাইব্রেকাৰত পৰাজিত কৰি খিতাপৰ যুঁজলৈ অগ্রসৰ হৈছিল৷