নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ প্রবাসী ভাৰতীয় কেন্দ্রৰ নতুন নামকৰণ সুষমা স্বৰাজ ভৱন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বৈদেশিক পৰিক্রমা মন্ত্রালয়ে বৃহস্পতিবাৰে এক সিদ্ধান্তযোগে দিল্লীৰ প্রবাসী ভাৰতীয় কেন্দ্রৰ নাম সুষমা স্বৰাজ ভৱন আৰু বৈদেশিক সেৱা প্রতিষ্ঠানৰ নাম সুষমা স্বৰাজ বৈদেশিক সেৱা প্রতিষ্ঠান হিচাপে নামকৰণ কৰে৷ ভাৰতৰ প্রয়াত বিশিষ্ট ৰাজনীতিবিদগৰাকীৰ জন্মদিনৰ এদিন পূর্বে কালি এই সিদ্ধান্ত গ্রহণ কৰে বৈদেশিক পৰিক্রমা মন্ত্রালয়ে৷

উল্লেখ্য যে দেশলৈ আগবঢ়োৱা মহত্ত্বপূর্ণ অৱদানৰ বাবে প্রাক্তন প্রয়াত বৈদেশিক পৰিক্রমা মন্ত্রীগৰাকীৰ স্মৃতিত প্রবাসী ভাৰতীয় কেন্দ্রৰ নাম সুষমা স্বৰাজ ভৱনলৈ পৰিৱর্তন কৰে৷ প্রয়াত সুষমা স্বৰাজক স্মৰণ কৰি বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰে টুইট যোগে কয়– ‘প্রবাসী ভাৰতীয় কেন্দ্রৰ নাম সুষমা স্বৰাজ ভৱন আৰু বৈদেশিক সেৱা প্রতিষ্ঠানৰ নাম সুষমা স্বৰাজ বৈদেশিক সেৱা প্রতিষ্ঠান হিচাপে নামকৰণ কৰিবলৈ পাই কেন্দ্রীয় চৰকাৰে গৌৰৱ অনুভৱ কৰিছে৷ সকলোকে অনুপ্রাণিত কৰা বিশাল ব্যক্তিত্বৰ গৰাকীলৈ এয়া এক শ্রদ্ধাঞ্জলি৷’ উল্লেখ্য যে ২০১৯ চনৰ ৬ আগষ্টত হূদৰোগত আক্রান্ত হৈ সুষমা স্বৰাজৰ মৃত্যু হৈছিল৷ বিজেপিৰ শীর্ষ নেত্রীগৰাকীয়ে প্রথম মহিলা হিচাপে ১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্রিত্বৰ দায়িত্বও গ্রহণ কৰিছিল৷ পাঁচটা দশক ধৰি ৰাজনীতিত থকা সুষমা স্বৰাজ আছিল পূর্ণকালীন প্রথমগৰাকী মহিলা বৈদেশিক পৰিক্রমা মন্ত্রী (২০১৪–২০১৯)৷ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ প্রথম মহিলা হিচাপে লোকসভাৰ বিৰোধী নেত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷

You might also like