নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিম্নমানৰ কামৰ বাবেই অথলে যাব ৰাজকোষৰ ৭ কোটি টকা

পশ্চিম মায়ঙতগ্রাম চড়ক যোজনাৰ পথ নির্মাণত ব্যাপক অনিয়ম

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃমহানগৰীৰ চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত তথা পশ্চিম মায়ং গাঁও পঞ্চায়ত আৰু জাগীৰোড বিধানসভা সমষ্টিৰ অন্তর্গত এলেকাত পথ নির্মাণত ব্যাপক দুর্নীতি সংঘতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ মতে, প্রধানমন্ত্রী গ্রাম চড়ক যোজনা আঁচনিৰ অধীনত পশ্চিম মায়ঙৰ ধামখুন্দা মালৌবস্তি, দীঘলআটীৰ পৰা ধিপুজীজান পাৰলৈ ৪.২৯৭ কিলোমিটাৰ দৈর্ঘ্যৰ পথটো নির্মাণৰ বাবে প্রায় ৭ কোটি টকা মোকোলাই দিছে৷ ‘শিৱম ট্রেন্সকন প্রাইভেট লিমিটেড’ নামৰ প্রতিষ্ঠানটোৱে পথ নির্মাণৰ দায়িত্ব লাভ কৰে৷ কিন্তু ৰাজ্য চৰকাৰৰ গড়কাপ্ঢানী বিভাগৰ গুৱাহাটী গ্রাম্য পথ সংমণ্ডল আৰু ভাৰত চৰকাৰৰ গ্রাম্য উন্নয়ন মন্ত্রালয়ৰ দ্বাৰা অনুমোদিত ধনেৰে নির্মাণ কৰা পথটোৰ নির্মাণ কার্য ইমানেই নিম্নমানৰ হৈছে যে পথটোৰ নির্মাণ কাম চলি থকাৰ সময়তে পথটোৰ দুয়োকাষৰ ব্লকৰ মাজত প্রকাণ্ড প্রকাণ্ড ফাট মেলিছে আৰু একাধিক স্থানত উখহি পৰাৰ উপক্রম হৈছে৷ তদুপৰি ৰাইজৰ অভিযোগ যে পথটোৰ নির্মাণত উচ্চতা বহুত কম হৈছে৷ কিয়নো বাৰিষা কালত বেছিভাগ সময়েই পশ্চিম মায়ং অঞ্চলত বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ পথটো বানপানীত বুৰ যায়, এইবেলি পথ নির্মাণক লৈ ৰাইজে সন্তুষ্টি লাভ কৰিছিল যদিও পথটো মাত্র ১ ফুটৰ পৰা মাত্র ২ ফুট ওখকৈ নির্মাণ কৰা কার্যত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷ বাৰিষা কালত পথটো বানপানীত বুৰ গৈ বিধ্বস্ত হৈ পৰাৰ আশংকা ব্যক্ত কৰি স্থানীয় ৰাইজে কয় যে চৰকাৰৰ প্রায় ৭ কোটি টকা বানপানীত উটি যাব৷ মন কৰিবলগীয়া কথা যে বিভাগীয় নিয়মানুসৰি পথটোৰ কাম আৰম্ভ কৰাৰ পূর্বে পথটো কেনেদৰে নির্মাণ কৰা হ’ব আৰু পথটো নির্মাণত কিমান টকা ব্যয় কৰা হ’ব, সকলো বিৱৰণি দি এখন ফলক আঁৰিব লাগে যদিও সবিশেষ বিতং তথ্য প্রকাশ নকৰাকৈ এখন ফলক আঁৰিছে ঠিকাদাৰী প্রতিষ্ঠানটোৱে৷ পথটো নির্মাণৰ কামত কিমান টকা ব্যয় কৰা হ’ব, সেই বিষয়ে ফলকখনত উল্লেখ নকৰাৰ বাবে ৰাইজৰ সন্দেহ যে পথটো নির্মাণৰ নামত ভয়াৱহ দুর্নীতি সংঘটিত হ’ব পাৰে বুলি সচেতন ৰাইজে সন্দেহ প্রকাশ কৰিছে৷

You might also like