নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুখ্যাত জইচৰ নেতৃত্বত ‘গজনবী ফ’চঃ ভাৰতত পুনৰ পুলৱামাসদৃশ আক্ৰমণৰ ব্লুপ্ৰিণ্ট

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে ভাৰতক অশান্ত কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে পাকিস্তানে । চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰখনৰ চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতক ৰক্তাক্ত কৰাৰ বাবে নিষিদ্ধ সংগঠন জইচ-ই-মহম্মদৰ নেতৃত্বত গঠন কৰিছে ‘গজনবী ফ’চ’ ।

‘গজনবী ফ’চ’ সন্দৰ্ভত ভাৰতীয় চোৰাংচোৱা সংস্থাই ভয়ংকৰ তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তা বাহিনীক সৰ্তক কৰি দিয়া হৈছে৷ চোৰাংচোৱা সূত্রৰ তথ্য মতে, নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ নেতৃত্বত নতুনকৈ গঠিত ‘গজনবী ফ’চ’ত আছে নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবা, হিজবুল মুজাহিদীন, এ ইউ জি এইচ আৰু আল বদৰৰ দুর্ধর্ষ সন্ত্রাসবাদী৷ উচ্চ প্রশিক্ষিত সন্ত্রাসবাদীৰ নতুন গোট ‘গজনবী ফ’চ’–এ জম্মু–কাশ্মীৰৰ লগতে সীমান্তত কর্মৰত নিৰাপত্তা বাহিনীৰ ওপৰত আত্মঘাতী আক্রমণ চলোৱাৰ ষড়যন্ত্র ৰচনা কৰিছে৷ এই ফ’চটোৱে নিৰাপত্তা বাহিনীৰ কনভয়, গুৰুত্বপূর্ণ প্রতিৰক্ষা স্থান আৰু সীমান্ত নিৰীক্ষণ চকীত আত্মঘাতী আক্রমণ চলাব৷ এই আক্রমণত শক্তিশালী আই ই ডি ব্যৱহাৰ কৰিব৷ কাশ্মীৰ আৰু সীমান্ত অঞ্চলত কর্মৰত নিৰাপত্তা বাহিনীৰ ওপৰত বিস্ফোৰকভর্তি ট্রাকেৰে আত্মঘাতী আক্রমণ চলাব পাৰে বুলিও চোৰাংচোৱা সূত্রই প্রকাশ কৰিছে৷

কাশ্মীৰ উপত্যকাত ইতিমধ্যে নিৰাপত্তা বাহিনীক অধিক সজাগ আৰু সচেতন হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ আনকি চোৰাংচোৱা সংস্থাৰ সৈতে অহৰহ যোগাযোগ ৰাখিবলৈও নির্দেশ দিয়া হৈছে৷ গুৰুত্বপূর্ণ যে ভাৰতত আক্রমণ চলাবলৈ ‘গজনবী ফ’চ’ত ২৭ জইচ সন্ত্রাসবাদীক পাক অধিকৃত কাশ্মীৰত প্রশিক্ষণ দিয়া হৈছে৷ এই প্রশিক্ষণ লোৱা সন্ত্রাসবাদীৰ ভিতৰত আঠটা পাক অধিকৃত কাশ্মীৰৰ৷ সন্ত্রাসবাদীকেইটাক পাঁচটা দুর্ধর্ষ সন্ত্রাসবাদী প্রশিক্ষকে প্রশিক্ষণ দি আহিছে৷ এই প্রশিক্ষকৰ ভিতৰত পাকিস্তানৰ পঞ্জাবৰ দুজন আৰু আফগানিস্তানৰ তিনিজন আছে৷

উল্লেখ্য যে যোৱা ২৬ জানুৱাৰীত ভয়ংকৰ আত্মঘাতী আক্রমণ চলাবৰ বাবে পৰিকল্পনা চলাই থকা পাঁচ জইচ–ই–মহম্মদৰ সদস্যক শ্রীনগৰত গ্রেপ্তাৰ কৰা হৈছিল৷ অভিযানকাৰী নিৰাপত্তা বাহিনীয়ে দুর্ধর্ষ জইচ–ই–মহম্মদৰ সদস্যক গ্রেপ্তাৰৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্রৰ লগতে বিস্ফোৰক জব্দ কৰিছিল৷ এই ধৃত সন্ত্রাসবাদীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই চলাই থকা তদন্তৰ সময়ত কেন্দ্রীয় চোৰাংচোৱা সংস্থাই নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ নতুন ভয়ংকৰ ব্লুপ্রিণ্ট ধৰা পেলায়৷ স্মর্তব্য যে নিষিদ্ধ জইচ–ই–মহম্মদে কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ কনভয়ত আত্মঘাতী আক্রমণ চলাইছিল৷ এই আক্রমণৰ প্রতিশোধকল্পে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত জইচ–ই–মহম্মদৰ ঘাটিত বোমাৰে আক্রমণ কৰি সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰিছিল৷ ইপিনে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ওপৰত সন্ত্রাসবাদীয়ে আক্রমণ চলাব পাৰে বুলি চোৰাংচোৱা সংস্থাই তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে হাই এলার্ট জাৰি কৰিছে৷

চোৰাংচোৱা সূত্রৰ মতে, গোড়খপুৰৰ মন্দিৰত সাংবাদিকৰ ছদ্মবেশত সন্ত্রাসবাদীয়ে মুখ্যমন্ত্রী আদিত্যনাথৰ ওপৰত আক্রমণ চলাব পাৰে৷ এই তথ্য লাভ কৰাৰ পাছতেই মুখ্যমন্ত্রীগৰাকীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ সূক্ষ্ম নিৰীক্ষণৰ অন্ততহে সাংবাদিকক মুখ্যমন্ত্রীৰ কার্যসূচীত অংশ ল’বলৈ দিয়া হৈছে৷ আনকি সাংবাদিকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ মুখ্যমন্ত্রীগৰাকীক আৰক্ষীয়ে পৰামর্শ দিছে৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রীগৰাকীয়ে গোড়খপুৰ মন্দিৰত জনতা দৰবাৰ আয়োজন কৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি আহিছে৷ সন্ত্রাসবাদীয়ে ইয়াৰ সুযোগ লোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীক সজাগ হৈ থাকিবলৈ চোৰাংচোৱা সংস্থাই সতর্ক কৰি দিছে৷

You might also like