NDA বনাম INDIA : ২৬ বিৰোধী দলৰ মিত্ৰজোঁটৰ নাম চূড়ান্ত
বিশেষ বাৰ্তা, ১৮ জুলাই : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিবিৰোধী মিত্ৰজোঁটৰ নাম চূড়ান্ত কৰা হ’ল। বেংগালুৰুত দ্বিতীয় দিনাৰ বিৰোধীৰ বৈঠকৰ পিছত বিৰোধী দলসমূহে বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজিবলৈ মিত্ৰজোঁটৰ নতুন নাম ঘোষণা কৰিছে। উল্লেখ্য যে ২৬টা বিৰোধী দলৰ বৈঠক সমাপ্ত হোৱাৰ পিছতে তৃণমূলৰ ৰাজ্যসভাৰ নেতা ডেৰেকে এটা ইংগিতপূৰ্ণ টুইট কৰে। তেওঁ লিখে- “চক দে ইণ্ডিয়া”। আৰু তাৰ পৰাই আৰম্ভ হৈছিল জল্পনা-কল্পনা। নতুন বিৰোধী মিত্ৰজোঁটৰ নাম কি হ’ব? এতিয়া জনা গৈছে যে এই মেগা এলায়েন্সক ইণ্ডিয়া নেচনেল ডেম’ক্ৰেটিক ইনক্লুছিভ এলায়েন্স অৰ্থাৎ INDIA বুলি জনা যাব। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ফ্ৰণ্ট স্থাপনৰ উদ্দেশ্যে বিৰোধী দলসমূহে অনুষ্ঠিত কৰা বৈঠকত এয়া চূড়ান্ত কৰা হয়। সোমবাৰে বিৰোধী দলৰ শীৰ্ষ নেতাসকলে মঙলবাৰৰ বন্ধ দুৱাৰৰ আলোচনাৰ কাৰ্যসূচী আনুষ্ঠানিক কৰি নিশাৰ আহাৰ গ্ৰহণ কৰে। আজি পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ আনুষ্ঠানিক আলোচনা অনুষ্ঠিত হয়।