প্ৰধানমন্ত্ৰী মোদীলৈ ‘লোকমান্য তিলক বঁটা’
🔹 একেখন মঞ্চত মোদী-শাৰদ পাৱাৰ
বিশেষ বাৰ্তা, ১ আগষ্ট : মহাৰাষ্ট্ৰত এন চি পিৰ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে একেখন মঞ্চত দেখা গ’ল শাৰদ পাৱাৰ, অজিত পাৱাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। যিটো ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। কাৰণ, শাৰদ পাৱাৰক এই অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছিল ‘এএনডিআইএ’ এলায়েন্সৰ কেইবাটাও অংশীদাৰ দলে। মঙলবাৰে পুনেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা লোকমান্য তিলক বঁটা প্ৰদান অনুষ্ঠানত তেওঁলোকক একেখন মঞ্চত দেখা য়ায। প্ৰতিবছৰে ১ আগষ্ট অৰ্থাৎ তিলকৰ মৃত্যুবাৰ্ষিকীত প্ৰদান কৰা হয় এই বঁটা। এই সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- ‘এই সন্মানীয় বঁটা লাভ কৰি মই একে সময়তে উল্লসিত আৰু আৱেগিক হৈ পৰিছোঁ। এই বঁটা ভাৰতৰ জনসাধাৰণৰ বাবে উছৰ্গা কৰিছোঁ। এই পুৰস্কাৰৰ ধন নমামি গংগে প্ৰকল্পলৈ আগবঢ়াবলৈ মই সিদ্ধান্ত লৈছোঁ।’ লক্ষণীয়ভাৱে এই অনুষ্ঠানৰ মঞ্চত শাৰদ পাৱাৰ, অজিত পাৱাৰৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে ৰাজনৈতিক মহলত কৌতূহলৰ সৃষ্টি কৰিছে। ‘এএনডিআইএ’ এলায়েন্সৰ কেইবাটাও অংশীদাৰ দলৰ অনুৰোধক আওকাণ কৰি খোদ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে লোকমান্য তিলক বঁটা প্ৰধানমন্ত্ৰী মোদীক অৰ্পণ কৰে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে আৰু দেৱেন্দ্ৰ ফাড়নাৱিছো উপস্থিত থাকে। লোকমান্য তিলক সোঁৱৰণী মন্দিৰ ন্যাসৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে শাৰদ পাৱাৰৰ উপস্থিতিয়ে বিৰোধী মিত্ৰজোঁটক যথেষ্ট অস্বস্তিত পেলাইছে। অহা বছৰৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ২৬টা বিৰোধী দলে ‘এএনডিআইএ’ মিত্ৰজোঁট গঠন কৰিছে। এই মিত্ৰতা গঠনৰ আঁৰত শাৰদ পাৱাৰৰ মুখ্য ভূমিকা আছে। নতুন মিত্ৰতা ঘোষণাৰ কেইদিনমানৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মিত্ৰজোঁটৰ এইজন জ্যেষ্ঠ নেতাৰ মঞ্চত উপস্থিতিয়ে সাধাৰণ ৰাইজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে বুলি আশংকা কৰিছে কেইবাজনো বিৰোধী নেতাই। উল্লেখযোগ্য যে পাটনা আৰু বেংগালুৰুৰ পিছত বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱাৰ কথা।