🔹 দৰমহা ঢকুৱাখনাত-কৰ্তব্য অন্য স্থানত
🔹 ৪ চিকিৎসককে ধৰি ২৪ কৰ্মচাৰীক ঢকুৱাখনালৈ ঘূৰাই অনাৰ দাবী জিলা কৰ্মচাৰী পৰিষদৰ
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : প্ৰাক্তন মন্ত্ৰী তথা আধুনিক ঢকুৱাখনা নিৰ্মাণৰ স্বপ্নদ্ৰষ্টা বিধায়ক নৱ কুমাৰ দলেৰ গৃহ সমষ্টিৰ ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ে মৃত্যুৰ ক্ষণ গণিছে বুলি উল্লেখ কৰি ঢকুৱাখনা কোষাগাৰৰ পৰা দৰমহা লৈ অন্য স্থানত কৰ্মৰত ৪গৰাকী চিকিৎসককে ধৰি ২৪জন কৰ্মচাৰীক ঢকুৱাখনালৈ ঘূৰাই অনাৰ দাবী জনাইছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে ৷ লখিমপুৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ওচৰত ঢকুৱাখনা মহকুমাৰ ৰোগাক্ৰান্তৰ জীৱনৰ মূল্য নোহোৱা হোৱা বুলিও অভিযোগ তুলি ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ আৰু মহকুমাটোৰ ৰোগীয়াই ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় জৰুৰী উন্নত চিকিৎসা সেৱা লাভৰ পৰা ৰোগী বঞ্চিত হোৱাৰো অভিযোগ তুলিছে ৷ ঢকুৱাখনা সমষ্টিৰ কৃষিজীৱী জনসাধাৰণৰ একমাত্ৰ ভৰসা আৰু ৰোগাক্ৰান্ত ৰাইজৰ চিকিৎসাৰ বাবে স্থাপিত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আৰু স্থানীয় বিধায়কৰ গাফিলতিৰ বাবেই বিশেষজ্ঞ চিকিৎসকৰ গুণগত চিকিৎসাৰ পৰা জনসাধাৰণ বঞ্চিত হোৱা বুলিও দাবী কৰিছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে। তদুপৰি ঢকুৱাখনা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ঢকুৱাখনা ফাৰ্ষ্ট ৰেফাৰেল ইউনিট, ঢকুৱাখনা সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু মহকুমা অসামৰিক চিকিৎসালয় সকলো একত্ৰিত হৈ থকা এইখন চিভিল হস্পিটেলৰ ৪গৰাকী চিকিৎসকৰ ওপৰতে মহকুমাটোৰ ৪ লক্ষ নাগৰিকৰ স্বাস্থ্য সুৰক্ষাৰ বোজা জাপি দি কণা হাঁহক পতান দিয়া বুলিও অভিয়োগ তুলি দায়িত্বশীল পক্ষই ঢকুৱাখনাবাসীৰ জীৱনক লৈ ল’ৰা-ধেমালি কৰা বুলিও অভিযোগ তুলিছে । প্ৰাপ্ত তথ্য মতে, ঢকুৱাখনা স্বাস্থ্যখণ্ডত ৰোগীৰ সহায়ক হোৱাকৈ নিযুক্তি দিয়া ৪গৰাকীকৈ বিশেষজ্ঞ চিকিৎসকে ঢকুৱাখনা মহকুমা কোষাগাৰৰ পৰা মাহিলি বেতন ভোগ কৰি অন্য স্থানত কৰ্তব্য পালন কৰি অহাৰ সমান্তৰালভাৱে আন বহুকেইজন কৰ্মচাৰীয়ে ঢকুৱাখনা মহকুমা কোষাগাৰত দৰমহা লৈ অন্য স্থানত কৰ্মৰত বুলিও জানিবলৈ দি ঢকুৱাখনা কোষাগাৰৰ পৰা মাহিলি বেতন লৈ থকা ৪গৰাকী চিকিৎসককে ধৰি ২৪গৰাকী বিষয়া-কৰ্মচাৰীক ঢকুৱাখনালৈ ঘূৰাই অনাৰ দাবী জনাইছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ লগতে ঢকুৱাখনাৰ বিভিন্ন দল-সংগঠন আৰু ৰোগীৰ পৰিয়াল তথা ঢকুৱাখনাবাসীয়ে ৷ এইক্ষেত্ৰত বিধায়ক নৱ কুমাৰ দলে আৰু মহকুমা প্ৰশাসনৰ লগতে লখিমপুৰ জিলা প্ৰশাসনে তৎকালীনভাৱে বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে ঢকুৱাখনাৰ বিভিন্ন দল-সংগঠনক লৈ গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দি চলিত মাহৰ ভিতৰতে ঢকুৱাখনা কোষাগাৰৰ পৰা দৰমহা ভোগ কৰা সকলো বিষয়া-কৰ্মচাৰীকে ঢকুৱাখনালৈ ঘূৰাই অনাৰ দাবী জনায় ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি