এখনত জয়েৰে ছিজন সামৰিলে অসমে
ৰঞ্জি ট্রফীঃ অষ্টম স্থানতে সন্তুষ্ট, ঋষভৰ সর্বাধিক ৫১২, ৰিয়ানৰ ৪৯২ ৰান
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অসমে চূড়ান্ত ব্যর্থতা আৰু শোচনীয় প্রদর্শনেৰে চলিত বর্ষৰ ৰঞ্জি ট্রফী ছিজন সামৰিলে ৷ প্রাক্তন আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰ অজয় ৰাত্রাক প্রশিক্ষক নিযুক্তি দি অসম ক্রিকেট সন্থাই এইবাৰ অসমৰ ছিনিয়ৰ দলটোক শক্তিশালী ৰূপত গঢ় দিয়াৰ প্রয়াস চলায় যদিও দলটোৱে বি চি চি আইৰ আগশাৰীৰ প্রতিযোগিতাখনত মাত্র এখন মেচত জয়েৰেই ছিজন সামৰে ৷ শনিবাৰে সামৰণি পৰা গ্রুপ পর্যায়ৰ খেলৰ অন্তত অসমে মুঠ ৯খন মেচৰ এখনত জয়, চাৰিখনত পৰাজয়, চাৰিখনত ড্র খেলি মাত্র ১৫ পইণ্টেৰে গ্রুপ চিৰ অষ্টম স্থানত থাকে৷ ৯টা দলেৰে গঠিত গ্রুপ চিত অসমতকৈ তলত থকা দলটো হ’ল ত্রিপুৰা ৷
যোৱা ৯ ডিচেম্বৰত বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ছার্ভিচেছৰ বিৰুদ্ধে সৌভাগ্যক্রমে ড্র খেলি চলিত ছিজনত অভিযান আৰম্ভ কৰা গকুল শর্মা নেতৃত্বাধীন দলটোৱে একমাত্র উত্তৰাখণ্ডৰ বিৰুদ্ধেহে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ বছৰৰ আৰম্ভণিতে দেৰাডুনত অনুষ্ঠিত মেচখনত অসমে এক ইনিংছ আৰু ৯০ ৰানত জয়ী হয় ৷ প্রতিযোগিতাখনত অসমে ঝাৰখণ্ডৰ হাতত এক ইনিংছ আৰু ৬৭ ৰান, মহাৰাষ্ট্রৰ হাতত ২১৮ ৰান, ওড়িশাৰ হাতত এক ইনিংছ আৰু তিনি ৰান আৰু হাৰিয়ানাৰ হাতত সাত উইকেটত পৰাস্ত হয়৷ একেদৰে ছার্ভিচেছ, জম্মু–কাশ্মীৰ, চত্তিশগড় আৰু ত্রিপুৰাৰ সৈতে দলটোৱে ড্র খেলে ৷ হতাশাৰে সামৰণি পৰা ছিজনটোত অসমৰ বাবে একমাত্র ইতিবাচক দিশ হ’ল ঋষভ দাস, ৰিয়ান পৰাগ আৰু গকুল শর্মাৰ দায়িত্বপূর্ণ বেটিং আৰু ৰঞ্জিৎ মালী, অৰূপ দাস, মুখতাৰ হুছেইনৰ সুন্দৰ বলিং ৷
ছিজনৰ ১৫টা ইনিংছত ঋষভে গড় ৩৪কৈ মুঠ ৫১২, ৰিয়ানে ১৪টা ইনিংছত গড় ৩৫কৈ ৪৯২ আৰু গকুলে ১৫টা ইনিংছত গড় ৩১কৈ মুঠ ৪৩৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ নৱাগত বেটছমেন ছাহিল জৈনে ২৫৩ আৰু শুভম মণ্ডলে ২৩৮ ৰান সংগ্রহ কৰি প্রতিভাৰ স্বাক্ষৰ ৰাখে৷ ইফালে, বলিঙত ৰঞ্জিৎ মালীয়ে ৩৯, অৰূপ দাসে ২৮ আৰু মুখতাৰ হুছেইনে ২৪টা উইকেট দখল কৰে৷ উল্লেখ্য যে বিগত ৰঞ্জি ছিজনতো গকুল শর্মাই ৫৭০ আৰু ঋষভ দাসে ৫১৭ ৰান সংগ্রহ কৰিছিল ৷ লক্ষণীয় বিষয়টো হ’ল যে অজয় ৰাত্রাৰ প্রশিক্ষণত দলে মাত্র এখন মেচত জয়ী হোৱাৰ বিপৰীতে ২০১৮–১৯ ছিজনত জাকাৰিয়া জুফ্রিৰ প্রশিক্ষণত অসমে কিন্তু তিনিখন মেচত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷