নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনন্যা ক্রিষ্টিনা

  • কল্যাণী ডেকা

পৃথিৱীখন চাৰিওফালৰ পৰা ইমান জটিল হৈ পৰিছে যে এমাহৰ বাবে ক’ৰবালৈ যাবলৈও আমি বহু পৰিকল্পনা কৰিব লাগে৷ ক’ত যাম, কাৰ লগত যাম, কি পিন্ধিম, কি খাম, কিমান দিন থাকিম ইত্যাদি ইত্যাদি৷ আমাৰ ভাৰতৰ গৌৰৱ প্রথম মহিলা মহাকাশচাৰী কল্পনা চাওলা এতিয়া আমাৰ মাজত নাই৷ তেওঁৰ সাহস আৰু ত্যাগক আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ৷ ভাৰতবর্ষৰ বহু যুৱতীৰ সপোনৰ শেষত চাগে’ কল্পনা চাওলাই খেলা কৰি আছে৷ যি নহওক, আমি আজি ভাৰতবর্ষৰ নহয়, সুদূৰ আমেৰিকাৰ এগৰাকী মহাকাশচাৰীৰ কথা ক’বলৈ ওলাইছোঁ, যিয়ে একেৰাহে ৩২৮ দিন ১৩ ঘণ্টা ৫৮ মিনিট মহাকাশত থাকি প্রথম মহিলা মহাকাশচাৰী হিচাপে অভিলেখ গঢ়িলে৷ তেওঁ হ’ল ক্রিষ্টিনা হেমক কোচ৷

বর্তমান টেক্সাছৰ বাসিন্দা ক্রিষ্টিনা কোচৰ স্বামীৰ সৈতে এখন সুখৰ সংসাৰ৷ ১৯৭৯ চনৰ ২৯ জানুৱাৰীত জন্ম লাভ কৰা ক্রিষ্টিনা আচলতে আমেৰিকা যুক্তৰাষ্ট্রৰ এগৰাকী অভিযন্তা আৰু ২০১৩ বর্ষৰ নাছাৰ  মহাকাশচাৰী৷ ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং আৰু পদার্থ বিজ্ঞানৰ স্নাতক ক্রিষ্টিনাই ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল আমেৰিকাৰ প্রখ্যাত নর্থ কেৰোলিনা ইউনিভার্ছিটীৰ পৰা৷ তেওঁ গ’ড্ডার্ড স্পেচ ফ্লাইট চেণ্টাৰত কাম কৰি থাকোঁতেই উন্নত প্রশিক্ষণো লৈছিল মহাকাশত উৰণৰ বিতং তথ্য সম্বন্ধে৷ মহাকাশচাৰী হোৱাৰ আগতে তেওঁ আমেৰিকান চামোৱাৰ বাবে নেচনেল অচিয়ানিক এণ্ড এটম’ছফিয়াৰিক এডমিনিষ্ট্রেচনত ষ্টেচন চিফ হিচাপে কার্যনির্বাহ কৰিছিল৷

মিছন ইঞ্চিগ্ণিয়াত তেওঁ চয়ুজ এম এছ–১২,এম এছ–১৩১ উৰণ ৫৯,৬০,৬১ প্রদর্শনীত ভাগ লৈ পাৰদর্শিতাৰ প্রমাণ দাঙি ধৰিছিল৷ ১৪ মার্চ, ২০১৯ত তেওঁ পুনৰ ইণ্টাৰনেচনেল স্পেচ ষ্টেচনত ফ্লাইট অভিযন্তা হিচাপে ৫৯,৬০,৬১ৰ প্রদর্শনীত ভাগ লৈছিল৷ আৰু ২০১৯ চনৰ ১৮ অক্টোবৰত সংগী জেচিকা মেইৰ লগত মহাকাশ ভ্রমণলৈ উৰা মাৰিছিল৷বিভিন্ন অসুবিধাৰ বাবে জেছিকা মেই ঘূৰি আহে৷২০১৯ চনৰ ২৮ ডিচেম্বৰত প্রথম মহিলা মহাকাশচাৰী হিচাপে ক্রিষ্টিনা কোচে পূর্বৰ সকলো অভিলেখ ভংগ কৰিলে৷ সুদীর্ঘ ৩২৮ দিন ১৩ ঘণ্টা ৫৮ ছেকেণ্ড মহাকাশত থাকি ৬ ফেব্রুৱাৰী ২০২০ চনত পৃথিৱীলৈ ঘূৰি আহে৷ ‘ইণ্টাৰনেচনেল স্পেচ ৰিছার্চ চেণ্টাৰ’ত তেওঁ উদ্ভিদ বিদ্যাৰ ওপৰত গৱেষণা কৰিছিল৷ যিটো আমাৰ দৰে সাধাৰণ মানুহৰ সপোনৰো বাহিৰত৷ ক্রিষ্টিনা কোচে তেনে অসাধাৰণ কামেই কৰি দেখুৱালে৷ নাছাৰ প্রতিটো উৰণেই মানৱ জাতিলৈ কিবা নহয় কিবা এটা সম্ভাৱনা কঢ়িয়াই আনে৷ আৰু এনে এটা লক্ষ্য আগত ৰাখিয়েই চাগে’ তেওঁ অসম্ভৱক সম্ভৱ কৰিবলৈ সাধনা কৰিছিল আৰু তেওঁৰ সাধনা সফল হৈছিল৷ মহাকাশ ভ্রমণ কিমান জটিল হয়তো তেওঁ বা অন্য মহাকাশচাৰীৰ বাদে আমি ক’ব নোৱাৰিম৷ আমি হলীউড নাইবা বলীউডৰ বিভিন্ন কাল্পনিক চিনেমা নাইবা ডিস্ক’ভাৰী চেনেলৰ বিভিন্ন প্রগ্রেমত দেখিছোঁ কেনেকৈ মহাকাশত সকলো বস্তু ওপঙি ফুৰে৷ দাঁত মাজিবলৈ ব্যৱহাৰ কৰা টুথপেষ্টৰ পৰা আৰম্ভ কৰি প্রতিটো খোৱা খাদ্য, পানী মহাকাশত ওপঙি ফুৰে৷ গতিকে ভাবক কিমান মনোবল আৰু দৃঢ় মানসিকতা থাকিলেহে এগৰাকী সফল মহাকাশচাৰী হ’ব পাৰি৷ মানৱ জাতিৰ প্রতি ত্যাগ আৰু সমর্পণৰ মনোভাব থাকিলেহে এগৰাকী মহিলাই নিজৰ সংসাৰৰ পৰা আঁতৰত থাকি এনে বিৰল আৰু কঠিন কাম সম্পাদন কৰিব পাৰে৷

এই বিৰল অভিলেখ গঢ়ি নাছাৰ এটা ভিডি’ত কোচে কৈছিল– ‘এয়া এক অপূর্ব অনুভূতি৷ মই জানিছিলোঁ যে এয়া এক দীর্ঘ সময়ৰ পৰিক্রমা আৰু মই মোৰ জীৱনত আটাইতকৈ মূল্য দিয়া কামটোৰ সপোন সার্থক কৰিবলৈ পাই মই যথেষ্ট সুখী আৰু যিমান দিনলৈকে পাৰোঁ মোৰ প্রতিটো দিনতেই মই সর্বোচ্চ উজাৰি দি এই প্রকৃত সন্মান আৰু সপোনক বাস্তৱ ৰূপ দিবলৈ বদ্ধপৰিকৰ৷’

ক্রিষ্টিনা কোচে বহু পুৰস্কাৰ লাভ কৰিছিল যেতিয়া তেওঁ নাছা আৰু জন্ছ হপকিন্সত কার্যনির্বাহ কৰিছিল৷তাৰ ভিতৰত নাছা গ্রুপ এছিভমেণ্ট এৱার্ড, নাছা জুনো মিছন জুপিটাৰ এনার্জেটিক পার্টিকল ডিটেক্টৰ ইনষ্ট্রুমেণ্ট–২০১২, জন্ছ হপকিন্স ইউনিভার্ছিটী এপ্লাইড ফিজিক্স লেব’ৰেটৰী ইনভেনচন অৱ দ্য ইয়েৰ নমিনী–২০০৯, ইউনাইটেড ষ্টেটছ কংগ্রেছ এণ্টার্কটিক ছার্ভিচ মেডেল ৱিথ ৱিণ্টাৰ অভাৰ ডিষ্টিংচন–২০০৫, নাছা গ্রুপ এছিভমেণ্ট এৱার্ড, নাছা ছুজাকু মিছন এক্স–ৰে স্পেক্ট্রমিটাৰ ইনষ্ট্রুমেণ্ট–২০০৫, এষ্ট্রোনাট স্কোলাৰ, এষ্ট্রোনাট স্ক’লাৰশ্বিপ ফাউণ্ডেচন ২০০০–২০০১ আদি উল্লেখযোগ্য৷

ক্রিষ্টিনা কোচৰ অভিৰুচিৰ ফালে যদি আমি মন কৰোঁ তেন্তে দেখিবলৈ পাওঁ মহাকাশত বিচৰণৰ উপৰি তেওঁ বেক পেকিং, শৈলাৰোহণ, চাইকেল চলোৱা, নাওচালনা, দৌৰা, যোগাসন কৰা, ফটোগ্রাফী আৰু ভ্রমণ কৰাৰ চখ উল্লেখযোগ্য৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁৰ নানাৰঙী মনটো পৃথিৱীৰ বিচিত্রতা উপভোগ কৰিবলৈ সদায় উদগ্রীৱ হৈ থাকে৷

পৃথিৱীৰ বিভিন্ন ঠাইৰ মহাকাশচাৰীৰ বাবে প্রেৰণা আৰু আদর্শৰ প্রতীক হৈ উঠা ক্রিষ্টিনা হেমক কোচলৈ আমি আন্তৰিক অভিনন্দন যাছিলোঁ আৰু লগতে আশা কৰোঁ অনাগত দিনত তেওঁৰ পৰা মানৱ জাতিয়ে আৰু বহু কিবাকিবি লাভ কৰিবলৈ সমর্থ হ’ব৷ লগতে উদীয়মান মহাকাশচাৰীসকলে তেওঁৰ বাটেৰে বাট বুলি অসাধ্য সাধন কৰাত ব্রতী হ’ব৷

You might also like