পঞ্চম গৰাকী কন্যাৰ পিতৃ হ’ল ছাহীদ আফ্ৰিডি
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অলৰাউণ্ডাৰ ছাহীদ আফ্ৰিডি পুনৰ এবাৰ পিতৃ হৈছে । তেওঁৰ পত্নী নাদিয়াই পঞ্চমগৰাকী কন্যাক জন্ম দিয়ে । এই খবৰ খেলুৱৈগৰাকীয়ে নিজৰ ইষ্টাগ্ৰাম একাউণ্টযোগে প্ৰকাশ কৰে ।
তেওঁ প’ষ্টটোত লিখিছে- মোৰ ওপৰত উপৰৱালাৰ অসীম আশীৰ্বাদ আৰু কৃপা আছে । চতুৰ্থগৰাকী কন্যাৰ পাছত পঞ্চমগৰাকী কন্যাৰ পিতৃ হ’লো । মোৰ শুভাকাংক্ষী সকলক এই খবৰ জনাই মই বহু সুখী অনুভৱ কৰিছো ।