৩৭০ অনুচ্ছেদ, ‘কা’ৰ সিদ্ধান্তত আমি অটল
দীনদয়াল উপাধ্যায়ৰ ৬৩ ফুট উচ্চতাৰ প্রতিমূর্তি উন্মোচন মোদীৰ
নিয়মীয়া বাৰ্তা ১৭ ফেব্রুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে নিজ সংসদীয় সমষ্টি বাৰাণসীত ৩০খনতকৈও অধিক আঁচনি মুকলি কৰে৷ মুঠ ১,২০০ কোটি টকাৰ আঁচনিৰ অন্তর্ভুক্ত মূল আঁচনিৰ অন্যতম আছিল চিকিৎসালয়, পথ, উৰণীয়া সেতু, চহৰৰ সৌন্দর্যবর্ধন আদি৷ বাৰাণসীৰ উন্নয়নৰ বাবে গ্রহণ কৰা এই আঁচনিসমূহ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে যোৱা পাঁচ বছৰত চহৰখনৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে ২৫ হাজাৰ কোটি টকা ব্যয় কৰিছে৷ প্রধানমন্ত্রীজনে বিভিন্ন আঁচনিৰ লগতে সংসদীয় সমষ্টি বাৰাণসীৰ পৰা ইন্দোৰলৈ আই আৰ চি টি চিৰ অন্তর্গত তৃতীয়খন ৰে’ল কাশী মহাকাল এক্সপ্রেছৰ ফ্লেগ অফ কৰে৷ আনহাতে, মোদীয়ে ৬৩ ফুট উচ্চতাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ এটা প্রতিমূর্তি উন্মোচন কৰাৰ লগতে বাৰাণসী–চান্দাউলী সীমান্তত পণ্ডিত দীনদয়াল উপাধ্যায় স্মৃতি কেন্দ্র এটাও উদ্বোধন কৰে৷ উল্লেখ্য যে এই ‘পঞ্চ লোহা’ শীর্ষক প্রতিমূর্তিটো বিজেপিৰ আদর্শৱান ব্যক্তিৰ প্রতিমূর্তিসমূহৰ ভিতৰত আটাইতকৈ ওখ প্রতিমূর্তি৷ প্রায় দুশ কাৰিকৰে এবছৰ ধৰি এই প্রতিমূর্তি নির্মাণ কৰিছিল৷ আনহাতে, ৪৩০খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটী চৰকাৰী হাস্পতাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ৭৪খন বিছনাযুক্ত মনোচিকিৎসাৰ হাস্পতালো তেওঁ মুকলি কৰে৷ ভাষণ প্রসংগত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে নৱৰূপ ভাৰত নির্মাণত বাৰাণসীৰ দৰে সৰু চহৰে দেশৰ বিকাশত নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে৷ বৃহৎ মেট্র’ চিটীৰ তুলনাত সৰু চহৰৰ অনুদান বেছি৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্রতিমূর্তি উন্মোচন কৰি প্রধানমন্ত্রীজনে আৰু কয়– ‘সৰু চহৰৰ উত্থানে ভাৰতক আগুৱাই নিব৷’ আনহাতে, কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা আৰু দেশত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ সিদ্ধান্তৰ সমর্থন কৰি প্রধানমন্ত্রীজনে কয়– ‘তীব্র চাপ সত্ত্বেও ৩৭০ অনুচ্ছেদ বাতিল আৰু নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ সিদ্ধান্তত আমি অটল৷’ উল্লেখ্য যে আজি বাৰাণসীত জনতাক সম্বোধি দিয়া ভাষণত প্রদানমন্ত্রী মোদীয়ে কেইবাটাও বিভিন্ন ভাষা ব্যৱহাৰ কৰি প্রশংসা বুটলিবলৈ সক্ষম হয়৷ শ্রীজগত গুৰু গুৰুকুলৰ শতবর্ষ উদ্যাপনৰ সামৰণী অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কানাড়া, তেলুগু, মাৰাঠী আৰু হিন্দী ভাষাত ভাষণ দিয়ে৷