নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ বিশ্বৰ দ্রুতবেগী মানৱ হিচাপে পৰিচিত দৌৰবিদ উছেইন বল্টৰ অভিলেখ ভংগ কৰা ভাৰতীয় বাফেল’ ৰেচাৰ শ্রীনিৱাস গৌড়াৰ কোনোধৰণৰ ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰাৰ হাবিয়াস নাই৷ উল্লেখনীয় যে কর্ণাটকৰ কাম্বালা উৎসৱত খেতিপথাৰত ১৪২ মিটাৰ ম’হৰ সৈতে দৌৰি অভিলেখ সৃষ্টি কৰিছে শ্রীনিৱাস গৌড়াই৷ এই দূৰত্ব অতিক্রম কৰিবলৈ গৌড়াক প্রয়োজন হৈছিল মাত্র ১৩.৪২ ছেকেণ্ড৷ ইফালে বিশ্বৰ দ্রুতবেগী মানৱ উছেইন বল্টে ৯.৫৮ ছেকেণ্ডত ১০০ মিটাৰ দূৰত্ব অতিক্রম কৰি অলিম্পিকত গঢ়ি থৈছে অভিলেখ৷ যোৱা সপ্তাহত শ্রীনিৱাস গৌড়াই কাম্বালাত অভিলেখ সৃষ্টি কৰাৰ পিছত বাফেল’ ৰেচাৰগৰাকীৰ ভিডি’ই ছ’চিয়েল মিডিয়াত জ্বৰ তোলে৷ ইয়াৰ পিছতে কর্ণাটকৰ কেইবাগৰাকীও বিশিষ্ট ক্রীড়াবিদ আৰু ৰাজনীতিকসকলে গৌড়াক দেশৰ হৈ দৌৰ প্রতিযোগিতাৰ বাবে নিজকে সাজু কৰিব লাগে বুলি মন্তব্য আগবঢ়াইছে৷ কিন্তু গৌড়াই উল্লেখ কৰিছে যে তেওঁ খেতিপথাৰত কাম্বালাৰ বাবেহে দৌৰিবলৈ সাজু৷ কোনো ধৰণৰ ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে পেছাদাৰী খেলুৱৈ নহয় বুলিও ৰেচাৰগৰাকীয়ে উল্লেখ কৰিছে৷