নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ অতিবেঙুনীয়া ৰশ্মিৰ সহায়ত বীজাণুমুক্ত কৰা হৈছে টকা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছে এতিয়া চৰম আতংকৰ সৃষ্টি কৰিছে চীনত । ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১৭৭৫ আৰু আক্ৰান্ত হৈছে ৭০,৫৪৮ গৰাকী । এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে ইতিমধ্যে বিচ্ছিন্ন কৰা হৈছে চীনৰ বহুকেইখন চহৰৰ সৈতে যোগাযোগ ।

ক’ৰোনা ভাইৰাছক লৈ এই আতংক বিৰাজ কৰি থকাৰ সময়তে এতিয়া টকাৰ নোটসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰিছে চীন চৰকাৰে । পুৰণি বেংক নোট সৰবৰাহ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে । লগতে পুৰণি নোটসমূহক বীজাণুমুক্ত কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

পিপ’লছ্ বেংক অৱ চাইনাৰ প্ৰধানে জনোৱা অনুসৰি , ভাইৰাছ সংক্ৰমণৰ বাবে প্ৰধান কাৰণ হ’ব পাৰে টকা অৰ্থাৎ নোটসমূহ । সেই অনুসৰিয়েই চীনত প্ৰচলিত পুৰণি নোটসমূহক অতিবেঙুনীয়া ৰশ্মিৰ সহায়ত অথবা তাপ দি বীজাণুমুক্ত কৰা হৈছে । ১৪ দিন এইসমূহ পুৰণি নোটক বেংকত জমা ৰাখি বীজাণুমুক্ত কৰা হৈছে আৰু তাৰ পাচত মুকলি কৰা হৈছে বজাৰত ।

You might also like