নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ঘন জংঘলত ২৩৬ বস্তা চোৰাং চুপাৰি জব্দ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : বৰপেটা জিলা আৰক্ষী এক বৃহৎ দলে কামৰূপৰ টুপামাৰী আৰু সোণতলী আৰক্ষী চকীৰ সহযোগত সোমবাৰৰ নিশা টুপামাৰী, বদলা আৰু সোণতলীত চোৰাং চুপাৰি বিচাৰি জোৰদাৰ অভিযান চলায়। অভিযানত ২৩৬ বস্তা চোৰাং চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটিয়ে | উল্লেখ্য যে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানা এলেকাত যোৱা ৫ অক্টোবৰৰ নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত এটা ডকাইতৰ দলে ট্ৰাকৰ পৰা ৪০০ বস্তা চুপাৰি বলপূৰ্বক সৰকাই নিয়াৰ পাছত সৰভোগ আৰক্ষী থানাত ভুক্তভোগীয়ে এক এজাহাৰ দাখিল কৰিছিল | সৰভোগ আৰক্ষীয়ে ১০৭/২৩ নম্বৰৰ এক গোচৰৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে অব্যাহত ৰাখে | সোণতলী আৰু টুপামাৰীৰ আৰক্ষীৰ সহযোগত সোমবাৰৰ বিয়লিৰ পৰা নিশা পৰ্যন্ত চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ সোণতলী, টুপামাৰী আৰু বদলা অঞ্চলত পৃথকে পৃথকে অভিযানত ঘন জংঘলত বস্তাই বস্তাই চুপাৰিসমূহ লুকুৱাই থোৱা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে ৷ ৪০০ বস্তা চুপাৰিৰ ভিতৰত বৰ্তমানলৈকে ২৩৬ বস্তা চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলে ৷ আনহাতে, ঘটনাৰ লগত জড়িত ২নং টুপামাৰী গাঁৱৰ আইজল হক নামৰ লোক এজনক আটক কৰে আৰক্ষীৰ দলটিয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like