নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিৱিয়ে বুমৰাহৰ দুর্বলতা উদঙাইছেঃ বণ্ড

নিয়মীয়া বাৰ্তা ১৯ ফেব্রুৱাৰীঃ টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহৰ দুর্বলতা উদঙাই নিউজিলেণ্ডৰ বেটছমেনে দক্ষতাৰ পৰিচয় দাঙি ধৰিছে৷ এই মন্তব্য আগবঢ়াইছে নিউজিলেণ্ডৰ একালৰ তাৰকা বেগী বলাৰ শ্বেনবণ্ডে৷ তেওঁ কয় যে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত বুমৰাহৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেটছমেনে সতর্কতাৰে বেটিং কৰি তেওঁক উইকেট দখলৰ পৰা বিৰত ৰাখে৷ আন দলেও এতিয়া বুমৰাহৰ বিৰুদ্ধে এই কৌশল অৱলম্বন কৰিব৷ তেওঁক সাৱধানেৰে খেলি আন বলাৰৰ বিৰুদ্ধে আক্রমণাত্মক শৈলীৰ বেটিং কৰাটো প্রতিটো দলৰ ৰণকৌশলৰ অংশ হ’ব৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ বলিং প্রশিক্ষক হিচাপে এটা সময়ত বুমৰাহৰ সংগ লাভ কৰা শ্বেন বণ্ডে অৱশ্যে এই শৃংখলাত ভাৰতীয় তাৰকা বেগী বলাৰগৰাকীয়ে উন্নত প্রদর্শন দাঙি ধৰিব বুলি আশা প্রকাশ কৰে৷ উল্লেখ্য যে গতিৰ বাবে বিশেষভাৱে খ্যাত বণ্ডে নিউজিলেণ্ডৰ হৈ ১৮খন টেষ্ট, ৮২খন এদিনীয়া আৰু ২০খন টি–২০ খেলিছিল৷

You might also like