নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো ফৰমেটতে পৰৱর্তী ৩ বছৰ খেলি যাব কোহলিয়ে

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেট দলক সমুখৰ পৰা নেতৃত্ব দি থকা অধিনায়ক বিৰাট কোহলিয়ে বিৰামহীন ক্রিকেটসূচীক গধুৰ কর্ম বোজা বুলি নাভাবে৷ খেলপথাৰৰ অতি উচ্চমানৰ শাৰীৰিক সক্ষমতাৰ বাবে ক্রিকেট জগতত ঈর্ষণীয় বিৰাট কোহলিয়ে নিউজিলেণ্ডৰ সৈতে খেলিবলগীয়া প্রথম টেষ্টৰ পূর্বে ভাৰতৰ বিৰামহীন ক্রিকেট সূচীক লৈ মন্তব্য আগবঢ়াই কয় যে গধুৰ কর্ম বোজাই তেওঁক কেতিয়াও ব্যতিব্যস্ত কৰা নাই৷ বৰঞ্চ পৰৱর্তী তিনিটা বর্ষত সকলো ফৰমেটতে খেলি যোৱাৰ প্রস্তুতি চলাইছে৷

ইতিমধ্যে ৩১ বছৰীয়া ক্রিকেটাৰ কোহলিয়ে ৮৪খন টেষ্ট, ২৪৮খন এদিনীয়া আৰু ৮২খন টি–২০ খেল খেলি অনেক অভিলেখৰ গৰাকী হৈছে৷ শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্ট খেলাৰ পূর্বে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়ে কয়– ‘এতিয়াৰে পৰা পৰৱর্তী তিনিটা বছৰ কঠোৰ পৰিশ্রমেৰে খেলাৰ বাবে মোৰ মনক সাজু কৰি লৈছোঁ৷ কোনো কাৰণতেই নিজৰ কথা লুকুৱাই ৰখা উচিত নহয়৷ প্রায় আঠ বছৰ ধৰি খেল খেলি আছোঁ৷ বছৰটোৰ ৩০০ দিন খেলোঁ, তাৰ ভিতৰত ভ্রমণ আৰু অনুশীলনো চলে৷’ তদুপৰি অধিনায়ক কোহলিয়ে নিজৰ সন্দর্ভত স্পষ্ট কৰি কয় যে এনে এটা সময় আহিব, যিটো সময়ত শৰীৰ বিশেষ কর্ম বোজাৰ বাবে সক্ষম নহ’ব, হয়তো মোৰ বাবে এয়া হ’ব পাৰে ৩৪ বা ৩৫ বছৰ৷ সেই সময়ত মই বেলেগ ধৰণে বার্তালাপ কৰিম৷ পৰৱর্তী দুই–তিনি বছৰলৈ খেলক লৈ ক’বলগীয়া একো নাই৷ অৱশ্যে কোহলিয়ে ২০২১ বিশ্বকাপ টি–২০ৰ পিছত দ্বিতীয় চিন্তা এটা কৰাৰ ইংগিতো দিয়ে৷

You might also like