২৩ বছৰীয়া ছেইনিছ পালাচিয়ছ মিছ ইউনিভার্ছ–২০২৩
🔹 ব্রহ্মাণ্ড সুন্দৰীৰ সন্মান পোৱা নিকাৰাগুৱাৰ প্রথম মহিলা
বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : মিছ ইউনিভার্ছ– ২০২৩ খিতাপ জিনিলে নিকাৰাগুৱাৰ ছেইনিছ পালাচিয়ছে৷ মধ্য আমেৰিকাৰ দেশ এল ছালভাডৰৰ ছান ছালভাডৰৰ যোছে এডলফ’ পিনেডা এৰেনাত আয়োজিত মিছ ইউনিভার্ছ–২০২৩ৰ কালি চূড়ান্ত বিজয়ী হিচাপে সন্মান লাভ কৰে মিছ নিকাৰাগুৱা ছেইনিছ পালাচিয়ছে৷ বর্ণাঢ্য কার্যসূচীৰ মাজত মিছ ইউনিভার্ছ ২০২২ আৰবনি গেব্রিয়েলে বিজয়ীৰ মুকুট পিন্ধাই ছেইনিছ পালাচিয়ছক৷ প্রথম ৰানাৰআপ হিচাপে সন্মান লাভ কৰে মিছ থাইলেণ্ড এণ্ট’নিয়া পৰচিল্ডে৷ তৃতীয় ৰানাৰআপৰ সন্মান লাভ কৰে মিছ অষ্ট্রেলিয়া মৰায়া উইলছনে৷ উল্লেখ্য যে মিছ ইউনিভার্ছ ২০২৩ খিতাপ দখল কৰা ছেইনিছ পালাচিয়ছ হৈছে এনে সন্মান লাভ কৰা নিকাৰাগুৱাৰ প্রথমগৰাকী মহিলা৷ ৯০খন দেশে প্রতিনিধিত্ব কৰা এই সুন্দৰী প্রতিযোগিতাখনত বিজয়ীৰ খিতাপ লাভ কৰা ছেইনিছ পালাচিয়ছ হৈছে টিভিৰ আঁত ধৰোতা আৰু মডেল৷ ২৩ বছৰীয়া ছেইনিছ পালাচিয়ছে মিছ টিন নিকাৰাগুৱা ২০১৬ আৰু মিছ ৱর্ল্ড নিকাৰাগুৱা ২০২০ৰ খিতাপ বিজয়ী৷ মিছ ৱর্ল্ড ২০২১ত পালাচিয়ছে টপ ৪০ত স্থান লাভ কৰিছিল৷ চেণ্ড্রেল এমেৰিকান ইউনিভার্ছিটীত মাছ কমিউনিকেচন অধ্যয়ন কৰা ছেইনিছ পালাচিয়ছ হৈছে এগৰাকী ভাল ভলীবল খেলুৱৈ৷ মন কৰিবলগীয়া যে এই প্রতিযোগিতাত অংশগ্রহণ কৰা মিছ ইণ্ডিয়া শ্বেতা শ্বাৰদাই টপ ২০ত স্থান লাভ কৰিলেও প্রতিযোগিতাখনত টপ ১০ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ তাৎপর্যপূর্ণ যে ১৯৫৭ চনত আৰম্ভ হোৱা এই প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে বিবাহিতা আৰু সন্তানৰ মাতৃক অংশগ্রহণ কৰিবলৈ সুযোগ দিয়া হয়৷ প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে পাকিস্তানে অংশগ্রহণ কৰিছে৷