ড০ জয়ন্ত বিশ্ব শর্মা
আমেৰিকাৰ শ্রম পৰিসংখ্যা বিভাগৰ মতে দেশখনত বহলভাৱে ৪৫৯টা বৃত্তি–ক্ষেত্র আছে৷ তেনেদৰে বৃত্তি সম্পর্কে উপদেশ দিয়া এটা ৱেৱছাইটত ১২,০০০ বৃত্তিৰ উল্লেখ আছে৷ উদাহৰণস্বৰূপে– এজন ছাত্রই জীৱবিজ্ঞান ভাল পায় আৰু সাধাৰণভাৱে চিকিৎসক হ’ম বুলি গুণাগঁথা কৰে৷ কিন্তু আমাৰ সামাজিক বাতাৱৰণত তেওঁ বিচাৰ কৰিবলৈ অৱকাশ নাপায় যে তেওঁৰ সন্মুখত জীৱবিজ্ঞানৰ ক্ষেত্রখনতেহ অলেখ বিকল্প আছে, যেনে–Bioinformatics Scientists, Bioinformatics Technicians, Biological Science Teachers, Postsecondary, Biological Scientists, Biomedical Engineers, Biophysicists, Biostatisticians ইত্যাদি৷ হয়াৰে কেতবোৰ বৃত্তি নতুন আৰু অতি ফলদায়ক, অর্থকৰী আৰু বৌদ্ধিকভাৱেও৷ ঠিক তেনেদৰে পৰম্পৰাগত অভিযান্ত্রিক বৃত্তিটোৰ বিপৰীতেData Analyst ব Research Scientistৰ বৃত্তি লৈও এজনে ‘কৃত্রিম বুদ্ধিমত্তা’ৰ দৰে নৱ আৰু উত্তেজনাময় ক্ষেত্রত প্রৱেশ কৰি এক ফলপ্রসূ বৃত্তিত প্রবৃত্ত হ’ব পাৰে৷ তেনেদৰে চৰকাৰী অসামৰিক সেৱাত দাখিল হোৱাটোৱেই সর্বোত্তম বিকল্প নহয়৷ সামাজিক ক্ষেত্রত সেৱাৰ প্রবৃত্তি থকা এজনৰ বাবে বৃত্তিৰ অন্ত নাই, যেনে–Human resources, Procurement বাMarketing Specialists অথবাJournalist, Project manager ইত্যাদি৷ চৰকাৰী বিষয়া হোৱাত মাদকতা আছে, কিন্তু ফলপ্রসূ বিনিয়োগ এই বিকল্প ক্ষেত্রসমূহত অধিক হ’ব পাৰে৷
এই লেখা উদীয়মানসকলৰ বাবে বৃত্তি পৰামর্শ নহয়৷ বৰং এই উপস্থাপনেৰে পিতৃ–মাতৃ আৰু অভিভাৱকৰ অদূৰদর্শিতা আৰু ভাবাৱেগৰ প্রৱণতাৰ সুযোগ লৈ কি এক চৰম ব্যৱসায়িক কার্যসূচীয়ে আজি আমাৰ শৈক্ষিক বাতাৱৰণ ধূসৰিত কৰিছে, উদীয়মানসকলক আত্মঘাতী এক পথেৰে পৰিচালিত কৰি জীৱন অসহনীয় কৰি তুলিছে, তাৰ এক সামান্য ধাৰণা দিয়াহে৷
এইবেলি অসমত প্রায় এটা মাহ উজনি–নামনি কৰি মনটো বিষাদগ্রস্ত হৈছিল৷ কিশোৰ–কিশোৰীসকলৰ বাবে একাদশ–দ্বাদশ এই দুটা বছৰ জীৱন গঢ়াৰ বাবে অমূল্য৷ তেওঁলোকৰ ভৱিষ্যৎ নিজস্ব তাড়নাৰেহে গঢ় লৈ উঠিব৷ এহ সৰল সত্য সন্তানক কেৱল চিকিৎসক আৰু অভিযন্তা বনোৱাৰ অহৈতুক উন্মাদনাৰ বলি হৈছে৷ নিয়মীয়া স্কুল বা কলেজ এখনত ভর্তি কৰা হয় কেৱল ব’ৰ্ডৰ পৰীক্ষাটো দিয়াৰ সুবিধাৰ বাবে৷ কিন্তু স্কুল বা কলেজখনলৈ যাবলৈ দিয়া নহয়৷ পৰিৱর্তে বাণিজ্যিক প্রশিক্ষণ অনুষ্ঠান একোখনত ভর্তি কৰি দিয়া হয়৷ এই বাণিজ্যিক অনুষ্ঠানসমূহে চিকিৎসা আৰু অভিযান্ত্রিক পাঠ্যক্রমৰ প্রৱেশ পৰীক্ষাত উত্তীর্ণ কৰাই দিয়াৰ আশা দি লাখ লাখ টকাৰ মাচুল আদায় কৰে৷ নিয়মীয়া স্কুল বা কলেজখনো এই ব্যৱস্থাটোৰ অংশ৷ কাৰণ তেওঁলোকে পাঠদানত অনুপস্থিত থকা সত্ত্বেও ছাত্র–ছাত্রীক ব’ৰ্ডৰ পৰীক্ষা দিয়াৰ উপযুক্ত বুলি মান্যতা দিয়ে৷ পিতৃ–মাতৃৰ উন্মাদনা আৰু ব্যৱসায়ীৰ পাকচক্রত উদীয়মানসকলৰ জীৱন ধবংসৰ আৰম্ভণি এহধৰণেই হয়৷
দৰাচলতে এটা কৃত্রিম নাটনিৰ পৰিৱেশ ব্যৱসায়ীসকলে কৰিবলৈ সক্ষম হৈছে৷ দৰাচলতে ২০২৩ চনৰNational Eligibility cum Entrance Test (NEET)ত ২০.৩৮ লাখ মুঠ প্রতিযোগীৰ মাজত আধাতকৈও বেছি ১১.৪৬ লাখেহ একোখন আসন পাবলৈ সমর্থ হৈছিল৷ সাধাৰণ শ্রেণীৰ বাবে ১৩৭/৭২০ (১%) নম্বৰ হৈছে আটাইতকৈ কম নম্বৰ, যাৰ ভিত্তিত এহ নম্বৰ পায়েই প্রতিযোগী এজনে আসন লাভ কৰিছিল৷ এই বছৰ ১% নম্বৰেই 50th percentile প্রতিনিধিত্ব কৰিছিল অর্থাৎ ১% পোৱাৰ অর্থ ৫০ শতাংশসহ প্রতিযোগীতকৈ ভাল ফল প্রদর্শন কৰা৷ এই পৰিসংখ্যাৰ পৰা এনে ভাব নহয় যেNEET এটা সাংঘাতিক ধৰণৰ প্রতিযোগীতামূলক পৰীক্ষা৷ আনহাতে, ব্রিটেইনৰ কোনো কোনো বিশ্ববিদ্যালয়ত চিকিৎসা পাঠ্যক্রমত ভর্তিৰ বাবে অন্যতম প্রয়োজনীয় মাপকাঠী University Clinical Aptitude Test (UCAT) ২০২৩ চনত ৩৫,৬২৫জন প্রতিযোগী অৱতীর্ণ হৈছিল৷ মুঠ ৩,৬০০50th percentile আছিল ২,৫১০ (৭%)৷ NEETত ১% আৰু UCATত ৭% পোৱাৰ অর্থ ৫০ শতাংশসহ প্রতিযোগীতকৈ ভাল ফল দেখুওৱা৷ যদিও এই দুয়োবিধ সুকীয়া ধৰণৰ পৰীক্ষা আৰু NEETৰ একচেটীয়া গুৰুত্বৰ বিপৰীতেUCAT নামভর্তিৰ বাবে একমাত্র বিবেচনা নহয়, তথাপি ১% আৰু ৭% এহ দুটা হাৰে প্রতিযোগিতাৰ তীব্রতা সূচাইছে৷ ভাৰতত যিকোনো এজন প্রার্থীৰ বাবে চিকিৎসা পাঠ্যক্রমত ভর্তি হোৱা তুলনামূলকভাৱে অতি সহজ, ৫% সম্ভাৱনা৷ পৃথিৱীৰ বহু কম দেশতহে ইমান এই পাঠ্যক্রমৰ বাবে ইমান বেছি সম্ভাৱনা আছে৷ অথচ কৃত্রিম নাটনিৰ এটা পৰিৱেশ ব্যৱসায়ীসকলে গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ অভিভাৱক আৰু ছাত্র–ছাত্রীৰ মাজত এই ডেওনাখনক এক জীৱন আৰু মৰণৰ ৰণ ৰূপ দিছে৷
India Todayৰ ২০২০ৰ এটা ৰিপ’ৰ্টত CRISILৰ তথ্যৰ উদ্ধৃতি দি কোৱা হৈছে যে ভাৰতত প্রশিক্ষণ ব্যৱসায় ২০২১ৰ ভিতৰত ৭০, ২০০ কোটি হ’বগৈ৷ হ বছৰি ১%কৈ বাঢ়িছে৷ উদাহৰণস্বৰূপে– ২০২৩ৰ তথ্য অনুসৰি Allen Career Institute নামৰ প্রশিক্ষণ সংস্থাটোৰ দেশত ৫৫খন নগৰত ২৪০টা প্রশিক্ষণ কোঠাত মুঠ ১.২৭ লাখ ল’ৰা–ছোৱালীয়ে প্রশিক্ষণ লৈ আছে৷ কৰ পৰিশোধৰ পাছত লাভৰ পৰিমাণ অবিশ্বাস্য ৪২৯ কোটি টকা৷ এওঁলোকে প্রশিক্ষার্থীৰ মুঠ সংখ্যা গোপনে ৰাখি উচ্চ স্থানত বাছনিত উঠা কেইজনমানৰ মুখাবয়ৱ বিজ্ঞাপনত ব্যৱহাৰ কৰি এক চমক সৃষ্টি কৰে৷ এই ভৰসাতেই পিতৃ–মাতৃয়ে সন্তানক দুবছৰৰ বাবে এওঁলোকক এক বুজন পৰিমাণৰ ধন দি গতাই দিয়ে৷ এওঁলোকে নতুন গোটটোৰ পৰা মেধাৱী কিছুক বাছি উলিয়াই বিশেষ যত্ন লয় যাতে উচ্চ স্থানসহ বাছনিত উঠে৷ এহবাৰ এইকেইজনৰ মুখাবয়ৱ বিজ্ঞাপনত দি পুনৰ পিতৃ–মাতৃক আকর্ষণ কৰিব৷ এইধৰণে চক্রটো বছৰৰ পাছত বছৰ ধৰি চলি থাকে৷ আনকি স্থান পোৱা কোনো কোনোৰ মুখাবয়ৱ একাধিক প্রতিষ্ঠানে নিজৰ সফলতা বুলি প্রচাৰ কৰে৷ এওঁলোকে প্রকৃত সফলতাৰ প্রকৃত হাৰ প্রকাশ নকৰে আৰু সৰহ পিতৃ–মাতৃয়েও প্রয়োজনীয় জ্ঞান নকৰে৷ মই এইবাৰAllen Career Institute গুৱাহাটিস্থ শাখাটোৰ যোৱাবছৰৰ সাফল্যৰ খতিয়ান এজন অভিভাৱক পিতৃক প্রতিষ্ঠানটোক সুধি মোক জনাব কৈছিলোঁ৷ যোৱাবছৰNEETৰ কাৰণে প্রশিক্ষণ লোৱা ২,৮০০ প্রশিক্ষার্থীৰ ভিতৰত ৪৭০জন বাছনিত উঠিছিল, সফলতাৰ হাৰ ১%৷ যি স্থলত এই পৰীক্ষাত উত্তীর্ণৰ হাৰ ৫%ৰ অধিক৷ অর্থাৎ ৩%ৰো অধিক প্রার্থীয়ে এই প্রতিষ্ঠানত প্রশিক্ষণ লৈ ক্ষতিৰহে সন্মুখীন হৈছিল– এইধৰণে জবাব বিচাৰিব পৰা যায়৷ দৰাচলতে প্রতিষ্ঠান এটাৰ নগৰে–চহৰে কাঠফুলাৰ দৰে গজি উঠা সকলো শাখা একেলগ কৰি পৰিসংখ্যা উলিয়ালে সফলতাৰ হাৰ হয়তো শতকৰা এটা সংখ্যালৈ নামি আহিব বা কমহে হ’ব৷ তেওঁলোকে স্বচ্ছ পৰিসংখ্যা নিজেহ দিয়া উচিত যাতে বিতর্ক নহয়৷ এই বছৰAllen Career Institute গুৱাহাটীস্থিত শাখাটোত বিপুল সংখ্যক ৫,৮০০ উদীয়মানে প্রশিক্ষণ লাভ কৰি আছে৷ যোৱাবছৰৰ পৰিসংখ্যাৰ পৰা তেওঁলোকৰ অধিকসংখ্যকৰে বাছনিত উঠাৰ সম্ভাৱনা কম৷ দুটা বছৰৰ অন্তত দৰাচলতে তেওঁলোকৰ পথ সংকুচিত হোৱাৰ সম্ভাৱনাহে অধিক, এনে এক দুর্ভাৱনাহে মনলৈ আহে৷
অসামৰিক সেৱাৰ প্রতিযোগিতাৰ কাহিনী সামান্য বেলেগ৷ ২০২৩ চনত ভাৰতীয় প্রশাসনিক সেৱাৰ প্রতিযোগিতাত অৱতীর্ণ হোৱা ১৩ লাখ প্রতিযোগীৰ ভিতৰত মাথোঁ ১৪,৬২৪জন (১.%) প্রাথমিক পৰীক্ষাত উত্তীর্ণ হৈছিল৷ কিন্তু আচৰিত কথা যে সাধাৰণ শ্রেণীৰ প্রার্থীয়েই সর্বনিম্ন মাথোঁ ৮৮/৪০০ (২%) পায়েই ডত্তীর্ণ হৈছিল৷ প্রাথমিক পৰীক্ষাটোত দুখন সাধাৰণ জ্ঞানৰ প্রশ্নকাকতত একোখনত ২০০কৈ মুঠ ৪০০ নম্বৰ থাকে৷ মূল পৰীক্ষাটোত ৯খন প্রশ্নকাকাতসহ মুঠ ১৮৫০ নম্বৰ থাকে৷ ২০২৩ৰ ফলাফল ওলোৱা নাই, কিন্তু ২০২২ চনত সর্বনিম্ন ৭৪৮/১৮৫০ (৪%) পায়েই সাধাৰণ শ্রেণীৰ প্রার্থী সাক্ষাৎকাৰলৈ আমন্ত্রণ পাইছিল৷ যিকোনো বিশ্ববিদ্যালয়ত এই ধৰণৰ প্রদর্শন তৃতীয় শ্রেণীৰ বা অনুত্তীর্ণ বুলি বিবেচিত হ’ব৷ ১.% উত্তীর্ণৰ হাৰেৰে ভাৰতীয় অসামৰিক সেৱা অত্যন্ত টান এক পৰীক্ষা– আপাত দৃষ্টিত এনে লাগিলেও উত্তীর্ণ হ’বলৈ প্রয়োজন মাথোঁ ২%–৪%৷ ই এক বিৰাট সাঁথৰ৷ এটা ব্যাখ্যা এনে হ’ব পাৰে যে সৰহভাগ প্রার্থীয়েই সম্পূর্ণৰূপে অপ্রস্তুত৷ প্রকৃত প্রতিযোগিতা মুষ্টিমেয়ৰ মাজত হয়৷ এনে ধৰণেও ক’ব পাৰি যে ই এক সহজ প্রতিযোগিতা৷ কিন্তু এনে এটা প্রহেলিকা গঢ়ি উঠিছে যে প্রশিক্ষণৰ নামত এটা ৰমৰমীয়া ব্যৱসায় গঢ়ি ডঠিছে, য’ত অনুত্তীর্ণৰ হাৰ সর্বাধিক৷ সাধাৰণ সামাজিক বর্ণনাটো এনে যে অসামৰিক সেৱাৰ পৰীক্ষা অতি টান আৰু উত্তীর্ণসকল অতি প্রতিভাশালী৷ একাংশৰ মাজত এক গণ উন্মাদনাৰ পৰিৱেশ যে ভাৰতীয় অসামৰিক সেৱা হৈছেBE-ALL AND END-ALL এক সফলতাৰ মাপকাঠী৷ ব্যক্তিগত যুৱক–যুৱতীৰ বাবেহ নহয়, সমাজ আৰু ৰাজ্যৰ বাবেও৷ সমাজ আৰু পিতৃ–মাতৃক গৌৰাৱান্বিত কৰিবলৈ, সমাজত উচ্চস্থান পাবলৈ, ক্ষমতাশালী বা সহপাঠীতকৈ অধিক সফল হ’বলৈ ই আটাহতকৈ উপযুক্ত মাধ্যম– এই ধাৰণা আৰু হেঁচা–প্রত্যাশাৰ বলি হৈ উদীয়মানসকলে লক্ষ্য নির্ধাৰণ কৰে৷ দেশক সেৱা কৰাৰ মনোকামনাও বহুতৰে থাকে৷ বাছনি পৰীক্ষাত সফল হোৱাটো এটা প্রচণ্ড তাগিদা আত্মসন্মান আৰু মর্যাদাৰ প্রশ্ন হৈ পৰে৷ এই ধামখুমীয়াত মাথোঁ তেওঁলোকৰ দৃষ্টি ইমান সীমিত হৈ পৰে যে এই আটাহখিনি উপলব্ধি বা সফলতা আয়ত্ত কৰিবলৈ যে শ–হাজাৰটা পথ আছে সেয়া অগোচৰে ৰয়৷ অথচ ১২,০০০ৰো অধিক বৃত্তি আছে, প্রতিটো বৃত্তিৰেহ মহত্ত্ব আছে৷
মই এনেদৰে কোৱাও শুনিছোঁ যে ৰাজ্যখনৰ পৰা বছৰি ১০–১২জনে অসামৰিক সেৱা লাভ কৰাটো হ’ব এক অনন্য সফলতা৷ কেলেই? মই এজন এই ধাৰণাৰ প্রবক্তাক প্রশ্ন কৰিছিলোঁ৷ ধৰি ল’লোঁ এনে হৈছে৷ এইকেহজনে ৰাজ্যখনৰ বাহিৰতহে সেৱা আগবঢ়াব৷ ৰাজ্যখনত যদি এক আতংকময় পৰিৱেশ বা আন কাৰণ যে আন ৰাজ্যৰ কোনো বিষয়া চাকৰি কৰিবলৈ নাহে, তেনে এক পৰিৱেশত এহ মুষ্টিমেয় অসমীয়া বিষয়া ৰাজ্যখনলৈ আহি সেৱা আগবঢ়াবলৈ প্রস্তুত থাকিব৷ তেনে এক পৰিৱেশ নাহ, বিষয়াৰ অভাৱ হোৱা নাই৷ অসামৰিক সেৱাৰ বাছনিত বিশেষকৈ বিহাৰৰ তথাকথিত সাফল্যই আমাক হমান চমকিত কৰিছে যে আমি কিয় পিছপৰি ৰ’ম ই এক সন্মান আৰু মনস্তাত্ত্বিক তাগিদা হৈ পৰিছে৷ অথচ ভাৰতৰ এখন অগ্রণী ৰাজ্য গুজৰাট, তেওঁলোকৰ ভাৰতীয় অসামৰিক সেৱাত থকা বিষয়াৰ সংখ্যা জনমূৰি অনুপাতত অসমৰ সমান (২০২১ চনৰ পৰিসংখ্যা)৷ প্রতি ১ কোটি ৰাজ্য জনসংখ্যাৰ বিপৰীতে উত্তৰ প্রদেশ আৰু বিহাৰৰ ৩০জন, গুজৰাট, পশ্চিমবংগ, অসমৰ ৫জন বিষয়া ভাৰতীয় অসামৰিক সেৱাত আছে৷ দক্ষিণৰ ৰাজ্য (কর্ণাটকৰ বাহিৰে)ৰ ৪০, দিল্লীৰ ১১৫, পঞ্জাব আৰু হাৰিয়ানাৰ ৬০ৰো অধিক৷ কিন্তু প্রগতিৰ বিভিন্ন সূচকাংকসমূহৰ ক্ষেত্রত অসামৰিক সেৱাত ৰাজ্যখনে প্রেৰণ কৰিবলৈ সমর্থ হোৱা নিজৰ বিষয়াৰ জনমূৰি অনুপাত নির্ণায়ক নহয়৷ ভ্রান্ত সামাজিক ধাৰণাই আমাৰ উদীয়মানসকলক বিপথে পৰিচালিত কৰিছে৷ চৰকাৰী চাকৰিয়ে নিবনুৱা সমস্যা সমাধান নকৰে৷ চিকিৎসক আৰু অভিযন্তা সহস্রাধিক বৃত্তিৰ মাথোঁ দুটা৷ এনেস্থলত অসামৰিক বিষয়াক অধিক মহত্ত্ব কোন দিশৰ পৰা আৰোপ কৰা হৈছে? ধৰি ল’লোঁ বছৰি ১০–১২জনকৈ ১০ বছৰত ইমানকেইজন হ’বগৈ যে ভাৰতীয় অসামৰিক সেৱাত অসমীয়া বিষয়াসকল গুৰুত্বপূর্ণ পদবীত অধিষ্ঠিত হৈ থাকিব৷ তেতিয়া কি হ’ব? ৰাজ্যখন অধিক উপকৃত হ’ব? কেনেকৈ? হ আমাক গৌৰৱ কৰিবলৈ অৱসৰ দিব৷ কিন্তু এহ গৌৰৱ বাFeel Good Factor দৰাচলতে অসাৰ৷ প্রগতি আৰু সন্মানৰ নির্ণায়ক হৈছে প্রতিটো ক্ষেত্রত উচ্চ দক্ষতা বিশেষকৈ নতুন ক্ষেত্রসমূহত কিমান উদীয়মান প্রবৃত্ত হৈছে৷ কিমান আমাৰ উদ্যমী যুৱক–যুৱতী আছে যি আনকো কর্মসংস্থান দিছে৷
এইখিনিতে মই‘Opportunity cost’ৰ ধাৰণাটো উপস্থাপন কৰিবলৈ বিচাৰিছোঁ৷ এইটো অর্থনীতিৰ ধাৰণা যদিও ই বহলভাৱে প্রযোজ্য৷
‘Opportunity cost is missing out on the next best alternative. In other words, opportunity cost represents the benefits that could have been gained by taking a different decision.’
সম্পদ সীমিত৷ এই সীমিত সম্পদ আমি একাধিক ক্ষেত্র বা সুবিধাৰ মাজত এটাতহে বিনিয়োগ কৰিবলৈ পর্যাপ্ত৷ এনেস্থলত আমি বিনিয়োগ নকৰিবলৈ সিদ্ধান্ত লোৱা ক্ষেত্র বা সুবিধাকেহটাৰ সুফল আমি নাপাওঁ৷ আমি বিচাৰ কৰিব লাগিব যে এই হেৰুওৱা সুফল আমি বিনিয়োগ কৰা ক্ষেত্র বা সুবিধাটোৰ জৰিয়তে পোৱা সুফলতকৈ বেছি নে কম৷ যদি কম আমাৰ সিদ্ধান্ত উপযোগী৷ তথাপি এইটো অনস্বীকার্য যে বিকল্প ক্ষেত্রত বিনিয়োগ নকৰাৰ ফলত আমি সুফল হেৰুৱাইছোঁ৷ এই হেৰুওৱা সুফল হৈছে‘Opportunity cost’৷
আজি চিকিৎসক, অভিযন্তা আৰু আসামৰিক বিষয়া, মাথোঁ এই তিনিটা ক্ষেত্রত আমাৰ একাণপতীয়া সামাজিক মনোনিৱেশৰে আন আন ফলপ্রসূ বৃত্তিসমূহত প্রবৃত্ত হোৱাৰ পৰা মেধাৱী উদীয়মানসকলক আঁতৰাইছোঁ৷ প্রতিটো বিকল্পৰ সন্ধান আৰু নিজৰ ৰুচি–অভিৰুচি অনুযায়ী সুযোগৰ সদ্ব্যৱহাৰৰ জীৱনৰ আটাহতকৈ গুৰুত্বপূর্ণ বছৰকেইটাত আমি এই উদীয়মানসকলৰ দৃষ্টিৰ পৰিধি সীমিত কৰি ক্ষতি কৰিছোঁ, উদ্যম–সৃষ্টিশীলতাত হানি কৰিছোঁ, আনকি বহুজনক হতাশাৰ মুখলৈ ঠেলি দিছোঁ৷ এই ধাৰণা দিছোঁ যে এই তিনিটা ক্ষেত্রত বিফল হোৱাসকল অনুপযুক্ত, ৰাজ্যবাসীৰ বাবে অকামিলা৷ এই উন্মাদনাৰOpportunity cost বৃহৎ৷ ইয়াৰ অর্থনৈতিক মূল্যায়ন হ’লে নিঃসন্দেহেGDPৰ এটা ডাঙৰ অংশ হ’ব৷ প্রশিক্ষণ ব্যৱসায়ৰ কোটি কোটি টকাৰ বিনিয়োগৰ পৰিৱর্তে দেশখনৰ বাবে প্রয়োজনীয় হাজাৰ হাজাৰ আধুনিক বৃত্তিৰ ক্ষেত্রত দক্ষতা–কৌশল বিকাশৰ বাবে নকৰাৰOpportunity cost এটা অকল্পনীয় সংখ্যা হ’ব৷ সামাজিক পৰিৱেশ আৰু চৰকাৰী নীতিৰ সফলতা হৈছে বেচৰকাৰী বিনিয়োগ দেশৰ বাবে প্রয়োজনীয় ক্ষেত্রসমূহত বিনিয়োগৰ এটা পৰিৱেশ কৰি তুলিব পৰা৷
এইটোও নহয় যে প্রশিক্ষণ ক্ষেত্রত বিশাল বিনিয়োগে উদীয়মানসকলক উপযুক্ত কৰি তুলিছে৷NEET, JEE বা অসামৰিক সেৱাত প্রার্থীসকলৰ প্রদর্শন কিয় ইমান বেয়া? সাধাৰণ শ্রেণীৰ ক্ষেত্রতেহ প্রৱেশ পৰীক্ষাত ৩%তকৈও কম নম্বৰ পায়ো চিকিৎসক, অভিযন্তা হৈছে৷ আসামৰিক সেৱাৰ ক্ষেত্রতো প্রার্থীৰ প্রদর্শন তথৈবচ৷ সমাজত ভাৰতীয় অসামৰিক বিষয়াসকল বুদ্ধিদীপ্ত বুলি যি ধাৰণা, সেয়া ভ্রান্ত, অন্ততঃ প্রৱেশ পৰীক্ষাৰ পৰিসংখ্যাহ তাকেহ সূচাহছে৷ সমাজৰ সকলো ক্ষেত্র আৰু বৃত্তিতেহ গড়, গড়তকৈ কম আৰু বেছি বুদ্ধিদীপ্ত লোক থাকে৷ গড়ৰ সংখ্যা বেছি, গড়তকৈ কম আৰু বেছিৰ সংখ্যা কম৷ এয়া পৰিসংখ্যা বিজ্ঞানৰBell Curve বাNormal Distribution (সাধাৰণ বিতৰণ)৷ এয়াই প্রকৃতিৰ নিয়ম৷ চিকিৎসক, অভিযন্তা, আসামৰিক বিষয়াসকলৰ মাজতো গড় বুদ্ধিৰ লোকৰ সংখ্যা বেছি৷ তেওঁলোকৰ মাজত অধিক প্রতিভাশালীৰ সংখ্যাধিক্য নাহ৷ ওলোটাহে সত্য হ’ব পাৰে৷ কাৰণ এওঁলোকৰ বাছনি যি মাধ্যমেৰে হয়, সেয়া হ্রস্বকালীন মুখস্থ বিদ্যাৰহে পৰীক্ষা৷ সামগ্রিক বুদ্ধিদীপ্ততা বা ব্যক্তিত্বৰ প্রখৰতাৰ নহয়৷
আমাৰ প্রাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থা দুর্বল, যাৰ প্রতিফলন ঘটিছে এই প্রৱেশিকা পৰীক্ষাসমূহৰ ফলাফলত৷ স্বাধীনতাৰ সাতোটা দশকৰ পাছতো প্রাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাত বিশাল বিনিয়োগৰ বিপৰীতে আইআইটিৰ দৰে খণ্ডহহে অধিক বিনিয়োগ লাভ কৰে৷ এই উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহত কৰা বিনিয়োগৰ বিপৰীতে সেইসমূহৰ উৎপাদনশীলতা আৰু সৃষ্টিশীলতা কিমান? এনে অধ্যয়ন মই দেখা নাই৷ কৰাৰ প্রয়োজনীয়তা নাই, হয়তো এনে ভাবহে বিৰাজমান৷ শিক্ষা ক্ষেত্রৰ বিনিয়োগতোOpportunity costৰ বিবেচনা প্রযোজ্য৷ মই এইবাৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ পাঠ্যক্রম আৰু প্রশ্নকাকতত চকু ফুৰাইছোঁ৷ ভালকৈ মাধ্যমিক আৰু স্নাতক পাঠ্যক্রম কৰাসকলৰ বাবে কিছু অতিৰিক্ত সাধাৰণ জ্ঞানৰ সজাগতা আৰু নিয়মীয়া অধ্যয়ন অসামৰিক সোৱাৰ বাছনিৰ কাৰণে পর্যাপ্ত হ’ব পাৰে৷ প্রশিক্ষণৰ জৰিয়তে ছমাহতে সমস্ত প্রয়োজনীয় জ্ঞান–তথ্য মুখস্থ বিদ্যাৰে আয়ত্ত কৰিম, এয়া হৈছে আয়াসতে ফল লাভৰ দুৰাশা৷ শিক্ষা প্রাথমিক পর্যায়ৰ পৰাই আৰম্ভ হয়৷ ই ধাৰাবাহিক, নেৰানেপেৰা অভিযান৷ আজিৰ সময়ৰ বাবে উপযুক্ত ব্যক্তিত্ব গঢ়িবৰ বাবে কৰা চেষ্টাতকৈ অসামৰিক বিষয়া হ’বলৈ অধিক পৰিশ্রমৰ প্রয়োজন নাই৷