নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰম লোহাৰ ৰডেৰে নিউমোনিয়াৰ চিকিৎসা !

🔹 মধ্যপ্রদেশৰ ঘটনাক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : গোটেই শৰীৰত পোৰা দাগ ৷ ডিঙি, পেট আৰু শৰীৰৰ বিভিন্ন স্থানত পোৰা দাগ থকা ডেৰমহীয়া শিশু এটিক হাস্পতালত ভর্তি কৰোৱা হ’ল৷ লোহাৰ গৰম ৰডেৰে শৰীৰৰ বিভিন্ন স্থান পুৰি দিয়া বুলি হাস্পতালৰ সূত্রই সদৰী কৰিছে৷ শিশুটি নিউমোনিয়া ৰোগত আক্রান্ত হৈছিল৷ লোহাৰ ৰডেৰে শৰীৰ পুৰি নিউমোনিয়ামুক্ত কৰিব বিচৰা হৈছিল শিশুটিক৷ মধ্যপ্রদেশৰ ছাহদোলৰ হার্ডি গাঁৱৰ এই শিহৰণকাৰী ঘটনাৰ পিছতে শিশুটিৰ মাতৃ, আইতাক আৰু এগৰাকী ধাত্রীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে৷

You might also like