নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত হেৰোইনসহ আটক এজন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে। সোমবাৰৰ নিশা মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে মানকাচৰ আৰক্ষী থানাৰ সমীপৰ অশোকাষ্টমী মেলাঘাটৰ সম্মুখত গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী, উপ-পৰিদৰ্শক হীৰেন বুংৰুং, নয়নজ্যোতি গগৈসহ আৰক্ষীৰ দল এটাই নাকা তলাচী বহুৱায়। তলাচী কালত এগৰাকী লোকৰ পৰা এখন চাবোনৰ কেছৰ পৰা ১২.৩৮ গ্ৰাম হে’ৰোইন, এখন নম্বৰবিহীন টিভিএছ আপচি বাইক আৰু ৰিয়েলমি এক্স ২ ম’বাইল ফোন জব্দ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কাকৰীপাৰা, বালুচৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ছফিকুল ইছলামৰ পুত্ৰ জিয়াউল হাছান বুলি জানিব পৰা গৈছে ৷ জিয়াউল হাছানে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে। সোমবাৰে নিশা কাকৰীপাৰাৰ পৰা বাইকেৰে মানকাচৰত ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ আহি থকাৰ সময়তে মানকাচৰ আৰক্ষীয়ে অশোকাষ্টমী মেলাঘাটৰ সম্মুখত জিয়াউল হাছান নামৰ লোকজনৰ বাইক ৰখাই তলাচী চলোৱাত ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মানকাচৰ আৰক্ষীয়ে হেৰোইনসহ ধৃত জিয়াউল হাছানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like