নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : ডিমা হাছাও জিলাৰ গৰমপানী বনাঞ্চলৰ পৰা তিনি কুখ্যাত বন মাফিয়াক বন বিভাগৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত কিছুদিন ধৰি গৰমপানী বনাঞ্চলৰ মূল্যৱান কাঠ চোৰাংকৈ সৰবৰাহ কৰাৰ উপৰি বন্য জন্তুৰ চোৰাং বেহা অব্যাহত ৰখা বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগে তীব্ৰ অভিযান চলাই আছিল । উক্ত অভিযানৰ সময়ত উমৰাংছ’ত গ্ৰেপ্তাৰ হয় তিনি বন মাফিয়া ৷ গৰমপানী বনাঞ্চলৰ সমীপৰ পৰা বন বিভাগে গ্ৰেপ্তাৰ কৰে ইমাৰুল লওৰং, হুইটচৱেল লাৰমুৰাং, ৰাকিল মোৰেং। বনদস্যুকেইটাৰ পৰা আগ্নেয়াস্ত্ৰৰ উপৰি বুজন পৰিমাণৰ বিস্ফোৰকো জব্দ কৰিছে বন বিভাগে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ