পর্তুগীজৰ আগ্রাসন প্রতিহত কৰোঁতাঃ মচলা ৰাণী চেন্নাভইৰা দেৱী
পেপাৰ কুইন৷ মচলা ৰাণী৷ অনেক নাম তেওঁৰ৷ দক্ষিণৰ বিশাল সাম্রাজ্যৰ একছত্রী সম্রাজ্ঞী আছিল এই পেপাৰ কুইন৷ অৱশ্যে পেপাৰ কুইন এই নামে সকলোকে অলপ হ’লেও আশ্চর্যচকিত কৰিব পাৰে৷ কাৰণটো হৈছে এই নামটোক লৈ৷ মচলা ৰাণী ওৰফে পেপাৰ কুইন৷ পিছে তেওঁৰ প্রকৃত নামটো অন্যহে৷ তেওঁক এই উপনাম দিছিল পর্তুগীজসকলে৷ সেয়াও আজিৰ পৰা কেইবাশ বছৰ পূর্বেই৷ ইতিহাসত এই মহীয়সী বীৰাংগনাৰ স্বর্ণগাথা সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে৷ আমাৰ বাবে এই নামটো চিৰপৰিচিত নহ’লেও তেওঁ কিন্তু ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাই, ৰেজিয়া চুলতানা, মহাৰাণী গায়ত্রী দেৱীতকৈ কোনোগুণে কম ব্যক্তিত্বসম্পন্ন নাছিল৷ তেওঁৰ বীৰগাথাৰ বিষয়ে ভাৰতীয় বুৰঞ্জীত চর্চিত নহ’লেও সেই সময়ত হূদয় জিনিছিল দাক্ষিণাত্যৰ সর্বসাধাৰণৰ৷ তেওঁৰ প্রকৃত নামটো হৈছে চেন্নাভইৰা দেৱী৷ প্রকৃতার্থতে এই বীৰাংগনাই প্রায় ৫৪ বছৰ অর্থাৎ অর্ধশতিকাজুৰি নিজৰ শাসনভাৰ সুকলমে চলাই গৈছিল৷ সেই মহাৰাণীয়ে এসময়ত গোৱাৰ পৰা উত্তৰ কন্নড, দক্ষিণ কন্নড, মালবাৰ পর্যন্ত নিজৰ সাম্রাজ্য বিস্তাৰ কৰিছিল৷ এই সাম্রাজ্যৰ নাম আছিল ছালুভা৷ সেই সাম্রাজ্যৰে ৰাজধানী আছিল গেৰুসোপ্পা৷ ভাৰতীয় শাসনব্যৱস্থাত সুদীর্ঘ কালজুৰি এগৰাকী বীৰাংগনা মহিলাই নিজৰ সাম্রাজ্যক সুকলমে চলাই যোৱাৰ উদাহৰণ যথেষ্ট কমেই দেখা পোৱা যায়৷ তাৰ ভিতৰত এইগৰাকী মহাৰাণী ব্যতিক্রম আছিল৷
১৫৫৪ চনত দাক্ষিণাত্যত মূৰ দাঙি উঠা ছালুভা সাম্রাজ্যৰ নেতৃত্ব বহন কৰিছিল ৰাণী চেন্নাভইৰা দেৱীয়ে৷ তেওঁৰ এই সুদীর্ঘজোৰা শাসন ব্যৱস্থাত সকলো প্রজাই সুখৰে জীৱন যাপন কৰিছিল৷ ইফালে সেই সময়ত ভাৰতবর্ষ আছিল ঐশ্বর্যশালী, বৈভৱশালী তথা সকলো দিশতেই আগবঢ়া৷ সেই কেইবাশ শতিকা পূর্বেই মহাৰাণী চেন্নাইভৰা দেৱীৰ শাসনত তেওঁৰ সাম্রাজ্যত ব্যৱসায়–বাণিজ্যই আশা কৰা ধৰণে দোপতদোপে উন্নতি সাধিছিল৷ ফলত এই ব্যৱসায়–বাণিজ্যই এটা সময়ত অভাৱনীয় সফলতা লাভ কৰিছিল৷ এনে সময়তেই পর্তুগীজসকলৰ নজৰলৈ আহিছিল এই ছালুভাই সাম্রাজ্য৷ আনহাতে ঠিক এনে সময়তেই ছালুভা সাম্রাজ্যৰ সর্বসাধাৰণে দোপতদোপে ব্যৱসায়–বাণিজ্যত উন্নতি কৰা দেখি সেয়া নিজৰ অধীনলৈ নিয়াৰ চেষ্টা কৰিছিল এই পর্তুগীজসকলে৷ এইক্ষেত্রত আংশিকভাৱে সফলো হৈছিল পর্তুগীজৰ লোকসকল৷ সেই সময়ত প্রায় তেওঁলোকৰ দখললৈ গৈছিল ভাৰতৰ অংগৰাজ্য গোৱা৷ ঠিক সেই সময়ত পর্তুগীজৰ এনে তীব্র আগ্রাসন প্রতিহত কৰিছিল এই মহাৰাণীগৰাকীয়ে৷
উল্লেখ্য যে ভাৰতৰ দক্ষিণ প্রান্তৰ মালবাৰ উপকূলৰ কালিকটত ১৪৯৮ বর্ষত ভৰি দিছিল ভাস্কো ডি গামাই৷ এই ভাস্কো ডি গামাই ইউৰোপৰ পৰা ভাৰতলৈ জলপথেৰে অহা ৰাস্তাৰ পোনপ্রথমে সন্ধান উলিয়াইছিল৷ তাৰ ঠিক কেইবছৰমান পিছত অর্থাৎ ১৫০৩ বর্ষত ভাৰতৰ কোচিত পর্তুগীজসকলে স্থাপন কৰিছিল প্রথমটো দুর্গ৷ সেয়াই আছিল আৰম্ভণি৷ পোনপ্রথমে ভাৰতৰ সৈতে ব্যৱসায়–বাণিজ্য আৰম্ভ কৰিছিল তেওঁলোকে৷ একেদৰে ইউৰোপ আৰু ভাৰতৰ মাজত যাতায়াত ব্যৱস্থাৰো সেয়াই আৰম্ভণি৷ এনেদৰেই পর্তুগীজসকলে ব্যৱসায়ৰ ছলেৰে ইটোৰ পিছত সিটোকৈ ভাৰতৰ বিভিন্ন অঞ্চলৰ বন্দৰসমূহ নিজৰ দখললৈ লৈ গৈছিল৷ পর্তুগীজসকলৰ এনে আগ্রাসী মনোভাবক সেই সময়ত ঠিকেই বুজি পাইছিল ৰাণী চেন্নাভইৰা দেৱীয়ে৷ তেওঁ অকলেই প্রতিহত কৰিছিল পর্তুগীজসকলৰ ছল–চাতুৰীক৷ সেইদৰে তেওঁৰ সাম্রাজ্যৰ প্রতি লোলুপ দৃষ্টি আছিল ওচৰৰেই অন্য ৰাজ্যসমূহৰ ৰজাসকলৰ৷ সেই একেই সময়তেই আগ্রাসী মনোভাবেৰে ছালুভা সাম্রাজ্যক নিজৰ দখললৈ নিবলৈ চেষ্টা কৰা পার্শ্বৱর্তী বিলগী আৰু কেলাডী সাম্রাজ্যকো অকলেই ৰাণী চেন্নাভৰাই প্রতিৰোধ কৰিছিল৷ এনে প্রতিৰোধত তেওঁৰ অধীনৰ সর্বসাধাৰণেও পূর্ণ সহায় আগবঢ়াইছিল৷ এইগৰাকী মহাৰাণীৰ প্রতি সেই সময়ত সর্বসাধাৰণৰ মাজত যথেষ্ট মৰম–চেনেহ আছিল৷ তেওঁৰ নামেৰেই নামাংকন কৰা তামৰ মুদ্রাও চলিছিল সেই সময়ত৷ ছালুভা সাম্রাজ্যৰ স্বর্ণিল গাথা সেই সময়ত সকলোৰে মুখে মুখে আছিল৷ যাৰ বাবেই অনেক সর্বসাধাৰণে ব্যৱসায়–বাণিজ্য কৰিবলৈ অহাৰ উপৰি পর্যটক হিচাপে ফুৰিবলৈ আহিছিল৷ তেওঁৰ ছত্রছায়াতেই ভাতকালা আৰু হন্নাবাৰ অঞ্চলৰ ব্যৱসায়–বাণিজ্য হৈ পৰিছিল দেশীয় তথা আন্তর্জাতিক ব্যৱসায়স্থলীৰ মূল ঘাটি৷ আনকি এই অঞ্চললৈ সেই সময়তেই ইউৰোপৰ পৰা ব্যৱসায়ৰ উদ্দেশ্যে যথেষ্ট আহ–যাহ হৈছিল৷ ইফালে ৰাণীৰ সেই সোণসেৰীয়া শাসনৰ সময়ছোৱাতেই মচলাৰ ব্যৱসায়ে অর্জন কৰিছিল ব্যাপক সফলতা৷ সেই শ শ বছৰ পূর্বেই এই অঞ্চলসমূহত জালুক, জায়ফল, চুপাৰি আদিৰ ৰমৰমীয়া বেপাৰ চলিছিল৷ এইদৰেই সেই সময়ত মচলা ব্যৱসায়ে যথেষ্ট সাফল্য অর্জন কৰাৰ বাবেই পর্তুগীজসকলে ৰাণী চেন্নাভইৰা দেৱীক ‘মচলা ৰাণী’ আৰু ‘পেপাৰ কুইন’ নামেৰে অভিহিত কৰিছিল৷
জৈন ধর্মত বিশ্বাসী আছিল মহাৰাণী চেন্নাভইৰা দেৱী৷ তেওঁ ১৫৬২ চনতেই কাৰকালায়ত শিখ মন্দিৰ চতুর্মুখ বচাৰী নির্মাণ কৰিছিল৷ এনে অনেক মন্দিৰ তেওঁ সেই সময়ত নির্মাণেৰে প্রজাগণৰ হূদয় জয় কৰিছিল৷ ইফালে কর্ণাটকৰ ৬৬ সংখ্যক ৰাষ্ট্রীয় ঘাইপথৰ পৰা মাত্র ৫০০ মিটাৰমান দূৰত উত্তৰ কন্নড জিলাত সাজি উলিয়াইছিল প্রখ্যাত মিৰজান দুর্গ৷ জীৱনৰ প্রায়ভাগ সময় কটোৱা এই দুর্গটো এতিয়াও পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু৷ ১০ একৰ এলেকাজুৰি বিস্তৃত এই মিৰজান দুর্গৰ বৃহৎ প্রৱেশদ্বাৰ, একোটা সংসদীয় হলৰ অৱশেষ, ৱাট্চ টাৱাৰ, কূপ, এডাল প্রকাণ্ড গছৰ তলত থকা এটা গৃহ আৰু সেই ঘৰৰ ভিতৰত থকা দেৱ–দেৱীৰ প্রতিমা এতিয়াও আকর্ষণৰ কেন্দ্রবিন্দু পর্যটকৰ বাবে৷ এই দুর্গৰ চাৰিওটা প্রৱেশদ্বাৰৰ ভিতৰত মাথোঁ এটাৰেই ইয়াৰ দর্শন কৰিব পৰা যায় সম্প্রতি৷ কথিত আছে যে টালিকোটৰ তয়াময়া ৰণ সমাপ্তিৰ পিছত এই দুর্গত নিৰাপদে বাস কৰিছিল৷
প্রকৃততে দূৰদর্শী আছিল এইগৰাকী মহাৰাণী৷ যি প্রজাৰ সুখ–দুখ সকলোৰেই সমভাগী হৈছিল৷ সেইগতিকে তেওঁৰ প্রতি ছালুভা সাম্রাজ্যৰ বাসিন্দাসকলৰ আছিল অকুণ্ঠ সমর্থন৷ পিছে তেওঁৰ এই ঈর্ষণীয় সফলতাত জ্বলি–পুৰি মৰিছিল কাষৰেই ৰাজ্যৰ ৰজাসকল৷ অকলে এইগৰাকী বীৰাংগনাক পৰাভূত কৰাটো সহজসাধ্য নোহোৱাৰ বিষয়ে ভালদৰেই অৱগত আছিল সেইসকল ৰজা৷ সেইবাবেই কেলাডি আৰু বিলগি সাম্রাজ্যৰ ৰজাই গেৰুসোপ্পা দখলৰ বাবে নানা কূট–কৌশল ৰচিছিল৷ ফলত এই দাঁতিকাষৰীয়া কেলাডি আৰু বিলগিৰ ৰজা লগ হৈ ১৬০৬ চনত বীৰাংগনা চেন্নাভইৰা দেৱীক পৰাভূত কৰে৷ এইদৰে পৰাজিত হোৱাই গেৰুসোপ্পা কেলাডি ৰাজ্যৰ লগত চামিল হৈ পৰে৷ আকৌ ৰাণী চেন্নাভইৰাক যুদ্ধত পৰাস্ত কৰি বন্দী কৰি ৰাখিছিল৷ কিন্তু এই বন্দিত্বৰ জীৱন কটাওঁতেই শেষ নিশ্বাস ত্যাগ কৰে ৰাণী চেন্নাভইৰা দেৱীয়ে৷ জীৱিত অৱস্থাত ৰাণী চেন্নাভইৰা দেৱীয়ে গুণীৰ মোল বুজিছিল৷ তেওঁৰ শাসনকালত বিদ্বান লোকসকলক যথেষ্ট সমাদৰ কৰা হৈছিল৷ আকৌ তেওঁৰ ৰাজ্যলৈ শৰণার্থী হিচাপে অহা লোকসকলকো ৰাণী চেন্নাভইৰাই আঁকোৱালি লৈছিল৷
উদাৰতাৰ প্রতীক এইগৰাকী মহীয়সী নাৰীক বর্তমানে সন্মানেৰে স্মৰণ কৰে সকলোৱে৷