২৭৬গৰাকী যাত্রী লৈ ফ্রান্সৰ পৰা ভাৰতলৈ উভতিল বিমান
🔹 নিৰাপত্তাৰ বাবে দুই শিশুসহ ২৭জনে বিচাৰিলে আশ্রয়
বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : মানৱ সৰবৰাহৰ অভিযোগত নিকাৰাগুৱা অভিমুখে যোৱা বিমান এখন ফ্রান্সৰ এটা বিমানবন্দৰত আবদ্ধ কৰি ৰাখিছিল দেশখনৰ প্রশাসনে৷ বিমানখনৰ ৩০৩গৰাকী যাত্রীৰ অধিকসংখ্যকেই আছিল ভাৰতীয়৷ কালি ফ্রান্সৰ আদালতে বিমানখনক মুকলি কৰি দিয়াৰ ৰায়দান কৰে৷ ইয়াৰ পিছতেই একাধিক পৰীক্ষা–নিৰীক্ষাৰ পিছত কালি ভাৰত অভিমুখে ২৭৬গৰাকী যাত্রী লৈ যাত্রা কৰে বিমানখন৷ আজি পুৱা ৪ বজাত মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে৷ উল্লেখনীয় যে যাত্রীসকলৰ ভিতৰত দুই শিশুসহ ২৭গৰাকী লোক ফ্রান্সতে থাকি যায়৷ নিৰাপত্তাৰ বাবে তেওঁলোকে ফ্রান্সত আশ্রয় বিচাৰিছে৷ যোৱা শুকুৰবাৰে ফ্রান্সত ইন্ধন ভৰাই নিকাৰাগুৱালৈ যাত্রা কৰাৰ কথা আছিল বিমানখনে৷ কিন্তু মানৱ সৰবৰাহকাৰী চক্রই এই লোকসকলক লৈ যোৱা বুলি সন্দেহ কৰে ফৰাছী প্রশাসনে৷