নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হোৱাৰ পাছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ পত্নী মেলানিয়া ট্রাম্পে দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদর্শন কৰিব ৷ ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পে ৰাজধানী দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদর্শন কৰাৰ সময়ত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু শিক্ষামন্ত্রী মনীষ ছিছোডিয়াই অংশ লোৱাৰ কথা আছিল যদিও অৱশেষত এই পৰিদর্শনত অংশ লোৱা বিশিষ্ট ব্যক্তিসকলৰ তালিকাৰ পৰা কেজৰিৱাল আৰু ছিছোডিয়াৰ নাম কর্তন কৰা হৈছে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে মুখ্যমন্ত্রী কেজৰিৱাল আৰু শিক্ষামন্ত্রী ছিছোডিয়াৰ নাম ভি ভি আই পি তালিকাৰ পৰা কর্তন কৰা বুলি অভিযোগ কৰিছে আম আদমী পার্টীয়ে ৷ উল্লেখ্য যে দেশৰ ভিতৰতে শ্রেষ্ঠ দিল্লীৰ চৰকাৰী বিদ্যালয়ত চলিত ‘হেপীনেছ পাঠ্যক্রম’–এ বিশ্বজুৰি প্রশংসিত হৈছে৷ ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পে এই পাঠ্যক্রম সন্দর্ভত বুজ ল’ব৷ এই কার্যসূচীৰ পৰা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱাল আৰু শিক্ষামন্ত্রী ছিছোডিয়াৰ নাম কর্তন কৰাক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো দিল্লীত এই ‘হেপীনেছ পাঠ্যক্রম’ বলৱৎ কৰি মুখ্যমন্ত্রী কেজৰিৱাল আৰু শিক্ষামন্ত্রী ছিছোডিয়াই দেশৰ লগতে বিদেশৰ নেতৃত্বক আকর্ষিত কৰিবলৈ সক্ষম হৈছে ৷
Prev Post
You might also like