নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা-চৰকাৰৰ শান্তি চুক্তিক আদৰণি বিধানসভাৰ অধ্যক্ষৰ

🔹 পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আমন্ত্ৰণ বিশ্বজিৎ দৈমাৰীৰ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : আলফা-চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিক আদৰণি বিশ্বজিৎ দৈমাৰীৰ ৷ বহু প্ৰত্যাশিত শান্তি চুক্তিয়ে এটা সমস্যাৰ সমাধান কৰিলে আৰু ই অসমৰ উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশাবাদী অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷ এই চুক্তিয়ে বহু দিশ সামৰি ল’ব পৰা নাই বুলি স্বীকাৰ কৰি পৰেশ বৰুৱা আলোচনালৈ আহিলে বাকী থকা সমস্যাবোৰো আলোচনাৰ মেজত উত্থাপন হ’ব আৰু চৰকাৰে সমাধান কৰিব বুলি আশাবাদী দৈমাৰী ৷ পৰেশ বৰুৱাকো আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনায় দৈমাৰীয়ে ৷

আলফাৰ সংগ্ৰামে সামাজিক পৰিৱেশ বিঘ্নিত কৰিছে ৷ যুৱপ্ৰজন্মক বিপথে পৰিচালিত কৰা সংগ্ৰামখন আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ পৰেশ বৰুৱালৈ আহ্বান অধ্যক্ষ দৈমাৰীৰ ৷ শান্তি চুক্তিক ৰাজনীতিকৰণ কৰা বুলি লুৰিণজ্যোতি গগৈয়ে অনা অভিযোগৰো প্ৰত্যুত্তৰ দিয়ে তেওঁ ৷ চৰকাৰে সদিচ্ছাৰে এই চুক্তি কৰা বুলি দাবী কৰি দৈমাৰীয়ে ৰাজনীতি সকলোতে হয় বুলি কয় ৷ ৰাজনীতি নোহোৱাকৈ সমস্যা কেনেকৈ সমাধান হ’ব বুলিও প্ৰশ্ন কৰে অধ্যক্ষ দৈমাৰীয়ে ৷

প্ৰেৰক পিংকু কলিতা

You might also like