নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউড ষ্টাৰ বিজয় ছাক্সেনাক পাহৰিলে ধুবুৰীবাসীয়ে

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ আজিৰ ওপজা দিনটোতে গৃহ চহৰ ধুবুৰীত যেন উপেক্ষিত হৈ ৰ’ল নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা গৈ বলীউড চিনেমাৰ নায়কৰূপে আত্মপ্রকাশ কৰা প্ৰয়াত মিন্টু পাল ওৰফে বিজয় চাক্সেনা। ১৯৬৮ চনৰ পহিলা জানুৱাৰীৰ দিনটোতেই ধুবুৰী চহৰৰ শান্তিনগৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সেই যুৱকজনে কেৱল নিজৰ অধ্যৱসায় আৰু পৰিশ্ৰমেৰে  হিন্দী চিনেমাৰ ‘স্পট বয়’ৰ পৰা  কেইবাখনো হিন্দী চিনেমাত নায়কৰ চৰিত্ৰত অভিনয় কৰি দেশজুৰি সুখ্যাতি কঢ়িয়াবলৈ সক্ষম হৈছিল। অৱশ্যে দূৰ্ভাগ্যজনকভাবে ১৯৯৪ চনৰ ২৪ জুনৰ দিনা মুম্বাইত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় তেওঁৰ। আনহাতে প্ৰয়াত মিন্টু পালৰ পিতৃ অপূৰ্ব কৃষ্ণ পালৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁৰ মাতৃ সৰস্বতী পাল বৰ্তমানে নিজৰ সৰু পুত্ৰৰ সৈতে কলকাতাত থাকে। আৰ্থিক দৈন্যৰ বাবে ১৯৯০ চনত মুম্বাইলৈ গৈছিল পাল। প্ৰথমৰ ফালে হিন্দী চিনেমাৰ স্পট বয়ৰূপে কাম কৰিছিল। সেই সময়ত বলীউডৰ প্ৰখ্যাত অভিনেতা ‘বিগ বি’ খ্যাত অমিতাভ বচ্চনৰ সৈতে চেহেৰাৰ সাদৃশ্য থকা বাবে বলীউড জগতৰ কেইবাগৰাকী পৰিচালকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁ। তাৰেই ফলশ্ৰুতিত ১৯৯১ চনত বলীউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী অভিনীত  ‘সৰগ ইঁহা নৰক ইঁহা’ হিন্দী চিনেমাখনেৰে পোনপ্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত ভুমুকি মাৰিছিল প্ৰয়াত পালে। চিনেমাখনত কৰা অভিনয় আৰু অমিতাভ বচ্চনৰ সৈতে থকা সাদৃশ্যৰ বাবে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিল তেওঁ। ১৯৯১ চনতেই  প্ৰখ্যাত হিন্দী চিনেমা ‘শ্বোলে’ৰ আৰ্হিত নিৰ্মিত হোৱা  ব্যাংগাত্মক চিনেমা ‘ৰামগৰ কা শ্বোলে’ নামৰ আন এখন ছবিৰ মূল চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল তেওঁ। ১৯৯১ চনৰ ২১ জুনৰ দিনা মুক্তি পোৱা সেই চিনেমাখনেও দৰ্শকৰ বিপুল সঁহাৰি লভাৰ পিছত বলীউডৰ চিনেমা জগতত দৃঢ়ভাৱে খোপনি পুতিবলৈ সক্ষম হৈছিল বিজয় চাক্সেনা ওৰফে মিন্টু পালে। অকাল মৃত্যুক সাবটিবলগীয়া হোৱাৰ পূৰ্বে ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈ  ‘দিল কা কচুৰ’, ‘বাসন্তি টাংগেৱালী’, ‘গংগা বনি শ্বোলা’, ‘বাঘানি চুলতানা’, ‘আখৰী চেতাৱানি’, ‘ফুলন হাচিনা ৰামকালি’, ‘গংগাপুৰ কী গীতা’ নামৰ কেইবাখনো হিন্দী চিনেমাৰ মূল চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। মাথোঁ ২৬ বছৰ বয়সতেই অকাল মৃত্যুক সাৱটা মিন্টু পালে মৃত্যুৰ আগে আগে বলীউডৰ কেইবাগৰাকী আগশাৰীৰ পৰিচালকৰ চিনেমাত অভিনয় কৰাৰ বাবেও চুক্তিবদ্ধও হৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে নিজৰ অধ্যবসায় আৰু পৰিশ্ৰমেৰে এক সাধাৰণ পৰিয়ালৰ পৰা গৈ বলীউডৰ চিনেমা জগতত নায়কৰূপে খোজ দিয়া প্ৰয়াত সেই অভিনেতাগৰাকী ওপজা দিনটোতে যেন উপেক্ষিত হৈ ৰ’ল নিজৰ গৃহ চহৰ ধুবুৰীত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like