পূতিগন্ধময় পৰিৱেশত জাহাজত যাত্রীৰ দুর্ভোগ
প্রধানমন্ত্রীৰ স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি আভ্যন্তৰীণ জলপৰিবহণৰ
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ অন্যতম গুৰুত্বপূর্ণ আভ্যন্তৰীণ জলপৰিবহণ বিভাগটো পাল মৰা বিভাগলৈ পর্যবসিত হৈছে৷ বিভাগটোৰ কাম–কাজ ইমানেই নিম্নপর্যায়লৈ গতি কৰিছে যে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স্বচ্ছ ভাৰত অভিযানকো ভেঙুচালি কৰিছে৷ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ অদূৰদর্শিতা আৰু অকর্মণ্যতাৰ বাবেই বিগত সময়ছোৱাত বহুকেইটা ভয়াৱহ দুর্ঘটনা সংঘটিত হৈছে৷ জাহাজ–ফেৰীত যাত্রীক সুৰক্ষা প্রদান কৰিব নোৱৰা বিভাগটোৰ বিষয়া–কর্মচাৰীৰ পাল মৰা কাম–কাজৰ বাবে যাত্রীয়ে পূতিগন্ধময় পৰিৱেশৰ মাজত যাত্রা কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ অন্যান্য প্রান্তৰ দূৰৰে কথা, খোদ গুৱাহাটী মহানগৰীৰ ব্রহ্মপুত্রৰ বুকুত চলাচল কৰা জাহাজকেইখনতেই যাত্রীয়ে কদর্য পৰিৱেশৰ মাজত যাত্রা কৰিবলগীয়া হৈছে৷ তথ্য অনুসৰি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ অধীনত গুৱাহাটীৰ চাৰিটা ঘাটত সর্বমুঠ ১৩খন জাহাজ চলাচল কৰি আছে৷ গুৱাহাটী–কুৰুৱা ঘাটত এছ বি দৌলগোবিন্দ নামৰ জাহাজখন চলাচল কৰে৷ উক্ত ঘাটৰ পৰা উমানন্দ মন্দিৰলৈ এছ বি বগীনদী আৰু এছ বি ৰঙানদী নামৰ জাহাজ দুখন চলাচল কৰে৷ বিভাগটোৰ বিষয়া–কর্মচাৰীৰ অকর্মণ্যতাৰ বাবে উক্ত জাহাজকেইখনত যাত্রা কৰা যাত্রীসকলৰ বাবে নাই নূ্যনতম অনাময় ব্যৱস্থা৷ বিভাগটোৰ বিষয়া–কর্মচাৰীয়ে জাহাজকেইখনৰ টয়লেটত তলা লগাই থোৱাৰ বাবে যাত্রীসকল বহু সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ ইয়াৰ উপৰি টয়লেটকেইটাও পৰিষ্কাৰ নকৰাৰ বাবে অস্বাস্থ্যকৰ পৰিৱেশত জাহাজত যাত্রা কৰিবলগীয়া হৈছে যাত্রীসকলে৷ একেদৰে গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজত পুঠিমাৰী, বাঘবৰ, কামেশ্বৰী আৰু কামলক্ষী নামৰ জাহাজকেইখন সালসলনিকৈ চলাচল কৰে৷ উক্ত জাহাজকেইখনতো যাত্রীৰ বাবে নাই সুচল অনাময় ব্যৱস্থা৷ উক্ত জাহাজকেইখনেৰে হাজাৰ হাজাৰ যাত্রী অহা–যোৱা কৰে যদিও জাহাজত থকা টয়লেটকেইটা পৰিষ্কাৰ কৰি ৰখাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই বিষয়া–কর্মচাৰীয়ে৷ অনুৰূপ ধৰণে গুৱাহাটী মধ্যমখণ্ডৰ পৰা আৰ পি এল বৰলীয়া, এম ভি মেলভিন জ’নছ, এম ভি কাজিৰঙা নামৰ জাহাজকেইখন সালসলনিকৈ চলাচল কৰে৷ উক্ত জাহাজকেইখনৰ যাত্রীসকলেও পূতিগন্ধময় অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত যাত্রা কৰিবলগীয়া হৈ আহিছে৷ ইফালে, গুৱাহাটী ৰজাদুৱাৰ ঘাটৰ পৰা আৰ পি এল বুঢ়াদিয়া, আৰ পি এল নামবৰ, এম ভি চান্দৰডিঙা নামৰ জাহাজকেইখনে চলাচল কৰে৷ উক্ত জাহাজকেইখনৰো অনাময় ব্যৱস্থা যাত্রীৰ বাবে সুচল নহয়৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত বিষয়া–কর্মচাৰীৰ অকর্মণ্যতাৰ বাবেই প্রধানমন্ত্রী মোদীৰ স্বচ্ছ ভাৰত অভিযান এতিয়া প্রহসনত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷