বিশেষ বাৰ্তা, ১০ জানুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা ঝনঝনিলৈকে প্ৰায় ৩৬ কিলোমিটাৰ ঘাইপথ বহল কৰা বাবে জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে। ঘাইপথৰ দুয়োকাষে চৰকাৰীভাৱে অধিগ্ৰহণ কৰা মাটি একাংশ লোকে বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ লগতে ঘৰ-বাৰী নিৰ্মাণ কৰিছিল।
শেহতীয়াকৈ ঘাইপথ বহল কৰাৰ বাবে কেবিনেটত ধন মঞ্জুৰি দিয়াত জিলা প্ৰশাসনে বেদখলকাৰীক উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আজি মানকাচৰৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, চৰকাৰী বিষয়া, আৰক্ষী বাহিনীৰ উপস্থিতিত কুচনীমাৰা বজাৰৰ শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি দিয়ে।
প্ৰেৰক ফাৰহাদ আহমেদ