২২ জানুৱাৰী
২২ জানুৱাৰী দিনটো মাথোঁ ভাৰতবাসীৰ বাবেই নহয়, সমগ্র বিশ্ববাসীৰ বাবে কাললৈকে এটা অপেক্ষা আৰু প্রার্থনাৰ দিন হৈ আছিল৷ যিদিনা দিনটোৰ কথা ঘোষণা হৈছিল, সিদিনাৰ পৰাই আমাৰ দেশখন ২২ জানুৱাৰীৰ অপেক্ষাপ্রার্থী হৈ পৰিছিল৷ প্রার্থনাপ্রার্থী হৈ পৰিছিল৷ সময়ৰ গতিত বিশ্ববাসীও ইয়াৰ অংশীদাৰ হৈ পৰে৷ অৱশেষত দিনটো সকলোৰে মাজত আহি উপস্থিত হ’ল৷ ভগৱান শ্রীৰামচন্দ্রৰ ওপজা ভূমি অযোধ্যাত নৱনির্মিত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা হ’ল৷ এই মহান পর্বটোৰে ২২ জানুৱাৰী নিজেই মহীয়ান হ’ল৷ মানৱ সভ্যতাৰ হাজাৰ হাজাৰ বছৰজোৰা পৰিক্রমাটোৰ মুষ্টিমেয় কেইটামান দিনৰ মাজৰ এটা বিশেষ দিন হৈ পৰিল৷ সভ্যতাও ধন্য হ’ল, ধন্য হ’ল ভাৰতবর্ষ৷ অযোধ্যাত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰে ২২ জানুৱাৰী মহান হ’ল, দিনটোৰ তাৎপর্য ইমানতে শেষ অথবা সীমাবদ্ধ হৈ থকা নাই৷ ৰক্তপাতহীন ঐতিহাসিক দিনটোৱে ভাৰতবর্ষৰ জনসাধাৰণৰ পৰিপক্বতাকো সুন্দৰভাৱে প্রতিফলিত কৰিলে৷ অযোধ্যাত যেতিয়া বাবৰি মছজিদ ধবংসপ্রাপ্ত হৈছিল বা ৰাজপথৰ সেই ভৰপক আন্দোলনৰ সময়ছোৱাত আজিৰ দৰে শান্তিপূর্ণ আৰু স্বাভাৱিক সৌহার্দ্যপূর্ণ পৰিৱেশ–পৰিস্থিতিৰ কথা কল্পনাই কৰিব পৰা নগৈছিল৷ সংঘাত আৰু সংঘর্ষ যেন অৱশ্যম্ভাৱী, মানুহৰ মাজত তেনে এটা ভাব স্বতঃসিদ্ধভাৱেই আহি পৰিছিল৷ কিন্তু সময়ে এইখন দেশৰ জনসাধাৰণক পৰিপক্ব কৰি তুলিলে৷ দেশৰ সর্বোচ্চ আদালতে ৰাম মন্দিৰৰ সপক্ষে ৰায় দিয়াৰ দিনা দেশবাসীয়ে ইয়াৰ প্রতিফলন আশাতীতভাৱে ঘটাইছিল৷ চক্রান্ত কিন্তু তেতিয়াও চলিছিল৷ চক্রান্ত ২২ জানুৱাৰীক লৈও ৰচিত হৈছিল৷ দেশবাসীয়ে কাৰো কথাত মন নিদিলে৷ কাকো আসৈ নিদিলে৷ ভাৰতবর্ষৰ দৰে প্রায় ১৪০ কোটি জনসংখ্যাৰ আৱেগঘন দেশ এখনে প্রকৃতার্থত পৰিপক্বতাৰ পৰিচয় দাঙি ধৰিলে৷ শ্রীৰামচন্দ্রৰ ওপজা ভূমিত অযোধ্যাত ৰাম মন্দিৰ নির্মাণ, ধবংস আৰু পুনৰ নির্মাণলৈকে সমগ্র বিষয়টোৱে এটা দীঘলীয়া পৰিক্রমা অতিক্রম কৰি আহিছে৷ ১৫২৬ চনত মোগল শাসক বাবৰ ক্ষমতালৈ অহাৰ দুবছৰত ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ প্রতিষ্ঠা হয়৷ ব্রিটিছ অহাৰ সময়ত লাহে লাহে মোগল শাসকসকল দুর্বল হৈ পৰিবলৈ ধৰে৷ ১৮৮৫ চনত হিন্দু সমাজখনে ৰামৰ জন্মস্থান অযোধ্যাত ৰাম মন্দিৰ ভাঙি মছজিদ নির্মাণ কৰা বুলি অভিযোগ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছৰে পৰা ভাৰতবর্ষই সংগ্রামৰ এটা দীঘলীয়া যাত্রা দেখিবলগীয়া হয়৷ দেশখনৰ বিভিন্ন আদালতত ইয়াৰ বিচাৰ চলে৷ ৰাজপথত তীব্র আন্দোলন চলে৷
মানুহৰ আৱেগ আৰু আস্থাক হাথিয়াৰ হিচাপে লৈ স্বার্থজড়িত মহলে সংঘাত আৰু সংঘর্ষৰো সূচনা কৰে৷ অৱশেষত উচ্চতম ন্যায়ালয়ে ৰায়যোগে ইয়াৰ এটা সমাধান দিলে৷ সুদীর্ঘকালৰ সমস্যাটোৰ আশু সমাধান হ’ল৷ অযোধ্যাৰ পৱিত্র ভূমিত সুদৃশ্য ৰাম মন্দিৰ প্রাণ প্রতিষ্ঠা কৰিব পৰাকৈ নির্মাণ হৈ উঠিল৷ মোগল শাসক বাবৰে ১৫২৮ চনতে ভাৰতৰ সনাতনী সংস্কৃতিৰ ওপৰত কৰা আঘাত আৰু গোলামীৰ শিকলিডালৰ পৰা ভাৰতবর্ষ মুক্ত হ’ল৷ বাবৰ, ঔৰংগজেৱ আদি মোগল আক্রমণকাৰীসকল ভাৰতীয় নাছিল৷ এইখন দেশৰ মাটিৰ সৈতে বর্বৰ শাসকসকলৰ কোনো সম্পর্কও নাছিল৷ তেওঁলোকে দেশখনৰ সার্বভৌম ক্ষমতা-শক্তি প্রয়োগ কৰি নিষ্ঠুৰতা আৰু বর্বৰতাৰ সকলো সীমা চেৰাই দখল কৰিছিল৷ এই বর্বৰতাৰে ভাৰতৰ সভ্যতা–সংস্কৃতিৰ ওপৰতো আক্রমণ চলোৱা হৈছিল৷ সনাতনী লোকৰ ওপৰত কৰৰ বোজা জাপি দি, নির্মমভাৱে অত্যাচাৰ চলাই ধর্ম পৰিৱর্তন কৰোৱা হৈছিল৷ আজিৰ ভাৰতৰ গৰিষ্ঠসংখ্যক মুছলমানৰ পূর্বপুৰুষ তেনেদৰে সনাতনীৰ পৰা ধর্মান্তৰিত হোৱা৷ যিসকল ভয়াতুৰ নাছিল, যিসকল ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ আছিল অথবা বীৰ হিন্দু শাসকৰ অধীনত আছিল, তেওঁলোকে হাজাৰ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা–সংস্কৃতিৰ প্রাণটো ধৰি ৰাখিছিল৷ তদুপৰি প্রতিকূল অৱস্থাৰ মাজতো নিজৰ ধর্ম আৰু সংস্কৃতিক ৰক্ষা কৰি থকা সেই দৃঢ় লোকসকলৰ বাবেই ভাৰতীয় সভ্যতা–সংস্কৃতি আজিৰ একবিংশ শতিকাত বিশ্বৰ পৰম আদৰণীয় হৈ থাকিবলৈ সক্ষম হ’ল৷ ২২ জানুৱাৰীৰ দিনটো এইবাবেও তাৎপর্যপূর্ণ৷ দিনটো বীৰ সনাতনীসকলৰ দৃঢ়তাৰ পৰিচায়ক৷ ২২ জানুৱাৰীৰ দিনটো ভাৰতীয় সভ্যতা–সংস্কৃতিৰ হাজাৰ হাজাৰ বছৰীয়া পৰিক্রমাটোক মাজতে খণ্ডিত কৰি মোগলৰ শাসনকালকহে মাথোঁ ভাৰতৰ ইতিহাস হিচাপে প্রতিষ্ঠা কৰিব বিচৰা মানৱ সভ্যতাৰ শত্রুসকলৰ গালত এটা পূর্ণহতীয়া চৰ৷ ২২ জানুৱাৰী মানে ভাৰতৰ সনাতনী সভ্যতা–সংস্কৃতিৰ সেই দলংখন, যাক মাজতে খান্দি তাৰে আগৰছোৱাক ইতিহাসৰ পৃষ্ঠাৰ পৰা মচি দিবলৈ চক্রান্ত কৰা হৈছিল৷