নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নৰ্থ-ইষ্ট ইণ্টাৰনেচনেল ফেশ্বন উইকৰ সামৰণি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ সামৰণি পৰিল উত্তৰ-পূৰ্বাঞ্চলৰ বহুপ্ৰত্যাশিত নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ)ৰ অষ্টম সংস্কৰণৰ। ২০২৪ চনৰ ২৭ আৰু ২৮ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ছাউথ পইণ্ট স্কুলৰ চৌহদত অনুষ্ঠিত এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰত তথা বহিঃৰাষ্ট্ৰৰ উচ্চাকাংক্ষী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰসকলে। এক মহৎ উদ্দেশ্য সন্মুখত ৰাখি এই ফেশ্বন অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ স্বকীয় সৃষ্টিসমূহ প্ৰদৰ্শন কৰে। দুদিনীয়া অনুষ্ঠানটোত এন ই আই এফ ডব্লিউয়ে “ফেশ্বন ফৰ্ অল্” শীৰ্ষক প্ৰাৰম্ভিক বিষয়বস্তুৰে এক সমৃদ্ধিশালী মঞ্চৰ জৰিয়তে ডিজাইনাৰ, শিশু, কিশোৰ আৰু ফেশ্বন অনুৰাগীসকলক তেওঁলোকৰ ফেশ্বনৰ প্ৰতি থকা আৱেগ প্ৰদৰ্শন কৰিবলৈ সুযোগ প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰীসকলে ফেশ্বনৰ প্ৰতি তেওঁলোকৰ ভালপোৱা আৰু আগ্ৰহ প্ৰদৰ্শন কৰাৰ লগতে এটা সামাজিক উদ্দেশ্যৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়ায়। সামাজিক বিষয়বস্তুক জড়িত কৰাৰ ক্ষেত্ৰত এন ই আই এফ ডব্লিউৰ চলি অহা পৰম্পৰাৰ সৈতে সংগতি ৰাখি এই সংস্কৰণৰ মূল লক্ষ্য হিচাপে বাছনি কৰা হৈছিল পশু আশ্ৰয় শিবিৰ, বয়সস্থ জীৱ-জন্তু তুলি লোৱা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত বেচৰকাৰী সংস্থা পি ই টি একে ধৰি বিভিন্ন পশুকল্যাণ সংস্থাৰ সহযোগত এন ই আই এফ ডব্লিউৱে জীৱ-জন্তুৰ কল্যাণৰ পোষকতাত অগ্ৰণী ভূমিকা পালন কৰি অহাৰ লগতে সিহঁতৰ মংগলৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰি আহিছে। এনইআইএফডব্লিউ ২০২৪ৰ নেতৃত্ব প্ৰদান কৰে উত্তৰ-পূবৰ চহকী হস্ততাঁত শিল্পৰ বিশ্ব ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰসিদ্ধ বিশিষ্ট ফেশ্বন ডিজাইনাৰ তথা কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষে। ফেশ্বনৰ প্ৰতি থকা আগ্ৰহ আৰু ইতিবাচক সামাজিক প্ৰভাৱ সৃষ্টিৰ প্ৰতি সমৰ্পণেৰে ঘোষে কেৱল দৰ্শকক মোহিত কৰাই নহয়, বৰঞ্চ অভূতপূৰ্ব ধৰণেৰে সামাজিক সচেতনতাক প্ৰসাৰিত কৰি অনুষ্ঠানটোক সাফল্যৰ নতুন শিখৰত আৰোহণ কৰোৱায়।

You might also like