নিউজ লাইভৰ প্ৰজ্ঞা সুন্দৰী ঢেকীয়াজুলিৰ জয়শ্ৰী দত্ত
বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ নিউজ লাইভৰ প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতাত ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী জয়শ্ৰী দত্তই বিজয়ী হোৱাত আনন্দৰ বন্যা বৈছে কনিষ্ঠ মহাবিদ্যালয়খনত। ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ কাজল বৰাই মেধা, অধ্যৱসায়, সৌন্দৰ্যৰ সমাহাৰৰ প্ৰতিযোগিতা প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰী জয়শ্ৰী দত্ত জয়ী হোৱাত নিউজ লাইভলৈ আন্তৰিক ধন্যবাদ জনায়৷ এনেধৰণৰ প্ৰতিযোগিতাই ছাত্ৰীসকলক সৌন্দৰ্যৰ লগতে বুদ্ধিদ্বীপ্ততা, অধ্যয়ন, অধ্যৱসায়ৰ উপৰি আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ কৰি ভৱিষ্যৎ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে৷ ঢেকীয়াজুলিৰ অগ্ৰণী শিক্ষানুষ্ঠান লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী জয়শ্ৰী দত্তই প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতাত জয়ী হৈ নিউজ লাইভলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ ভৱিষ্যত জীৱনত আইপিএছ হোৱাৰ লক্ষ্য স্থিৰ কৰা জয়শ্ৰীয়ে আজৰি সময়ত নৃত্যৰ সমান্তৰালভাৱে হাতৰ কাম অৰ্থাৎ হাতেৰে কাগজৰ ফুল,ৰুমালত ফুল অঁকা ইত্যাদি কাম কৰি ভাল পায় বুলি জনায়৷ জয়শ্ৰীয়ে কেমেৰাৰ সন্মুখত নৃত্য প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে৷ ঢেকীয়াজুলি সমষ্টিৰ চিৰাজুলিৰ লুইত জাতীয় বিদ্যালয়ৰ সমীপতেই বাস কৰা এগৰাকী ব্যৱসায়ী উৎপল দত্ত আৰু গৃহিণী জৱা দত্তৰ কন্যা জয়শ্ৰীয়ে এনেদৰে প্ৰজ্ঞা সুন্দৰী সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ ভিতৰতে বিজয়ী হোৱাত জীয়ৰীৰ সাফল্যত উৎফুল্লিত হৈ নিউজ লাইভৰ অভিনৱ প্ৰয়াসক ধন্যবাদ জনায় মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ মাতৃৰ লগতে ককায়েক জ্যোতিৰ্ময় দত্তই ৷
প্ৰেৰক কল্পজ্যোতি নাথ