নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কূটনৈতিক বিশ্বৰ চেম্পিয়ন ভাৰত

আৰব বিশ্বৰ সৈতে ভাৰতৰ সম্পর্ক নতুন নহয়৷ প্রায় প্রতিখন ৰাষ্ট্রৰ সৈতে নতুন দিল্লীৰ কূটনৈতিক সম্পর্ক আছে৷ ব্যৱসায়িক সম্পর্কও আছে৷ কিন্তু সামগ্রিকভাৱে সম্পর্কৰ স্তৰ তেনে এটা উচ্চতাত নাছিল যে আমাৰ দেশখনৰ ৰাজনৈতিক নেতৃত্বই আৰব দুনিয়াৰ সহায়–সমর্থন তথা সহযোগক লৈ সম্পূর্ণৰূপে আশ্বস্ত হৈ থাকিব পাৰে৷ এইক্ষেত্রত পাকিস্তানো বাধাৰ এখন ডাঙৰ প্রাচীৰ হৈ আছিল৷ আৰব বিশ্বৰ বেছিভাগ ৰাষ্ট্রই জম্মু–কাশ্মীৰৰ ক্ষেত্রত ভাৰতৰ বিপৰীতে পাকিস্তানৰ ব্যাখ্যা–দৃষ্টিভংগীক অধিক মান্যতা দিছিল৷ ইজৰাহল–পেলেষ্টাইন সংঘাতত ভাৰতৰ সমর্থন মূলতঃ পেলেষ্টাইনৰ পক্ষত থকা সত্ত্বেও আৰব বিশ্ব নতুন দিল্লীৰ বিশ্বস্ত সংগী হ’ব পৰা নাছিল৷ সেই সময়ছোৱাত ছোভিয়েট ৰাছিয়াৰ বাহিৰে আন্তর্জাতিক প্রেক্ষাপটত তেনে কোনো শক্তিশালী মিত্র নাছিল৷ গোষ্ঠী নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিলেও ভাৰতবর্ষ মূলতঃ আছিল ৰাছিয়া শিবিৰত৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ৱাশ্বিংটনৰ ইউৰোপীয় মিত্র ৰাষ্ট্র মূলতঃ আছিল বিপৰীত পক্ষত৷ বাংলাদেশ গঠনৰ সময়ত এই শক্তিটো ভাৰতৰ বিৰুদ্ধে থিয় দিছিল৷ কিন্তু সময়ৰ গতিত ভাৰতবর্ষৰ স্থিতি সলনি হ’বলৈ ধৰিলে৷ দেশখনে বিৰামহীনভাৱে কৰা শ্রমৰ সুফল লাহে লাহে পাবলৈ ধৰিলে৷ ভাৰত এতিয়া আমেৰিকাৰো মিত্র, ৰাছিয়াৰো মিত্র৷ দেশখন ইৰানৰো বন্ধু আৰু ইজৰাইলৰো পৰম মিত্র৷ বছৰ বছৰ ধৰি আমাৰ দেশখনে লাভ কৰি অহা দক্ষ কূটনীতিকৰ অতুল্য সেৱাৰ বাবে দক্ষিণ–পূব এছিয়াৰ অন্যতম শক্তিধৰ ৰাষ্ট্রখনক কোনেও নিজৰ শিবিৰত বন্দী কৰি ৰাখিব নোৱাৰিলে৷ ভাৰত আত্মনির্ভৰশীল বৈদেশিক নীতিৰ দেশ হৈ বিশ্বৰ বুকুত উজলি থাকিল৷ ইয়াৰ শেহতীয়া উজ্জ্বল নিদর্শন ইডএইত হিন্দু মন্দিৰ মুকলি৷ আৰব বিশ্বত বিশেষকৈ ইডএইত হিন্দুৰ বাবে এটা মন্দিৰ নির্মাণ হ’ব পাৰে, এইটো কিছুবছৰ পূর্বলৈকে কল্পনাৰ বিষয়েই নাছিল৷ আজি এইটো বাস্তৱ হৈ পৰিল৷ আজিৰ তাৰিখত কূটনৈতিক জগতখনত ভাৰতক চেম্পিয়ন বুলিলে বঢ়াই কোৱা নহয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্ব আৰু বিদেশ মন্ত্রী এছ জয়শংকৰৰ পাৰদর্শিতাত দেশখনে আন্তর্জাতিক ক্ষেত্রখনত প্রতিটো সমস্যা আৰু সংকটৰ পৰা সফলতাৰে নিজকে মুক্ত কৰি কৃতিত্বৰ পদচিহ্ণ এৰি থৈ আহিবলৈ সক্ষম হৈছে৷
ভাৰতবর্ষৰ নতুন প্রভাৱ আৰু শক্তিৰ লগতে কূটনৈতিক শক্তিৰ বাবেহে আৰব বিশ্বত মন্দিৰ নির্মাণ আৰু মুকলি সম্ভৱপৰ হৈছে৷ কোৱা হয়- দেশ এখনৰ বৈদেশিক নীতি এটা ধাৰাবাহিক প্রক্রিয়া৷ চৰকাৰ সলনি হ’লেও বৈদেশিক নীতি সলনি নহয় অথবা একে ৰাতিতে সম্পূর্ণ ওলোটামুৱা নহয়৷ আমাৰ দেশখনত অন্তিমবাৰৰ বাবে ২০১৪ চনত চৰকাৰ সলনি হৈছিল৷ তাৰে পাছৰে পৰা নৰেন্দ্র মোদীৰ নেতৃত্বত চৰকাৰখনে কার্যনির্বাহ কৰি আছে৷ অৱশ্যে ইয়াৰ মাজতে চৰকাৰখনৰ কার্যকাল শেষ হৈছিল যদিও সাধাৰণ নির্বাচনৰ জৰিয়তে পুনৰবাৰ শাসনলৈ আহে৷ এই সময়ছোৱাত চৰকাৰখনে বৈদেশিক নীতিৰ ক্ষেত্রত নতুন দিশ হাতত লৈছে৷ পাকিস্তানৰ ক্ষেত্রত নতুন দিল্লীৰ নীতি আগ্রাসী হৈ পৰিছে৷ চীনৰ ক্ষেত্রত বৈদেশিক নীতিৰ আমূল পৰিৱর্তন ঘটিছে৷ আনকি আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষেত্রতো ভাৰতৰ নীতি চকুত চকু থৈ কথা পতাৰ হৈছে৷ ইমানখিনি সম্ভৱপৰ হৈছে দেশখনৰ পাৰদর্শী কূটনীতিৰ বাবে৷ নতুন দিল্লীৰ এনে কূটনৈতিক বিজয়ক সমগ্র বিশ্বই শেহতীয়াকৈ দেখিছে কাটাৰৰ ক্ষেত্রত৷ দেশখনে ভাৰতবর্ষৰ শক্তি–সামর্থ্যক উপলুঙা কৰি আঠগৰাকী প্রাক্তন নৌসেনাৰ বিষয়াক মৃত্যুদণ্ড দিয়ে৷ সমগ্র বিষয়টোত নতুন দিল্লীয়ে যাতে অলপো সুযোগ নাপায়, তাৰ বাবে সকলো কাম কাল বিলম্ব নকৰাকৈ কৰা হয়৷ কিন্তু আজিৰ ভাৰত এখন ভিন্ন ভাৰত৷ আঠজনকৈ নাগৰিকক মৃত্যুদণ্ড দিলে দেশখনৰ ৰাজনৈতিক তথা কূটনৈতিক নেতৃত্ব হাত সাবটি বহি থাকিবনে? মৃত্যুমুখৰ পৰা আঁজুৰি আনিব ভাৰতীয়ৰ প্রাণ৷ কাটাৰ চৰকাৰে চোৰাংচোৱাগিৰিৰ অভিযোগত তেওঁলোকক গ্রেপ্তাৰ কৰোঁতে ভাৰতীয় দূতাবাসক জনোৱা নাছিল৷ লৰালৰিকৈ মৃত্যুদণ্ড বিহা হৈছিল৷ বিশেষ সূত্রে পৰিয়ালৰ লোকে সকলো জানিব পাৰি ভাৰত চৰকাৰৰ শৰণাপন্ন হয়৷ তাৰ পাছৰে পৰা তেওঁলোকক মৃত্যুমুখৰ পৰা উলিয়াই আনি স্বদেশলৈ সুকলমে ঘূৰাই অনাটোক মিছন হিচাপে লয় চৰকাৰ তথা বৈদেশিক মন্ত্রালয়ে৷ কামটো সহজ নাছিল৷ কিন্তু কূটনৈতিক ক্ষেত্রখনৰ চেম্পিয়ন ভাৰতবর্ষই সেই কাম দক্ষতাৰে সম্পূর্ণ কৰিলে৷ কেউগৰাকী প্রাক্তন নৌসেনা বিষয়াৰ শাস্তি ৰেহাই হ’ল, কাৰাগাৰৰ পৰা মুক্ত হ’ল আৰু এজনৰ বাহিৰে বাকীকেইজন ইতিমধ্যে স্বদেশো আহি পালে৷

You might also like