নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : মৰঙিৰ তেলগৰমৰ পংকাগ্ৰান্টত আজি এগৰাকী কিশোৰীৰ সন্দেহজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে, অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী দিনৰ ভাগত ঘৰত অকলশৰে আছিল আৰু দুপৰীয়া পৰিয়ালৰ লোকে আহি কিশোৰীগৰাকীৰ মৃতদেহ ঘৰৰ চালৰ বাঁহত ওলমি থকা অৱস্থাত দেখা পাই হুৱাদুৱা লগায়৷ স্থানীয় লোকৰ সন্দেহ- ঘৰত কোনো নথকাৰ সুযোগতে কোনো দুৰ্বৃত্তই কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰি হত্যাৰ পাছত তাক আত্মহত্যাৰ ৰূপ দিবলৈকে সেইদৰে মৃতদেহটো ওলোমাই থৈ যায়৷ ঘটনা সন্দৰ্ভত লগে লগে নুমলীগড় আৰক্ষী থানাক জনোৱা হয়৷ নুমলীগড় থানাৰ আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ নুমলীগড় আৰক্ষীয়ে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰিছে৷ প্ৰাপ্ত তথ্য মতে, এটা ফাইনেন্স কোম্পানীৰ যুৱক এজনে ঘটনাৰ কিছু সময় পূৰ্বে কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ নাম কৈ ঘৰটো দেখুৱাই দিবলৈ এজন লোকক কৈছিল৷ ফাইনেন্স কোম্পানীৰ উক্ত যুৱকজনেই সেই নাৰকীয় কাণ্ড সংঘটিত কৰাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷
প্ৰেৰক অৰ্ণৱ শইকীয়া