নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্ঞানবাপীত পূজা চলি থাকিব…

🔹মছজিদ কৰ্তৃপক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : জ্ঞানবাপীৰ ‘বেছমেণ্ট’ত পূজা কৰাৰ অনুমতিক প্ৰত্যাহ্বান জনাই মছজিদ কৰ্তৃপক্ষই জনোৱা আবেদন নাকচ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। অৰ্থাৎ পূজা কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই। সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে। শুনানি কালত মছজিদ সমিতিৰ আবেদন নাকচ কৰে ন্যায়াধীশগৰাকীয়ে। এই ৰায়দানৰ পিছতে হিন্দু ধৰ্মাৱলম্বী লোকসকলে আনন্দ প্ৰকাশ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত হিন্দুসকলৰ অধিবক্তা প্ৰভাস পাণ্ডেই কয় যে সনাতন ধৰ্মৰ বাবে এয়া এক ডাঙৰ জয়। মুছলমান পক্ষই পুনৰ আদালতৰ কাষ চাপিব পাৰে। অৱশ্যে পূজা বা আৰতিত বাধা নাথাকিব। উল্লেখ্য যে বাৰাণসী জিলা আদালতে জ্ঞানবাপীৰ ‘বেছমেণ্ট’ত পূজাৰ অনুমতি দিয়া ৰায়দানৰ পিছতে ২ তাৰিখে মছজিদ কৰ্তৃপক্ষই পূজাৰ অনুমতিক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷

You might also like