বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : বন্ধুৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক। পৰিণতিত সংঘটিত কৰিলে এক ভয়াৱহ ঘটনা। পত্নীক হত্যা কৰি মৃতদেহৰ কাষত বহি ভিডিঅ’ বনালে স্বামীয়ে। যিটো পিছত তেওঁ হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰে। গুজৰাটৰ ৰাজকোটত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। উল্লেখ্য যে গুজৰাটৰ ৰাজকোটৰ বাসিন্দা অম্বিকা জিৰ’লিৰ স্বামী গুৰুপা জিৰ’লি। আৰক্ষীৰ সূত্ৰ অনুসৰি, দম্পতীটোৰ দুটা সন্তানো আছে। মঙলবাৰে পুৱা ঘৰতে গুৰুপাই হত্যা কৰে পত্নীক। পত্নীক হত্যা কৰি মৃতদেহৰ কাষত বহি ভিডিঅ’ও বনায় স্বামীয়ে। ইয়াৰ পিছতে WhatsApp গ্ৰুপত উক্ত ভিডিঅ’ শ্বেয়াৰ কৰে তেওঁ। তাতে তেওঁ পত্নীৰ ব্যভিচাৰ আৰু বৈবাহিক বিবাদৰ কথা কয়। গুৰুপাই দাবী কৰে যে তেওঁৰ পত্নীৰ বন্ধুৰ সৈতে বিবাহবহিৰ্ভূত সম্পৰ্ক আছিল। সেই কথা গম পোৱাৰ পিছতে তেওঁলোকৰ সংসাৰত অথন্তৰ লাগিবলৈ আৰম্ভ হয়। এটা সময়ত অম্বিকাই প্ৰেমিকৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু গুৰুপাই নিজ সন্তানৰ ব’ৰ্ড পৰীক্ষাৰ দোহাই দি সেই সিদ্ধান্ত পৰিহাৰ কৰিবলৈ কয়। পৰীক্ষাৰ পিছত আলোচনা কৰি সিদ্ধান্ত ল’ব বুলি পত্নীক জনায় গুৰুপাই । কিন্তু অম্বিকাই সেই কথা মানি ল’ব বিচৰা নাছিল। ভিডিঅ’টোত কোৱা মতে, ইয়াৰ পিছতে তেওঁ খঙত পত্নীক হত্যা কৰিছিল। তদুপৰি তেওঁ নিজেই আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে গুৰুপাক গ্ৰেপ্তাৰ কৰিছে।