ভাৰতীয় জ্ঞান পৰম্পৰা : জ্যোতির্বিদ্যা
🔹 ড০ মালিনী গোস্বামী
মূৰৰ ওপৰৰ আকাশখনত মানুহৰ চিৰন্তন কৌতূহল নিবিষ্ট হয়৷ উন্মুক্ত প্রকৃতিৰ বুকুত বসবাস কৰা মানুহে বহল পথাৰত, সাগৰৰ পাৰত, মৰুভূমিত আনকি নিজৰ চোতালখনত বহিলেই দৃষ্টিয়ে সামৰি ল’ব পৰা আদিগন্ত বিস্তীর্ণ আকাশখনে শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে বিভোৰ কৰি ৰাখিছিল৷ মহানগৰীত জহকালি শীতল উশাহ দুটামান ল’বলৈ বুলি ছাদৰ ওপৰলৈ গৈ শুকান ৰুটীখনৰ সমান আকাশখনত চকু পৰিলে উল্কা, পপীয়া তৰা, ৰঙাকৈ মংগল গ্রহটো, ধ্রুৱতৰাটো, সপ্তর্ষিমণ্ডলটো বিচাৰি ফুৰা যায়৷ তেনেস্থলত প্রাচীন বিদ্বানসকলে অগণন তৰা টিপটিপাই থকা আকাশখনত চাই কেৱল সাধুকথাহে যে ৰচি গৈছিল তেনে নহয়৷ বৰং বৈদিক যুগতে তৰাবোৰ চিহ্ণিত কৰি সিহঁতৰ গতিবিধি লক্ষ্য কৰি, সিহঁতৰ লগত পৃথিৱীৰ সম্পর্ক স্থাপন কৰিবলৈ অধ্যয়নত ব্রতী হৈছিল৷ উল্কাপাত, সূর্য আৰু চন্দ্রগ্রহণ, দিন আৰু ৰাতি, ঋতু পৰিৱর্তন আদি বিভিন্ন প্রাকৃতিক ঘটনা–পৰিঘটনাৰ ওৰ পাবলৈ চেষ্টা কৰিছিল৷ বেদৰ অংগৰূপে এই আকাশ–অধ্যয়নৰ বিদ্যাক জ্যোতিঃ বেদাংগ বুলি স্বীকৃতি দিছিল৷ তাৰ পৰাই ভাৰতত সূচনা হয় জোতির্বিদ্যাৰ৷ পৃথিৱীৰ লগত জ্যোতিষ্কবোৰৰ সম্বন্ধ আৰু প্রভাৱ নিৰূপণ কৰিবলৈ যাওঁতে সূচনা হ’ল জ্যোতিৰ (Astrology) নামৰ বিদ্যাৰ৷ বৈদিক যুগৰ ভাৰতীয় জ্যোতির্বিজ্ঞানীয়ে ৰচনা আৰু সংকলন কৰি থৈ যোৱা জ্যোতির্বেদাংগ দুটা পাঠশাখাত নামি আহিছে৷ তেনে গ্রন্থত লিপিবদ্ধ হোৱা মতে সূর্য আৰু চন্দ্রৰ উদয়–অস্ত নিৰীক্ষণ কৰি বাৰটাকৈ মাহ একগোট কৰি বৎসৰ নিৰূপণ কৰা হয়৷ সেইমতে সৌৰ আৰু চন্দ্র– এই দুটা বছৰৰ মাজত এঘাৰটা দিনৰ ব্যৱধান নিৰূপণ কৰিছিল৷ দুয়োটা ৰীতিত উলিওৱা বছৰৰ মাজত সমতা ৰাখিবৰ বাবে প্রতি তিনি বছৰত চান্দ্র বছৰত এটা মাহ অতিৰিক্তভাৱে যোগ দিয়া হৈছিল৷ সেইমতে এটা চান্দ্র মাহৰ দুটা পক্ষ গণনা কৰি দেখুওৱা হৈছে৷ সূর্য আৰু চন্দ্রৰ গতি আৰু আকাশমার্গত স্থান পৰিৱর্তনৰ কথা কোৱা জ্যোতিষ বেদাংগত লক্ষ্য কৰা হৈছে৷ বিশেষকৈ সূর্যৰ স্থান পৰিৱর্তনৰ বিষয়ত আৰু তাৰ ফলত হোৱা দিন–ৰাতিৰ কাল টুটা–বঢ়া হোৱাটোও বৈদিক জ্যোতির্বিজ্ঞানীয়ে লক্ষ্য কৰিছিল৷ তেনেকে অয়ন মণ্ডলৰ মধ্যৱর্তী কাল এটা স্থিৰ কৰিছিল৷ তাক ‘বিষ্ণু পদ’ বোলা হৈছে৷ বৈদিক সাহিত্যত সূর্যকে বিষ্ণু বোলা হৈছে৷ এনেদৰে আজিৰ বিষ্ণু সংক্রান্তিৰ (vernal equinox) কাল অধ্যয়ন কৰিছিল৷ জ্যোতিষ বেদাংগত বিষুৱ সংক্রান্তিক ‘বিষ্ণুপদ’ আৰু মকৰ সংক্রান্তিক ‘হৰিপদ’ বোলা হৈছে৷ এই গ্রন্থত পঞ্জিকা (calender) প্রস্তুতকৰণৰ প্রচেষ্টাৰ আৰম্ভণি মাত্র দেখা যায়৷ গ্রীকসকল নিজৰ ৰীতিৰে পঞ্জিকা তৈয়াৰ কৰাত পাকৈত আছিল বুলি জনা যায়৷ বৈদিক যুগৰ পৰা কালিদাসৰ যুগলৈ গ্রীকসকলৰ লগত ভাৰতীয় মনীষীৰ সঘন যোগাযোগ ঘটিছিল বুলি কাব্য–নাটকত পোৱা উল্লেখৰ পৰা বুজা যায়৷
পঞ্চম শতিকাত পাটলিপুত্র নিৱাসী আর্যভট্টৰ ৰচনাত কেইজনমান অগ্রজ জ্যোতির্বিদৰ নাম পোৱা যায় যদিও তেখেতসকলৰ অধ্যয়ন আৰু অৱদান সম্পর্কে জনা নাযায়৷ আর্যভট্ট নিশ্চিতভাৱে এজন প্রসিদ্ধ জ্যোতির্বিদ আছিল বুলি তেওঁৰ ‘আর্যভটীয়’ নামে প্রসিদ্ধ গ্রন্থৰ পৰা জানিব পাৰি৷ আর্যভট্টৰ মনোযোগ পৃথিৱীখনৰ ওপৰত অধিককৈ আছিল৷ ইয়াৰ দৈনিক আৰু বাৎসৰিক গতি, চন্দ্র আৰু পৃথিৱীৰ সম্পর্ক আৰু দুয়োটা জ্যোতিষ্কৰ গতি ইত্যাদিৰ লগতে পৃথিৱীৰ আকাৰ–আকৃতি, জোখ–মাপ গ্রহণৰ লক্ষণ, সময় আদি নির্ধাৰণৰ চেষ্টা ‘আর্যভটীয়’ত হোৱা যায়৷ পৃথিৱী আৰু আনবোৰ জ্যোতিষ্ক যে ঘূৰণীয়া সেই কথা এই গ্রন্থত স্পষ্টকৈ কোৱা হৈছে৷ এইজনা বিজ্ঞানী প্রধানকৈ গ্রহণ অধ্যয়নত মনোযোগী আছিল৷
ব্রহ্মগুপ্ত নামৰ ষষ্ঠ শতিকাৰ প্রথমার্ধৰ গণিতজ্ঞ জ্যোতির্বিজ্ঞানীজনৰ দুখন গ্রন্থ পোৱা যায়, ‘স্ফুটসিদ্ধান্ত’ আৰু ‘কৰণখণ্ডসিদ্ধান্ত’৷ দুয়োখন গ্রন্থত জ্যোতির্বিজ্ঞানতকৈ অংকশাস্ত্রৰ আলোচনা সৰহকৈ পোৱা যায়৷ সমগ্র বিশ্ববাসীৰ বাবে ব্রহ্মগুপ্তৰ মহত্ত্বম অৱদান হৈছে ‘০’ (শূন্য)৷ শূন্যৰ উদ্ভাৱনে অংকশাস্ত্রলৈ যুগান্তকাৰী পৰিৱর্তন আনিলে৷ ব্রহ্মগুপ্তই দশমিকৰ (decimal) ব্যৱহাৰ আৰু ভগ্ণাংশৰ উদ্ভাৱন আৰু প্রয়োগেৰে সঠিক আৰু বিশুদ্ধ গণনা (accuracy) ৰক্ষা হোৱাত গুৰুত্ব দিছিল৷
ব্রহ্মগুপ্তৰ উপযুক্ত শিষ্য ভাস্কৰাচার্যৰ দুখন গ্রন্থ পোৱা যায়, যেনে– ‘সিদ্ধান্ত শিৰোমণি’ আৰু ‘কৰণ কুতুহল’৷ বীজগণিত, চোলাধ্যায় (sphere) গ্রহগণিত (planetary arithmatic), চক্রৱাল পদ্ধতি (cyclic method) আদি বিষয় উক্ত দুয়োখন গ্রন্থত স্পষ্টকৈ আৰু সুকীয়া সুকীয়া অধ্যায়ত আলোচিত হৈছে৷
বৰাহমিহিৰ আৰু ব্রহ্মগুপ্তই জ্যোতির্বিদ্যা চর্চালৈ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ এই কথা সর্বজনজ্ঞাত যে জ্যোতির্বিদ্যা আৰু গণিতৰ অংগাংগী সম্পর্ক আছে৷ সেই হিচাপে এইসকল জ্যোতির্বিদ গণিতজ্ঞ পণ্ডিতো আছিল৷ বৰাহমিহিৰৰ সূর্যসিদ্ধান্ত নামৰ গ্রন্থত পাঁচ প্রকাৰ গণনাবিধিৰ প্রয়োগৰ কথা পোৱা যায়৷ তাৰে দুই বিধক তেওঁ নিজে ৰোমশ আৰু পৌলিশ বুলি নামকৰণ কৰিছে৷ আধুনিক গৱেষকে দুয়োটা শব্দৰ বিদেশী উৎস নিৰূপণ কৰি বৰাহমিহিৰৰ গ্রীক, ৰোমান আৰু পৌলাশ ফেশত প্রচলিত গণনা পদ্ধতিৰ বিষয়ে সবিশেষ জ্ঞান থকাৰ ব্যাখ্যা সাব্যস্ত কৰিছে৷ তদুপৰি বৰাহমিহিৰে যথেষ্ট পৰিমাণে অংকৰ গ্রীক পৰিভাষা ব্যৱহাৰ কৰিছে৷ আনকি ৰাশিচক্রৰ বাৰটা চিহ্ণৰ ভাৰতীয় নামৰ লগত সমান্তৰালভাৱে গ্রীক পৰিভাষাসমূহো উল্লেখ কৰি গৈছে৷ বৰাহমিহিৰৰ ৰচনাত বহু পশ্চিম দেশৰ নাম পদ্ধতি, প্রয়োগ আদি দেখি আধুনিক গৱেষকসকলে ভাবে যে হয় তেওঁৰ প্রাচীন গ্রীক আদি জ্যোতির্বিদৰ লগত সম্পর্ক আছিল৷ সেই দেশৰ জ্যোতির্জ্ঞান তেওঁ অধ্যয়ন কৰিছিল অথবা তেওঁ নিজে বিদেশী আছিল৷ জীৱনৰ পিছৰছোৱা কালত সংস্কৃত শিকি, লিখি এই দেশত স্থায়ীকৈ ৰৈ গৈছিল৷ আনকি তেওঁৰ নামটো পহ্লৱী শব্দ ‘বর্হম্’ আৰু ‘মিহিৰ’ (সং–বৃত্রঘ্ণ আৰু মিত্র) শব্দ দুটাৰ সমষ্টি বুলি ভাবে৷ কিন্তু সি আধুনিক পণ্ডিতৰ অনুমানহে৷ বৰাহমিহিৰৰ পাঁচখন সংস্কৃত ভাষাৰ গ্রন্থৰ নাম জনা যায়৷ নাম হ’ল– ‘বৃহজ্জাতক’, ‘বৃহৎসংহিতা’, ‘খণ্ডকসিদ্ধান্ত’ আৰু ‘স্কুটসিদ্ধান্ত৷’ তাৰে বর্তমান উপলব্ধ খণ্ডটিৰ নাম হৈছে ‘সূর্যসিদ্ধান্ত’ আটাইকেইখনক একেলগে পঞ্চসিদ্ধন্তিকা বোলা হয়৷ অধ্যাপক হুইট্নিয়ে শেষৰ এই খণ্ডটি ইংৰাজী ভাষালৈ অনুবাদ কৰি গৈছে৷ উজ্জয়িনীৰ আদিত্যদাস নামৰ গণিতজ্ঞ পণ্ডিতজন বৰাহমিহিৰৰ পিতৃ আছিল৷ ইণ্ডো–গ্রীক ক্ষত্রপসকলৰ ৰাজসভাত দুয়ো পিতা–পুত্রৰ উচ্চ স্থান আৰু সন্মান আছিল৷
ওপৰত কেইজনমান মাত্র জ্যোতির্বিজ্ঞানীৰ উল্লেখেৰে প্রাচীন কালৰে পৰা ভাৰতত জ্যোতির্বিদ্যাৰ চর্চাৰ ইংগিত মাত্র দিয়া হ’ল৷ পৰৱর্তী কালত সংস্কৃত আৰু প্রাকৃত ভাষাত ৰচিত ভালেমান এনে গ্রন্থৰ নাম ইতিহাসত লিপিবদ্ধ হৈছে৷
তদুপৰি নতুন দিল্লী, জয়পুৰ, উজ্জয়িনীত সংৰক্ষিত জন্তৰ–মন্তৰসমূহে (যন্ত্র–মন্ত্র) ভাৰতত জ্যোতির্বিদ্যাৰ বিস্তৰ চর্চাৰ প্রমাণ দিয়ে৷ এইসমূহ আছিল নিৰীক্ষণ কেন্দ্র (observatories) মধ্যযুগত সম্রাট জাহাংগীৰ আৰু জয়পুৰৰ ৰজা চেৱাই জয়সিংহৰ জ্যোতির্বিদ্যা আৰু গণিত চর্চাত উৎসাহ আৰু পৃষ্ঠপোষকতাৰ কথা বহু ঠাইত বহলকৈ পঢ়িবলৈ পোৱা যায়৷ গ্রীকসকল আৰু আৰৱসকলৰ লগত এই দুই বিদ্যাৰ আদান–প্রদান চলিছিল৷ আৰৱসকলৰ অংকশাস্ত্রই ভাৰতীয় গণিতজ্ঞকো প্রভাৱিত কৰিছিল৷ জ্যোতির্বিদ্যা আৰু গণিত বা অংকবিদ্যাৰ সমান্তৰাল উৎকর্ষই বিশ্বৰ প্রাচীন সভ্য জাতিসমূহক আকাশ ধিয়াই আগবঢ়াৰ সপোন দেখুৱাইছিল৷ তাৰে বিৱর্তন আৰু উৎকর্ষই ইছৰো, নাছা আদি অনুষ্ঠানৰ বিজ্ঞানীক গ্রহে–নক্ষত্রই ঘূৰি ফুৰিবলৈ বাট দেখুৱাই থৈ গৈছে৷ প্রাচীন জ্যোতির্বিজ্ঞানীসকলক এবাৰ স্মৰণ কৰি প্রাচীন পথ প্রদর্শকসকলৰ লগতে সুসমৃদ্ধ ভাৰতীয় জ্ঞান পৰস্পৰাৰ প্রতি শ্রদ্ধাত প্রতিজন ভাৰতীয় আজি নতশিৰ হোৱা উচিত৷
লেখক যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য