নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈৰ নেতৃত্বত গঠন হ’ব নতুন আঞ্চলিক দল

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অখিল গগৈৰ নেতৃত্বত গঠন হ’ব এটা নতুন আঞ্চলিক দলৰ৷ মাওবাদীৰে সম্পর্ক ৰক্ষাৰ অভিযোগত সম্প্রতি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতাজনে নতুন ৰাজনৈতিক দল গঠনৰ চিন্তা–চর্চাৰ কথা স্পষ্ট কৰিছে৷

কাৰাগাৰত বৃহস্পতিবাৰে কৃষক নেতাজনক সাক্ষাৎ কৰিবলৈ যোৱা একালৰ সতীর্থ তথা প্রদেশ কংগ্রেছৰ মুখপাত্র কমল কুমাৰ মেধিৰ আগত ৰাজনৈতিক দল গঠনৰ কথা ব্যক্ত কৰিছে৷ সাক্ষাতৰ অন্তত কমল কুমাৰ মেধিয়ে সাংবাদিকক বিষয়টো সন্দর্ভত কয়– এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে অখিল গগৈ সামগ্রিকভাৱে প্রস্তুত৷ এই প্রসংগতে বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল এটা তেওঁৰ নেতৃত্বত গঠন কৰাৰ কথা উল্লেখ কৰিছে৷ জাতীয়তাবাদী, সংগ্রামী আৰু আপোচহীন ৰাজনৈতিক দল গঠনৰ বাবে অখিল গগৈয়ে যি চিন্তা–চর্চা কৰিছে তাক জাতীয় কংগ্রেছে আদৰণি জনাইছে৷

মন কৰিবলগীয়া যে কাৰাগাৰত অখিল গগৈক কমল কুমাৰ মেধিৰ নেতৃত্বত এটা দলে সাক্ষাৎ কৰি শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দর্ভত দীঘলীয়া আলোচনা কৰে৷ ইফালে কেন্দ্রীয় কাৰাগাৰৰ ভিতৰতে ১ মার্চত অখিল গগৈসহ কাৰাৰুদ্ধ নেতাসকলে ‘কা’ প্রত্যাহাৰৰ দাবীত ২৪ ঘণ্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰিব৷ এই সন্দর্ভত এক বিবৃতিযোগে কৃষক মুক্তি সংগ্রাম সমিতিয়ে উল্লেখ কৰে যে ‘কা’বিৰোধী মহাসংগ্রামক অধিক উৎসাহিত কৰাৰ বাবে এই আন্দোলনৰ কার্যসূচী গ্রহণ কৰা হৈছে৷ সাময়িকভাৱে দুর্বল হোৱা ‘কা’বিৰোধী ৰাইজৰ সংগ্রাম অধিক তীব্রতৰ কৰাৰ বাবেও কৃষক মুক্তিয়ে আহ্বান জনাইছে৷

You might also like