ধৰমশালাত ইনিংছ ব্যৱধানত জয়লাভ টীম ইণ্ডিয়াৰ
🔹 মেচৰ শ্রেষ্ঠ কুলদীপ : শৃংখলাৰ শ্রেষ্ঠ জয়ছোৱাল
🔹 ৪–১ত শৃংখলা জয় ঘৰুৱা দলৰ
বিশেষ বাৰ্তা, ৯ মার্চ : তিনি দিনতে ধূলিসাৎ হ’ল ইংলেণ্ডৰ বাজবল নীতি ৷ ৰবিচন্দ্রন অশ্বিন আৰু কুলদীপ যাদৱৰ স্পিনভেল্কীত ধৰমশালা টেষ্টত তিনি দিনতে বিধ্বস্ত হ’ল বেন ষ্ট’কছৰ ইংৰাজ বাহিনী৷ ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই ধৰমশালা টেষ্টত ১ ইনিংছ আৰু ৬৪ ৰানত জয়লাভ কৰে৷ টেষ্টখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দল ভাৰতে পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটো ৪–১ৰ ব্যৱধানত দখল কৰে৷ টেষ্টখনত তিনি দিনতে বিধ্বস্ত হোৱাৰ মূলতে হ’ল দলটোৰ বেটিং বিপর্যয়৷ প্রথম ইনিংছত ২১৮ ৰান কৰাৰ পিছত আজি তৃতীয় দিনা দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি অশ্বিন আৰু কুলদীপৰ যাদুকৰী স্পিনৰ লগতে যশপ্রীত বুমৰাহৰ পেচ বলিঙত দিশহাৰা হৈ ইংলেণ্ডে ৪১.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৯৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দলটোৰ ছয়গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ নকৰাকৈ পেভিলিয়নমুখী হয়৷ ভাৰতীয় দলটোৰ বলাৰক একমাত্র প্রত্যাহ্বান জনোৱা ইংৰাজ দলটোৰ বেটাৰগৰাকী হ’ল জ’ ৰুট৷ ৰুটে ১২৮টা বলৰ সন্মুখীন হৈ ১২টা চাৰিৰে ৮৪ ৰানৰ অৱদান আগবঢ়ায়৷ দলটোৰ হৈ দ্বিতীয় সর্বাধিক ৩৯ ৰান কৰে জ’নী বেয়াৰষ্ট’ৱে৷ ইফালে, ট’ম হার্টলেই ২০, অ’লি প’পে ১৯ আৰু ছোৱাইব বছিৰে ১৩ ৰানৰ অৱদান আগবঢ়ায়৷ দলীয় স্ক’ৰ ২১ ৰানতে দুয়োগৰাকী অ’পেনাৰক হেৰুৱায় ইংলেণ্ডে৷ দলীয় স্ক’ৰ ২ ৰানত বেন ডাকেটে ২ ৰান কৰি বিদায় লোৱাৰ পিছত দলীয় স্ক’ৰ ২১ ৰানত জেক ক্র’লিয়ে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ইয়াৰ পিছতে বিপর্যয়ে লগ দিয়ে ইংলেণ্ডক৷ অধিনায়ক বেন ষ্ট’কছ পুনৰ ব্যর্থ হয়৷ মাত্র ২ ৰান কৰি বিদায় লয় অধিনায়কগৰাকীয়ে৷ ইফালে, বেন ফ’কছে ৮ আৰু মার্ক উডে কোনো ৰান নকৰাকৈ বিদায় লয়৷ টীম ইণ্ডিয়াৰ হৈ অশ্বিনে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে কুলদীপ আৰু বুমৰাহ উভয়ে দুটাকৈ তথা জাদেজাই এটা উইকেট লাভ কৰে৷ মন কৰিবলগীয়া যে অশ্বিনে প্রথম ইনিংছতো চাৰিটা উইকেট লাভ কৰি টেষ্টখনত মুঠ ৯টা উইকেট দখল কৰে৷ ইফালে, দ্বিতীয় দিনা ৮ উইকেটত কৰা ৪৭৩ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি টীম ইণ্ডিয়াই আজি ৪৭৭ ৰানত প্রথম ইনিংছ সামৰে৷ আগদিনা ২৭ ৰান কৰি থকা কুলদীপ যাদৱে আজি ৩০ ৰানত বিদায় লোৱাৰ বিপৰীতে আগদিনা ১৯ ৰানত অপৰাজিত হৈ থকা বুমৰাহে আজি ২০ ৰান কৰি পেভিলিয়নমুখী হয়৷ ইংলেণ্ডৰ হৈ ছোৱাইব বচিৰে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে এণ্ডাৰছন আৰু হার্টলে উভয়ে দুটা তথা বেন ষ্ট’কছে এটা উইকেট লাভ কৰে৷ টেষ্টখনত মুঠ ৭টা উইকেটৰ লগতে ৩০ ৰানৰ অৱদান আগবঢ়োৱা টীম ইণ্ডিয়াৰ কুলদীপ যাদৱে শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ লগতে শৃংখলাটোত মুঠ ৭১২ ৰান কৰা যশস্বী জয়ছোৱালে শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে৷