নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীয়ে নতুন প্ৰজন্মক আন্দোলনমুখী কৰিব বিচাৰে : মুখ্যমন্ত্ৰী

মাৰ্ঘেৰিটাত ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ আজি মাৰ্ঘেৰিটাৰ বৰগোলাই দিহিঙ ক্ৰীড়া প্ৰকল্প খেলপথাৰত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগোলাইত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে সমগ্ৰ দেশৰ লগতে অসমৰ ৰাইজে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধান মন্ত্ৰী হোৱা বিচাৰে। ভাষণত বিৰোধী ৰাজনৈতিক দল সমূহক তীব্ৰ সমালোচনা কৰি কয় আগতে অসমত যি অশান্তিৰ পৰিবেশ আছিল আজি সেই পৰিবেশ নাই। বিজেপি দলে অসমত শান্তিৰ পৰিবেশ সৃষ্টি কৰিছে। এতিয়া ইয়াত বন্দুকৰ গুলীৰ শব্দৰ ঠাইত শান্তিৰে আনন্দত বাস কৰে।অসমত এতিয়া উদ্যোগী কৰণৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰি কয় যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহি আছে। বিৰোধীক সমালোচনা কৰি কয় যে বিৰোধীয়ে নতুন প্ৰজন্মক আন্দোলনমুখী কৰাৰ বিপৰীতে বিজেপিয়ে কৰ্মমুখী কৰিব বিচাৰে। বিজেপি দলে প্ৰতিশ্ৰুতি দি ৰাখে বুলি উল্লেখ কৰি বিগত নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ইতিমধ্যে এক লাখক চৰকাৰী চাকৰি দিয়া হয়,মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কোৱাৰ বিপৰীতে ১৬ লাখক ঋণ ৰেহাই দিয়া হয় বাকী সকলকো পৰবৰ্তী সময়ত ৰেহাইৰ ব্যৱস্থা কৰা হ’ব। নতুনকৈ পঞ্চাছ হাজাৰ লোকক চৰকাৰী চাকৰি দিয়া হ’ব। লাখ লাখ লোকে ভূমি পট্টা পোৱা কথা উল্লেখ কৰি বাকী থকা সকলক বসুন্ধৰা তিনিৰ অধীনত ভূমি পট্টা দিয়া হ’ব বুলি জানিবলৈ দিয়ে। জাতীয়তাবাদী বুলি দাবী কৰা সকলে অসমক বিপথে পৰিচালিত কৰে বুলি সমালোচনা কৰে। কা’ নামত আন্দোলন কৰাৰ লগতে একাংশ ই প্ৰচাৰ কৰিছিল যে চি এ এ আনিলে দুই কোটি বিদেশী আনিব বুলি কোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে আজিপৰ্যন্ত মাত্ৰ এজন লোকেহে আবেদন কৰিছে। নতুন প্ৰজন্মক বিজেপিৰ লগত ঠিয় দিয়াৰ আহ্বান জনাই মুখ্য মন্ত্ৰী গৰাকীয়ে।যাতে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। লাখপতি, অৰুণোদয় এই বোৰ আঁচনি অবিৰত থকাৰ বিপৰীতে ঘৰৰ মুৰব্বী উপাৰ্জন ক্ষম লোক জনৰ বাবে এক বীমা আঁচনি বিজেপি চৰকাৰ আহিলে প্ৰবৰ্তন কৰা হ’ব বুলি জানিবলৈ দিয়ে। নিৰ্বাচনী সভা অনুষ্ঠিত হোৱা খেলপথাৰ খনত এখন উন্নত মানৰ ষ্টেডিয়াম বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্মাণ কৰিব খোজা বুলি জানিবলৈ দিয়ে। সমগ্ৰ দেশৰ মানুহে মোদীৰ গেৰান্টী বিশ্বাস কৰে আৰু অসমৰ ৰাইজে মোদীৰ গেৰান্টী লগতে মামাৰ ৱাৰেন্টি পায় । বিজেপি শাসনকালত দেশৰ অন্যান্য অংশৰ লগতে অসমতো উন্নয়ন আৰু বিকাশ হৈছে। অসমৰ অৰ্থনীতি লৈ বৰঙণি যোগোৱা মাৰ্ঘেৰিটা সমষ্টিৰ পৰা এক লাখৰো অধিক ভোটত সোণোৱাল আগবাঢ়ি থাকিব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে আশা কৰে। সভাত ৰামেশ্বৰ তেলী, ভাস্কৰ শৰ্মাৰ লগতে বহু কেইগৰাকী বিজেপি দলৰ স্থানীয় নেতা উপস্থিত থাকে। বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্প খেলপথাৰৰ অস্থায়ী হেলিপেডত অবতৰণ কৰি উপস্থিত হোৱা মুখ্য মন্ত্ৰী গৰাকীক বিপুল আদৰণি জনায়।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like