🔹 এজাক বৰষুণৰ বাবে আয়োজন কৰিলে ভেকুলীৰ বিয়া
নিয়মীয়া বাৰ্তা, ১৪ মে’ : এখন বিয়া ৷ সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে সমাপন কৰা হৈছে বিয়াখন । লোকে লোকাৰণ্য বিয়াথলী ৷ আয়তীৰ উৰুলি, বেণ্ডপাৰ্টীৰ শব্দত উদুলি-মুদুলি বিয়াঘৰৰ বাকৰি ৷ নোৱাই-ধুৱাই দৰা-কইনাক হোমৰ গুৰিত বহুৱাইছে ৰাইজে । মুঠতে কি নাই বিয়াখনত । বিয়াৰ আনন্দত এসাঁজ লগে-ভাগে উদৰ পূৰাই খাইছে ৰাইজে । বিয়াখনক লৈ আনন্দৰ সীমা নাই ৰাইজৰ ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছিৰ ৰজাগড়ৰ ব্যতিক্ৰমী বিয়াক লৈ ৰাইজৰ মাজত ব্যাপক আনন্দ ৷ কিন্তু এয়া কোনো ৰাজকুমাৰ বা ৰাজকুমাৰীৰ বিয়া নহয় । শেহতীয়াকৈ অনাবৃষ্টিৰ কবলত পৰা এটা বিশেষ অঞ্চলৰ ৰাইজে পতা ভেকুলীৰ বিয়াহে এয়া । অনাবৃষ্টিৰ কবলত পৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ মাজত ৷ কিয়নো চাহ খেতিকে জীৱিকা হিচাপে লৈ জীয়াই থকা অঞ্চলটোৰ ৰাইজৰ চাহ খেতি এইবেলি অনাবৃষ্টিৰ কবলত পৰি বিস্তৰ ক্ষতি হৈছে ৷ যাৰ বাবে এতিয়া ৰাইজ এজাক বৰষুণৰ অপেক্ষাত ব্যাকুল হৈ পৰিছে। বিজ্ঞানৰ এনেহেন জয়জয় ময়ময় দিনতো বৰষুণৰ আশাৰে ৰাইজে আজোককাৰ দিনৰ পৰম্পৰাৰে ভেকুলীৰ বিয়া পাতি বৰষুণৰ অপেক্ষা কৰিছে ৷ একবিংশ শতিকাত এয়া ৰাইজৰ অন্ধবিশ্বাসৰ চূড়ান্ত প্ৰতিফলন নে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰচেষ্টা, সেয়া একমাত্ৰ ৰাইজেহে জানিব ৷ অনাবৃষ্টিৰ ফলত চকুৰ সন্মুখতে নিজ খেতিডৰা এনেদৰে নষ্ট হৈ যোৱাত উপায়হীন ৰাইজে ইষ্টদেৱতাক সন্তুষ্ট কৰিবলৈ ঢোলে-ডগৰে ভেকুলীৰ বিয়া পাতিবলৈ ওলাই আহিছে । অনাবৃষ্টিৰ ফলত আজিও কঠীয়া সিঁচিব নোৱাৰি দিকবিদিক হেৰুৱাই পেলোৱা কৃষকৰ ওচৰত থিয় হ’বনে চৰকাৰ ? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷
প্ৰেৰক পিংকু কলিতা