অন্তিম দিনা সভাপতি পদৰ বাবে মনোনয়ন দাখিল ‘নিয়মীয়া বার্তা’ৰ মনোজ নাথৰ
গুৱাহাটী প্রেছ ক্লাবৰ ১০টা পদৰ ৪২টা প্রার্থী
নিয়মীয়া বাৰ্তা, ২ মার্চঃ গুৱাহাটী প্রেছ ক্লাবৰ সুদীর্ঘ ১৭ বছৰৰ পিছত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল প্রক্রিয়াৰ দেওবাৰে সামৰণি পৰে ৷ অন্তিম দিনালৈ সভাপতি–সাধাৰণ সম্পাদকসহ মুঠ ১০টা পদৰ বিপৰীতে নির্বাচনী সমিতিৰ হাতত মনোনয়ন–পত্র দাখিল কৰে ৪২জন প্রার্থীয়ে ৷ ইয়াৰ ভিতৰত সভাপতি পদত দুজন, উপ–সভাপতি (মুকলি) পদত ৫জন, উপ–সভাপতি (মহিলা) পদত তিনিগৰাকী, সাধাৰণ সম্পাদকৰ পদত চাৰিজন, সহকাৰী সাধাৰণ সম্পাদকৰ (মুকলি) চাৰিজন, সহকাৰী সাধাৰণ সম্পাদক (মহিলা) পদত চাৰিগৰাকী, সাংগঠনিক সম্পাদক পদত সাতজন, কোষাধ্যক্ষ পদত চাৰিজন, সাংস্কৃতিক সম্পাদক পদত পাঁচজন আৰু ক্রীড়া সম্পাদকৰ পদত চাৰিজন প্রার্থীয়ে মনোনয়ন–পত্র জমা দিছে ৷ অন্তিম দিনা মনোনয়ন–পত্র দাখিল কৰাসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ‘নিয়মীয়া বার্তা’ৰ বার্তা সম্পাদক মনোজ কুমাৰ নাথ ৷ গুৱাহাটী প্রেছ ক্লাবৰ নতুনকৈ গঠন হ’বলগীয়া কার্যনির্বাহক সমিতিৰ সভাপতি পদৰ বাবে নাথে মনোনয়ন–পত্র দাখিল কৰে ৷
মনোনয়ন–পত্র দাখিলৰ সময়ত নাথক সংগ দিয়ে ‘নিয়মীয়া বার্তা’ৰ কার্যবাহী সম্পাদক অমল দাস, সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়া, চীফ ৰিপ’টাৰ হেমন্ত কুমাৰ মজুমদাৰ, জ্যেষ্ঠ উপ–সম্পাদক নৱজিৎ তালুকদাৰ, ৰূপাংকৰ ডেকা, অজিত চহৰীয়া, ষ্টাফ ৰিপ’টাৰ অৰূপ কলিতা, খনিন ডেকা, উৎপল বৰুৱা, আব্দুল হালিম, ‘ইক’ন’মিক টাইমছ’ৰ সহকাৰী সম্পাদক বিকাশ সিং আৰু ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক পংকজ শর্মাকে ধৰি কেইবাজনো শুভাকাংক্ষী সাংবাদিকে ৷ মনোনয়ন–পত্র দাখিলৰ অন্তত সংবাদ মাধ্যমৰ আগত সভাপতি পদৰ প্রার্থী নাথে কয় যে সুদীর্ঘ ১৭ বছৰ ধৰি গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হোৱা নাই ৷ প্রতিজন সদস্য, সাংবাদিকে বিচাৰিছে গুৱাহাটী প্রেছ ক্লাবত পৰিৱর্তন আৰু গতিশীলতা৷ ময়ো ইয়াৰ অংশীদাৰ হৈয়ে নির্বাচনত অৱতীর্ণ হ’ব বিচাৰিছোঁ আৰু সভাপতি পদৰ বাবে মনোনয়ন আগবঢ়ালোঁ ৷ উল্লেখ্য যে ১২ মার্চত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হ’ব ৷ এই নির্বাচনক কেন্দ্র কৰি গুৱাহাটী প্রেছ ক্লাবৰ সদস্য, সাংবাদিকসকলৰ মাজত বিগত দিনকেইটাত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ৷